অসমীয়া ভাব সম্প্ৰসাৰণ

ভাব সম্প্ৰসাৰণ

আঁঠুৱা চাই ঠেং মেলা

আঁঠুৱাৰ ভিতৰত আঁঠৱা যিমান দীঘল সেই হিচাপেহে ভৰি মেলি শুব লাগে। নহ’লে ভৰি লাগি আঁঠুৱা ফাটিব পাৰে বা দাং খাই মহ সোমাব পাৰে। এনে হ’লে আঁঠুৱা তৰি শোৱাৰ কোনো অৰ্থই নাথাকে। ঠিক তেনেদৰে যাৰ যিমান সামৰ্থ্য ঠিক সেইমতে কাম কৰিব লাগে অথবা যাৰ যিমান আয় সেইমতে ব্যয় কৰিব লাগে। আগ-গুৰি ভাবি চাই কাম নকৰিলে বিপদ হোৱাৰ সম্ভাৱনা।

চোৰ গ’লে বুধি, বৰষুণ গ’লে জাপি

বহু সময়ত দেখা যায় আগতে নজনাৰ বাবে বা অসতৰ্কতাৰ বাবে কেতিয়াবা কোনো অঘটন ঘটি যায়। ঘটনাটো ঘটাৰ পিছতহে মানুহে ভুলটো বুজি পায়। এনেদৰে এটা ঘটনা হৈ যোৱাৰ পিছত সচৰাচৰ মানুহে ভৱিষ্যতে কি কৰা উচিত, সেই চিন্তাতকৈ অমুক কৰা হ’লে, তমুক কৰা হ’লে এনেকুৱা নহ’লহেঁতেন বুলি কথাৰ অৱতাৰণা কৰি অযথা সময় নষ্ট কৰে। দূৰদৰ্শিতাৰ অভাৱত সময়ৰ কাম সময়ত নকৰি সময় উকলি যোৱাৰ পিছত কৰিবলৈ গ’লে যে একো ফল নধৰে— এনে অৰ্থ বুজাবলৈকে ইয়াক ব্যৱহাৰ কৰা হয়। যেনেকৈ বৰষুণত নিতিতিবলৈ হ’লে আগতীয়াকৈ জাপিৰ যোগাৰ কৰি ৰাখিব লাগিব, বৰষুণ এৰাৰ পিছত মূৰত জাপি ল’লে একো লাভ নহয়, তেনেদৰে সময়ৰ কাম সময়ত নকৰি পিছত তাৰ বাবে অনুতাপ কৰাৰ পৰা একো লাভ নহয়।

আপোন ভালে জগত ভাল

একোখন সমাজত নানা ধৰণৰ মানুহে বাস কৰে। তেওঁলোকৰ কাৰো প্ৰকৃতি কাৰোৰে লগত নিমিলে। একোখন সমাজত ত্যাগী, ধাৰ্মিক, কপট, দাম্ভিক আদি বিভিন্ন মানুহ থাকিব পাৰে। এনে পৰস্পৰবিৰুদ্ধ প্ৰকৃতিৰ মানুহৰ মাজতো বিচক্ষণজনে মিলিজুলি থাকিব পাৰে আৰু এনেকৈ থাকিব পৰাজনেই শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে। সমাজত এনে এক শ্ৰেণীৰ মানুহ আছে, যি কাৰোৰে লগত মিলিব নোৱাৰে, যি আনৰ সকলো কামতে কেৱল খুঁতকে দেখে। এনে মানুহে নিজৰ লগতে সমাজৰ আন মানুহৰো শান্তি ভংগ কৰে। মানুহ যিমানেই বেয়া হওক তাৰ মাজতো অলপ নহয় অলপ গুণ থাকেই। প্ৰকৃত ভাল মানুহে লোকৰ বেয়া গুণ আওকাণ কৰি ভালখিনিহৈহে চকু দিয়ে। ক’বলৈ গ’লে এনেকুৱা লোকে জগতৰ সকলোকে ভালেই দেখে আৰু অইনেও এনে লোকৰ প্ৰতি ভাল আচৰণ কৰে। সেইবাবে কাৰোৰে লগত মিলিব নোৱৰা স্বভাৱৰ বিপৰীতে এই কথাষাৰৰ প্ৰয়োগ কৰা হয়।

