ড° নিৰ্মলপ্ৰভা বৰদলৈ(Nirmal Prabha Bordoloi) বিষয়ে চমুকৈ

° নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) আধুনিক অসমীয়া কবিতাৰ পথাৰত আৰু গীতিসাহিত্যত নিৰ্মলপ্ৰভা বৰদলৈৰ এক সুকীয়া আসন আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম. এ পাছ কৰি ১৯৫৮ চনত ভোলানাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগত যোগদান কৰে। ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপিকাৰূপে যোগ দিয়ে আৰু শেষত জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ পাঁচখন কবিতা পুথি। প্রথম কবিতা পুথি ‘বন ফৰিঙৰ ৰং’ (১৯৬৭), ‘দিনৰ পাছত দিন’ (১৯৭৭); ‘সমীপেষু’ (১৯৭৭); ‘অন্তৰঙ্গ’ (১৯৭৮) ‘সদীর্ঘ দিন আৰু ঋতু’; ‘শব্দৰ ইপাৰে সিপাৰে। তেওঁৰ গীতৰ পুথি দুখন ‘সোনবৰণীয়া আই’; ‘সুৰীয়া মাত’। ‘দেৱী’, ‘শিৱ’, ‘সূর্য’ তেওঁৰ গৱেষণাগ্রন্থ। ১৯৮৩ চনত ‘সুদীর্ঘ দিন আৰু ঋতু’ কবিতা পুথিৰ কাৰণে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনৰ সভানেত্রী পদ অংলকৃত কৰে। নিৰ্মলপ্ৰভা বৰদলৈয়ে কাব্যিক অনুভূতিক অতি সংক্ষিপ্ত ৰূপত বা সংবেদনশীল ভাৱত, সাৱলীল ভাষাত আৰু চিত্ৰধৰ্মী বৰ্ণনা অতি স্পষ্ট ৰূপত পৰিস্ফুটকৈ প্ৰকাশ কৰিছে। তেওঁ হেৰুৱা দিনলৈ উভতি চোৱাৰ প্ৰৱণতা, মনত লগা ভাব প্ৰৱণতাৰ চিত্ৰকল্প, নৈসর্গিক প্ৰকৃতিৰ লগত আত্মিকতা আৰু ব্যক্তিগত ভাব-অনুভূতিৰ আশা-নিৰাশা বেদনাৰ অনুপম চিত্ৰ অন্তৰস্পৰ্শী ৰূপত প্ৰকাশ কৰিছে।

Leave a Comment