Akhore Akhore Lyrics | Bidisha Devi, Prabin Borah

Vocals: Bidisha Devi, Prabin Borah
Lyrics: Dhritimoy Kalita
Composer: Alak Nath

ডাৱৰে কেতিয়াবা সুধেনে
বেলিটি ক’তে হেৰায়
উদাসী ফাগুনে কিয় বাৰু
ভালপোৱাতে জীয়াই…

ডাৱৰে কেতিয়াবা সুধেনে
বেলিটি ক’তে হেৰায়
উদাসী ফাগুনে কিয় বাৰু
ভালপোৱাতে জীয়াই…
এই মৰমতে ফুলি উঠে
জোনাকী ফুল
এই সময়ে দুলনিতে
কৰেহি ভুল…
আখৰে আখৰে জিলিকিব
অনুভৱী মোৰেই মন
ইফালে-সিফালে বৰষিমে
ময়েই আজীৱন…
আখৰে আখৰে জিলিকিব
অনুভৱী মোৰেই মন
ইফালে-সিফালে বৰষিমে
ময়েই আজীৱন…

জিৰি জিৰি বয় আৱেগে
নিসাৰে দুচকুতে
ভাৱনাইও ঠেহ পাতি
ৰ’ব খোজে কিজাতে…
উমি উমি জ্বলা সপোনে
চিঞঁৰে আহি বুকুতে
নানাৰঙী উশাহৰ
বিননি দোমাজাতে…
মোৰ ৰাতিবোৰ উচুপে যে
নিজানত অকলশৰে গোপনে বিষাদত…
আখৰে আখৰে জিলিকিব
অনুভৱী মোৰেই মন
ইফালে-সিফালে বৰষিমে
ময়েই আজীৱন…
আখৰে আখৰে জিলিকিব
অনুভৱী মোৰেই মন
ইফালে-সিফালে বৰষিমে
ময়েই আজীৱন…

Leave a Comment