হস্তীৰে পিছলে পাৱ সজ্জনৰো বুৰে নাও

হাতী বৰ ডাঙৰ জন্তু। ইয়াৰ খোজবোৰো গহীন। আনকি মানুহৰ গহীন গতিকো ‘গজেন্দ্ৰ গমন’ বুলি কোৱা হয়। সাধাৰণতে হাতীৰ ভৰি নিপিছলে। ইয়াৰ ভৰি পিছলা কাৰ্য এক ব্যতিক্ৰম। আনহাতে সজ্জন লোকসকলে সকলো কাম ভাবি-চিন্তিহে কৰে। সেয়ে তেওঁলোকৰ কামত সাধাৰণতে ভুল নহয়। কিন্তু এনে লোকৰো কেতিয়াবা ভুল নোহোৱাকৈ নাথাকে। মানুহ যিমানেই জ্ঞানী নহওক, ভুলৰ হাত সাৰিব নোৱাৰে। সেইবাবে নিজৰ মত অভ্ৰান্ত বুলি কেতিয়াও গৰ্ব কৰিব নালাগে আৰু লোকৰ ভুল বা ক্ৰটি-বিচ্যুতিৰ প্ৰতিয়ো বৰকৈ চকু দিব নালাগে— এয়ে প্ৰবচনটিৰ তাৎপৰ্য।

এশ গৰু মাৰিলে বাঘৰো মৃত্যু

অতি অন্যায় কৰা লোকৰ পৰিণামলৈ আঙুলিয়াই দিবলৈ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয়। গৰু বাঘৰ প্ৰধান আহাৰ। প্ৰকৃতিৰ নিয়ম মতে বাচি থাকিবৰ কাৰণে বাঘে গৰু আদি জন্তু মাৰি খাবই লাগিব। সেইবাবে বাঘৰ ক্ষেত্ৰত জীৱহত্যা পাপৰ কথা নহয়। তথাপি নিজৰ খাদ্য বুলিও এশ গৰু মাৰিলে তাৰ প্ৰত্যব্যায়স্বৰূপে যদি বাঘৰো মৃত্যু হোৱা বুলি কোৱা হয় তেনেহ’লে বুজিব লাগিব যে অধিক পাপ কৰিলে বা অধিক লোকৰ অনিষ্ট কৰিলে তাৰ পৰিণাম নিশ্টিতভাৱে ভোগ কৰিবই লাগিব। এশ শব্দই ইয়াত অধিক বুজাইছে। ‘বাঘ’ শব্দ নৃশংস লোকৰ প্ৰতীকস্বৰূপ। নিষ্ঠুৰ প্ৰকৃতিৰ লোকে কাৰো হাক-বচনলৈ কেৰেপ নকৰি নৃশংস কামবোৰ কৰি যায়। কিন্তু তেনে লোকো এদিন নিষ্ঠুৰতাৰ বলি হ’ব লগা হয়।

ৰাইজে নখ জোকাৰিলে নৈ বয়

একতাৰ বল বুজাবলৈ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয়। নখৰ পিঠিত বেছি পানী নধৰে। কিন্তু এই এচিকটা পানী গোট খুৱালে ঠিক নৈ নহ’লেও বুজন পৰিমাণৰ পানী গোট খাব। ঠিক তেনেদৰে সদৌ ৰাইজ মিলি প্ৰত্যেকে যদি সামান্য পৰিমাণেও কাম কৰি যায় তেনেহ’লেও ডাঙৰ বা কঠিন কাম এটা অনায়াসে হৈ যায়। ইয়াৰ পৰা বুজা যায় একতাৰ বল আৰু প্ৰয়োজন কিমান। সেইবাবে একতাৱদ্ধভাৱে কাম কৰিবলৈ যত্ন কৰা উচিত।

