৫জুন তাৰিখৰ পৰা অসমৰ লগতে, ভাৰতৰ ভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰা এই ছবিখনৰ প্ৰতি বৰ্তমান ছবিগৃহত দৰ্শকে যথেষ্ট আশাপ্ৰদ সঁহাৰি আগবঢ়াইছে। ছবিখন মনোৰঞ্জনধৰ্মী যদিও এখন পৰিয়ালৰ সকলোৱে চাব পৰা ছবি শ্ৰী ৰঘুপতি। বৰ্তমান এই শ্ৰী ৰঘুপতি ছবিখনে অভিলেখ ভাঙিলে জনপ্ৰিয়তাৰ শিখৰত। বন্ধৰ দিনবোৰত শ্ৰী ৰঘুপতি ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ৮০.৫ লাখতকৈও অধিক টকাৰ উপাৰ্জন। বৰ্তমানলৈকে ছবিখনৰ বক্স অফিচ কালেকচন হৈছে ৩.৩ কোটি টকা।
পৰিচালক সুব্ৰত কাকতি আৰু অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমত ৰেকৰ্ড ব্ৰেকিঙৰ বাৰ্তা প্ৰদান কৰি প্ৰতিগৰাকী জনসাধাৰণক হৃদয়েৰে ধন্যবাদ জনাইছে। বহু প্ৰত্যাহ্বান নেওচি সফলতা অৰ্জন কৰা শ্ৰী ৰঘুপতি ছবিখনে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ এক নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।
শেহতীকৈ ডাক্তৰ বেজবৰুৱা-২, ৰাজনীতি-১ৰ ঠাইত শ্ৰী ৰঘুপতিৰ দৰে উন্নত মানৰ মনোৰঞ্জনধৰ্মী ছবি অসমীয়া চলচ্চিত্ৰ উদ্যোগক লাগে, যি অকল পৰিয়ালকেন্দ্ৰীকেই নহয়, সকলোৱে উপভোগ কৰিব পৰা এক সুস্থ মনোৰঞ্জনৰ বাহক।