Mur Pora Tumaloi Lyrics | মোৰ পৰা তোমালৈ

Singer: Deeplina Deka
Music & Composer: David Kashyap
Lyrics/Compostion : Alak Nath

মোৰ পৰা তোমালৈ
কিমান আছে বাট,
লৈ যোৱা না
কাষলে তোমাৰ
সামৰি অজুহাত
মৌ-সনা মাতেৰে
মাতিলেই গুচি যাম
ভালপোৱা বোৰ গুপুতে সাঁচি
তোমাকে মই সজাম
ৰাগি লাগি আজি প্ৰেমৰে
আজৰি হিয়াতে তোমাৰে
মন হয় চঞ্চলা
ৰৈ মথোঁ বাসনা
আৰু কিছু পল ৰোৱা
আছে বহু কথা
দিয়া হাততে তোমাৰ হাত
গুচি যাম সিমনালে
লোৱা সাৱটি হিয়াতে
ভাল পাওঁ মই তোমাকে

ঠেহপাতি ৰোৱা অভিমানী হোৱা
সেই সময় তোমাৰ মনত পৰেনে
আলফুলে ৰখা আছে বহু কথা
আজিও হিয়াৰ ভাঁজত তোমাক ক’বলে
যদিওবা দূৰ তুমি এনে লাগে মোৰ তুমি
আশে-পাশে প্ৰতিপলে আছা ৰৈ
ৰাগি লাগি আজি প্ৰেমৰে
আজৰি হিয়াতে তোমাৰে
মন হয় চঞ্চলা
ৰৈ মথোঁ বাসনা
আৰু কিছু পল ৰোৱা
আছে বহু কথা
দিয়া হাততে তোমাৰ হাত
গুচি যাম সিমনালে
লোৱা সাৱটি হিয়াতে
ভাল পাওঁ মই তোমাকে

Leave a Comment