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ

অভ্যাস বা একাগ্র সাধনাই জীৱনৰ সকলো কৃতকার্যতাৰ মূল। অভ্যাস কৰি থাকিলে দুঃসাধ্য কঠিন কামো সহজসাধ্য কৰি তুলিব পৰা যায় আৰু এই কাৰণেই কোৱা হয় এবাৰত নোৱাৰিলে এশবাৰ কৰা।’ আগৰ দিনত অসমীয়া পুৰুষ-মহিলা সকলোৰে কাণত ফুটা কৰাৰ নিয়ম আছিল। খৰিকা ভৰাই সেই ফুটা ডাঙৰ কৰি তাত কেৰু পিন্ধিছিল। এই কেৰু পিন্ধা ফুটাইদি অভ্যাস কৰি থাকিলে শৰ পঠাব পৰাৰ দৰে কঠিন কামো কৰিব পাৰি। এই প্রবচনৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে অভ্যাস কৰি থাকিলে অসাধ্য সাধন কৰিব পাৰি।

আপদৰ মাত, আকালৰ ভাত

বিপদ সকলোৰে জীৱনলৈ আহে। বিপদ কালত আন সহায়তকৈ মুখৰ সহানুভূতিপূর্ণ এষাৰি মাত পৰম সান্ত্বনাস্বৰূপ হৈ পৰে আৰু তেনে এষাৰি মাতেই বিপদগ্রস্তজনক ধৈর্য ধৰিবলৈ মানসিক বল দিয়ে। এনেদৰে আকাল বা দুর্ভিক্ষৰ সময়ত খাবলৈ নোপোৱাজনক এমুঠি খোৱাৰ ব্যৱস্থা কৰি দিব পাৰিলে মহৎ উপকাৰ কৰা হয়। কাৰণ পেটৰ জুই সর্বনশীয়া আৰু সেই জুইৰ তাপ সহ্য কৰা যথেষ্ট কঠিন। সমাজ জীৱনত বসবাস কৰা মানুহৰ বাবে এই দুটা কামেই পৱিত্র কর্তব্যস্বৰূপ। এই প্রবচনৰ দ্বাৰা প্রকৃত মানৱীয় কর্তব্যৰ বিষয়ে সকীয়াই দিয়া হৈছে।

উলুৰ লগত বগৰী পোৰা

য’ত উলু থাকে তাতে সচৰাচৰ বগৰী গছছা থাকে। খেতি কৰিবৰ বাবে উলুৱনীত জুই লগাই মাটি মুকলি কৰা হয় আৰু এনেদৰে জুই লগাওঁতে উলুৰ লগত বগৰী গছো পোৰে। সুস্বাদু ফল দিয়া বগৰী উপকাৰী গছ, কিন্তু উলু সিমান উপকাৰী নহয়। উলুৰ লগত থকা কাৰণেই বগৰী গছ পোৰা যাবলগীয়া হয়। ঠিক একেদৰে বেয়া বা অসজনৰ লগত থাকিলে ভাল বা সজনৰ অপকাৰ হয়। সংগদোষৰ বাবে নিৰপৰাধী বা সৎজনো বিপদত পৰিব পাৰে। সেই কাৰণে অসৎ সংগৰ পৰা সদায় আঁতৰি থকাটোৱেই মংগলজনক।

তুলসীৰ লগত কলপটুৱাৰ মুক্তি

হিন্দুসকলে তুলসীক পৱিত্ৰ বুলি জ্ঞান কৰে। পূজা-পাটল আদিত তুলসীৰ প্রয়োজন হয়। কলপটুৱাৰ খোল সাজি তাতে তুলসী থৈ পূজা-পাটলৰ কামত ব্যৱহাৰ কৰা হয়। কলপটুৱা সাধাৰণ বস্তু, কিন্তু তুলসীৰ নিচিনা পৱিত্ৰ বস্তুক কলপটুৱাত ৰখাৰ কাৰণে কলপটুৱাইও পৱিত্ৰ হৈ মুক্তি লাভ কৰে। এই প্রবচনৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে সাধাৰণ বা সামান্যজনেও সন্মানীয় বা গুণীজনৰ লগত থাকিলে সন্মান লাভ কৰিব পাৰে আৰু গৌৰৱৰো অধিকাৰী হ’ব পাৰে।

উদক ভেটাৰখীয়া পতা

সাধাৰণতে পানীৰ সোঁতত ভেটা দি বান, চেপা, খোকা আদি পাতি মাছ ধৰাৰ ব্যৱস্থা কৰা হয়। ভেটা দিলে পানীৰ সোঁতত মাছ যাব নোৱাৰি জঁপিয়াই যাবলৈ বিচাৰে, সেই কাৰণে ভেটাত ৰখীয়াৰ প্রয়োজন। মাছ খাই ভাল পোৱা উদকে যদি ভেটাৰখীয়া পতা হয় তেন্তে মাছ জঁপিওৱাত বাধা দিয়াৰ পৰিৱর্তে উদে মাছ খাই শেষহে কৰিব। এনেদৰে যি যিটো লোভ কৰে বা ভাল পাই তেনেজনক সেইটো বস্তুৰ ৰখীয়া পতা উচিত নহয়। কাৰণ লোভত পৰি সকলো খাই শেষ কৰিব। শিয়ালৰ কান্ধত মঙহৰ ভাৰ দিয়া ঠিক একে ধৰণৰ প্রবচন।

অনভ্যাসে হতবিদ্যা

এই প্রবচনটিৰ সাধাৰণ অৰ্থ আৰু অভিপ্রেত অর্থ একেই। মানুহে কষ্ট কৰি বিদ্যালয়ত পঢ়ি বা কোনো জনা-বুজা লোকৰ লগত থাকি বিদ্যা অর্জন কৰে। বিদ্যা অর্জন কৰি আগলৈকো তাৰ চৰ্চা কৰি থাকিব লাগে। অভ্যাস বা চর্চা নাথাকিলে পুথিৰ পৰা লাভ কৰা বিদ্যাই হওকবা হাতে কামে শিকা বিদ্যাই হওক, সি ক্রমে পাহৰণিৰ গৰ্ভত লুপ্ত হ’ব পাৰে। সেইবাবে বিদ্যা সদায় চর্চা বা অভ্যাস কৰি থাকিব লাগে। দৰাচলতে চৰ্চাৰ ফলতহে বিদ্যাৰ উৎকর্ষ সাধন হয়। চর্চা বা অভ্যাসৰ অভাৱত আর্জিত বিদ্যাও লোপ পাব পাৰে।

পৰত আশ বনত বাস

বনত বাস কৰা লোক অকলশৰীয়া। সেইবাবে মহা বিপদতো তেনে লোকে আনৰ সহায় নাপায়। বনত বাস কৰা মানুহৰ যেনে অৱস্থা হয়, আনৰ ওপৰত নিৰ্ভৰ কৰি চলা লোকৰো তেনে অৱস্থা হয়। কিয়নো সদায় সকলো কামতে আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰি। প্ৰতিজন মানুহেই নিজ নিজ কামত ব্যস্ত, সেয়ে আনক সহায় কৰিবলৈকো মানুহৰ আহৰি নাই। কিছুমান কাম নিজে নিজে কৰিবলৈ শিকিলে আনৰ ওপৰত নিৰ্ভৰ নকৰিলেও চলে। পৰনিৰ্ভৰশীল হলে মানুহৰ সমাজত থাকিও বনত বাস কৰাৰ দৰে অৱস্থা হয়। সেয়ে যিমান দূৰ পৰা যায় মানুহ স্বাৱলম্বী হ’বলৈ যত্ন কৰিব লাগে। তেতিয়াহ’লে বিপদত পৰিলেও মানুহ বিপদৰ পৰা উদ্ধাৰ হ’ব পাৰে।

মিছা কথাৰ ঠেং চুটি

এই প্রবচনটিৰ দ্বাৰা মিছা কথা কোৱা লোকে এদিন ধৰা পৰি যে লঘু-লাঞ্ছনা খাব লগাত পৰে তাকে বুজোৱা হৈছে। ঠেং চুটি মানুহে বেগাই খোজ কাঢ়িব নোৱাৰে। কিছু দূৰ গ’লেই ভাগৰি পৰে। সেইদৰে মিছা কথা কৈও সৰহ দিন চলিব নোৱাৰি ধৰা পৰি যায় আৰু ধৰা পৰিলেই লোকৰ আস্থা হেৰুৱায়। নিজৰ স্বার্থ সিদ্ধিৰ কাৰণে বহুতে মিছাৰ আশ্রয় লয় আৰু পোনতে ইয়াৰ দ্বাৰা কিছু কৃতকার্য হোৱা যেনো পায়। তদুপৰি এবাৰ মিছা কথাৰ আশ্রয় ল’লে তাৰ চেলুতে অধিক মিছা কথা কোৱাৰ প্রয়োজন হয়। আনহাতে প্রথমে বুজি নাপালেও পিছত মিছলীয়া লোকৰ কথা সকলোৱে বুজি পায় আৰু কোনেও তেনে মিছা কথা কোৱা লোকক প্রশ্রয় নিদিয়া হয়। এনেদৰে মিছলীয়াজন শেষত বিপদত পৰেগৈ।

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে

শ্রমবিমুখ লোকৰ যে উদ্‌গতি নাই তাকে বুজাবলৈ এই প্রবচনটি ব্যৱহাৰ কৰা হয়। হাঁহ-কুকুৰা শিয়ালৰ খাদ্য। হাঁহ-কুকুৰা ধৰিবলৈ শিয়ালে নানা যত্ন, নানা ফন্দি কৰিব লাগে। তাকে নকৰি শুই থাকিলে শিয়ালে হাঁহ ধৰিব নোৱাৰে। মানুহৰ বেলিকাও একেই কথা। দুখ নকৰাকৈ কোনেও সুখ ভোগ কৰিব নোৱাৰে পেটৰ ভাত মুঠিয়েই মানুহৰ একমাত্র লক্ষ্য নহয়। উদ্গতি বুলিলে প্রতিষ্ঠা, প্রতিপত্তি, প্রকাশ আদিকহে বুজায়। আৰু উদ্‌গতিহীন জীৱন অর্থহীন। উদ্‌গতিৰ মন্ত্ৰ হ’ল শ্রম। সেই কাৰণে জীৱনত উদগতি কৰিবলৈ অলসতা ত্যাগ কৰি কঠোৰ শ্ৰম কৰিবই লাগিব।

অতি ভক্তি চোৰৰ লক্ষণ

ভয়, ভক্তি, শ্রদ্ধা প্রয়োজনকৈ অধিক প্রদর্শন কৰিলে তাৰ মাজত যে এটা বেলেগ স্বার্থ বা উদ্দেশ্য থাকে সেই কথা বুজিব পাৰি। বেছি ভক্তি দেখুৱাই বিশ্বাসভাজন হৈ অনিষ্ট সাধন কৰাৰ বাটহে মুকলি কৰে। সেয়েহে স্বাভাৱিকতকৈ বা প্রয়োজনতকৈ অধিক ভক্তি দেখুওৱাসকল প্রকৃততে কপট লোক বুলি বুজি বা অপকাৰী লোক বুলি বুজি তেনেসকলৰ পৰা আঁতৰি থকাই শ্রেয়।

অধিক মাহুত বগলী কণা

বগলীয়ে এটা এটাকৈ পানীত জুপি মাছ ধৰে। কিন্তু পানীত মাছ অধিক থাকিলে বগলীৰ কোনটো ধৰিব কোনটো নধৰিব লাগে। ফলত বগলীৰ মাছ ধৰা হৈ নুঠে, মাছবিলাক পলাই যায়। একেদৰে মানুহেও জানি-বুজি একাধিক কাম একেবাৰতে কৰিবলৈ আশা কৰি, আটাইবোৰে সামৰি ললে এটাও কৰা হৈনুঠে। প্রবাদটোৰ অর্থ হ’ল একেলগে বহুত লোভনীয় বস্তু দেখিলে মানুহে ধীৰে-সুস্থিৰে কাম কৰিব লাগে, নহ’লে মানুহে কোনো কামত সফল হ’ব নোৱাৰে।

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা

অসমীয়া সমাজত এটা জনবিশ্বাস আছে যে যাত্রা কালত অংগক্ষত মানুহ দেখাটো শুভ নহয়। যাত্ৰাৰ বাবে ওলাই কোনো বিকলাংগ মানুহ দেখিলে মানুহ ঘূৰি আহে। সতিনীয়ে নিজৰ সতিনীৰ সাধাৰণতে মংগল কামনা নকৰে। সতিনীক সদায় ঈর্ষাৰ চকুৰে চোৱাটোৱেই নাৰীৰ স্বভাৱ। সেয়ে সতিনীয়ে ক’ৰবালৈ যাবলৈ ওলালে যাত্ৰাত অমংগল কেনেকৈ সূচাব পাৰি সতিনীয়ে তাৰেই চিন্তা কৰে। আন কোনো উপায় নাপালে নিজৰ নাক কাটি অর্থাৎ অংগক্ষত কৰি হলেও সতিনীয়েকৰ যাত্ৰা ভংগ কৰিব পৰা সতিনী আছে। প্রবচনটোৰ অৰ্থ হ’ল ঈর্ষাপৰায়ণ লোকসকলে নিজৰ ক্ষতি কৰি হ’লেও আনৰ অপকাৰ কৰিবলৈ চিন্তা কৰে।

অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা

মূলা নাবাঢ়িলে গছবোৰক ঢেৰুৱা বুলি কোৱা হয়। মূলা গছ পুলিতে মূলা নবঢ়া সত্ত্বেও মানুহে খায়। কিন্তু যি মূলা গছৰ মূলা নাবাঢ়ি গছডালহে বাঢ়ি যায় সেই মূলা মানুহে নাখায়। কাৰণ সেই ঢেৰুৱাডাল সিজাই থাকিলেও নিসিজে। একেদৰে যিজন অবুজন ব্যক্তি তেওঁক বুজাবলৈ যত্ন কৰাটো বৃথা। অজ্ঞলোকক বুজাব পাৰি কিন্তু যিজন অবুজন তেওঁক বুজোৱাটো ঢেৰুৱা ঠাৰি সিজোৱাৰ দৰে নিষ্ফল কার্য।

পৰৰ মূৰত খোৱা ভটীয়া নাৱত যোৱাত

 ভটীয়নী সোঁতত নাও বোৱা সহজ। পানীৰ সোঁতৰ উজনি মুখে নাও চলোৱাৰ নিচিনা কষ্ট নহয়। ঠিক সেইদৰে যিজন মানুহে পৰৰ উপার্জনেৰে খায়, তেনে লোক সংসাৰত চলাৰ কাৰণে একো টান নহয়। কিন্তু যিজনে উপার্জন কৰি সংসাৰ চলায় তেওঁহে জানে উপার্জন কৰা কিমান টান। প্রবচনটোৰে এই কথাকে বুজাব খোজা হৈছে যে জগতত এনে কিছুমান মানুহ আছে যিসকলে সদায় পৰৰ অৰ্জনৰ ওপৰত মহা সুখেৰে খাবলৈ বিচাৰে। তেওঁলোকে কণমানো পৰিশ্ৰম নকৰি ভটিয়নী পানীত যোৱা নাৱৰ দৰে সহজে জীৱন নির্বাহ কৰিব খোজে।

হলা গছ দেখি বাগি কুঠাৰ মৰা

 হলা গছত বিপৰীত ফালৰ পৰা কুঠাৰ মাৰিলে গছজোপা সোনকালে বাগৰি পৰে। কিন্তু পােন হৈ থকা গছ এজোপা সিমান সোনকালে কাটিব নোৱাৰি। গতিকে হলা গছ দেখিলে কটাটো সহজ কাৰণেই সকলোৱে কুঠাৰ মাৰিব খোজে। সেইদৰে সমাজত যিসকল লোক দুর্বল তেনে লোকক সকলোৱে সহজে কষ্ট দিয়ে। সমাজৰ মুখিয়াল, ধনী, শক্তিশালী লোকসকলক কোনোৱে একো অপকাৰ কৰিবলৈ সাহস নকৰে।

খঙত পেট কাটি ছমাহলৈ শুকনি খোৱা

খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়। খঙত মানুহে কি কৰিছে কি নকৰিছে ক’ব নোৱৰা হয়। খঙত মানুহে একো কৰিব নোৱাৰিলে নিজৰ পেটকে কাটিব পাৰে। পিছে খং কমাত মানুহৰ অনুশোচনা আহে আৰু নিজৰ কৃতকৰ্মৰ বাবে অনুতাপ কৰিব লগা হয়। পেটৰ ঘা শুকাবলৈ ছমাহ বা তাতোকৈ বেছি দিন শুকনি ঔষধ খাব লগা হয়। এই প্রবচনটোৰ পৰা ইয়াকে বুজাবলৈ বিচৰা হৈছে যে খং মানুহৰ ডাঙৰ শত্রু। এই শত্ৰুৱে আনৰ অনিষ্ট কৰাৰ উপৰি নিজৰো ডাঙৰ অনিষ্ট কৰিব পাৰে। সেই কাৰণেই কোৱা হয় খং নামে চণ্ডাল।

টেঙা আম এবাৰহে বেচিব পাৰি

 টেঙা আম মানুহে সাধাৰণতে নিকিনে। আম বেপাৰীয়ে কেতিয়াবা টেঙা আমকে মিঠা আম বুলি বেচে। কিন্তু মিঠা বুলি কিনা সেই আম টেঙা হলে কিনোতাই আৰু সেই টেঙা আম বেচোঁতাজনৰ পৰা কেতিয়াও নিকিনে। গতিকে ফাকি দি মানুহে কোনো কাম এবাৰহে কৰিব পাৰে। অথবা মানুহে ঠগ-প্রবঞ্চনা এবাৰহে কৰিব পাৰে, সদায় কৰিব নোৱাৰে।

কিনা হাঁহৰ ঠোটলৈকে মঙহ

 হাঁহৰ মঙহ মানুহে খায়। টকা-পইচা দি কিনি অনা হাঁহৰ অকণো মঙহ মানুহে পেলাবলৈ নিবিচাৰে। ঠোট মানুহে নাখায় যদিও কিনি অনা কাৰণে ঠোটটোও বাদ দিব নোখোজে। এই প্রবচনৰ দ্বাৰা ধন খৰচ কৰি অনা বস্তু যে অপব্যয় কৰিব নালাগে বা লোকচান কৰিব নালাগে সেই কথাকে বুজাব খোজা হৈছে।

বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা।

বার্ধক্যত উপনীত হোৱাৰ লগে লগে জীৱন পথৰ নানা খলা-বমাৰ মাজেদি পাৰ হৈ অহা মানুহে যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰে। অভিজ্ঞতাই মানুহক ভাল-বেয়া বিচাৰ কৰি জীৱন পথত কেনেকৈ চলিব লাগে সেই বিষয়ত উপদেশ দিব পৰা শক্তিৰ অধিকাৰী কৰে। তেনে বৃদ্ধই উঠি অহা ডেকাক জীৱনৰ প্রকৃত পথৰ সন্ধান দিব পাৰে অথবা কোনটো কৰা উচিত কোনটো অনুচিত সেই বিষয়ত জ্ঞান দিব পাৰে। জীৱনৰ অভিজ্ঞতাৰে পূৰঠ বৃদ্ধসকলৰ উপদেশ-পৰামর্শ মতে ডেকাসকলে নিজকে জীৱনত প্রতিষ্ঠিত কৰিব পাৰে। পিছে সাধাৰণতে দেখা যায়, ডেকা কালৰ অপৰিমেয় শক্তি-সামর্থ্যৰ বাবে বহুতে ভাল- বেয়া বিচাৰ কৰিব নোৱাৰি বা বিচাৰ নকৰাকৈ বেয়াটোকে ভাল বুলি অকার্যত ব্ৰতী হয়। ইয়াৰ ফলস্বৰূপে তেনে ডেকাই যথেষ্ট কষ্ট ভোগ কৰিবলগা হয়। তেনে কাৰ্যৰ পৰিণাম পিছতহে উপলব্ধি কৰিব পাৰে। সেয়েহে জীৱন সম্পর্কে অনভিজ্ঞ ডেকাসকলে বৃদ্ধসকলৰ সজ পৰামর্শ বা সজ উপদেশ মানি চলিব লাগে। এনে কৰিলেহে জীৱনৰ দুখ-কষ্ট বা কৃতকৰ্মৰ বেয়া পৰিণাম নোভোগাকৈ থাকিব।

নিন্দে যেয়ে ভুঞ্জে সেয়ে

এই প্রবচনটিৰ সাধাৰণ অৰ্থ এইটোৱেই যে কোনো অৱস্থাতে কোনেও কাকো নিন্দা কৰিব নালাগে। কাৰণ কালৰ কুটিল গতিত কাৰ ভাগ্যত কেতিয়া কি হয় কোনেও ক’ব নোৱাৰে। একালৰ ৰজাও একালত ভিক্ষাৰী হ’ব পাৰে। গর্হিত কাম কৰা লোক নিন্দনীয় হ’বই; কিন্তু কাৰো হীন অৱস্থাৰ বাবে আপেক্ষিক উচ্চ অৱস্থাৰ লোকে নিন্দা কৰা উচিত নহয়। আনকি, জানিব পাৰিলে অৱস্থাৰ বিপাকত পৰি কোনো গর্হিত কাম কৰা লোককো নিন্দা কৰা উচিত নহয়। নিন্দা নকৰি, কি কাৰণনো এনে লোকে এনে ধৰণৰ কাম কৰিব লগা হ’ল তাক অনুসন্ধান কৰি আগলৈ যাতে তেনে অৱস্থাত পৰিব লগা নহয়, তাৰহে উপায় কৰিব লাগে। কাৰণ, কাইলৈ নিজৰো তেনে অৱস্থা হ’ব পাৰে। সেয়ে সচৰাচৰ কোনেও কাকো নিন্দা কৰি উচিত নহয়।

দুই নাৱত দুই ভৰি

দোবোৰ-মোধোৰ অৱস্থা বুজাবলৈ এই প্রবচন ব্যৱহৃত হয়। এখন নাৱৰ পৰা আন এখন নাৱলৈ যাবলৈ বুলি এটা ভৰি দাঙি সিখন নাৱত দিয়া আৰু এখন ভৰি ইখন নাৱতে থকা কাৰ্যৰ জৰিয়তে এক দোদুল্যমান অৱস্থাৰ কথা বুজাবলৈ বিচৰা হৈছে। এনে অৱস্থাত নাও দুখন যাব নোৱাৰে, গলে মানুহজনৰে বিপদ। গতিকে ইটোও এৰিব নোৱৰা আৰু সিটোও ধৰিব নোৱৰা অৱস্থা।

কোটাৰ ঘৰৰ কুটি, আনলৈ বুলি হুল পুতি, নিজেই মৰে ফুটি

সমাজত হিংসাকুৰীয়া আৰু অনিষ্টকাৰী ভালেমান মানুহ থাকে। আনৰ অপকাৰ কৰিবলৈ এনে লোক অকণো কুণ্ঠিত নহয়। কিন্তু কেতিয়াবা আনৰ অপকাৰ বা হিংসা কৰিবলৈ যাওঁতে নিজৰেই বেছি অপকাৰ বা অনিষ্ট হয় আৰু তাৰ ফলত নানা দুখকষ্ট ভোগ কৰিবলগা হয়। এয়া যেন আনলৈ বুলি হল পুতি অপকাৰৰ চিন্তা কৰোঁতে নিজেই অসাৱধানবশতঃ সেই হুলত খোঁচ খাই আধা মৰা হ’বলগীয়া অৱস্থা। প্রবচনটোৰ দ্বাৰা আনৰ অনিষ্ট চিন্তা কৰোঁতে নিজৰেই অনিষ্ট হোৱাৰ ভাব প্রকাশ কৰা হৈছে।

ভৰিৰে পিছল খালে নিজে দুখ পায়,জিভাৰ পিছলে কিন্তু আপদ ঘটায়।

ওখোৰা-মোখোৰা বা পিছল বাটত খোজকাঢ়ি যোৱা টান। ভালকৈ চাই-চিতি খোজ নিদিলে ভৰি পিছলিব পাৰে আৰু পিছল খাই পৰিলে মানুহজনে নিজে দুখ পায় কেতিয়াবা হয়তো পৰোঁতাজনৰ হাত-ভৰিও ভাগে। অৱশ্যে নিয়মমতে চিকিৎসা কৰিলে মানুহজন ভাল হৈ যায়। ইয়াৰ লগত জিভাৰে পিছল খোৱা কথাৰ তুলনা কৰি ক’ব পাৰি যে জিভাৰ পিছলে তাতকৈ ডাঙৰ বিপদ ঘটায়। অর্থাৎ কোনো গুৰুতৰ বিষয়ত মানুহে যদি হঠাতে নক’বলগীয়া কথা কৈ পেলায় বা বেয়া কথা কয় তেতিয়া তাৰ পৰা নিজৰ আৰু আনৰ বিপদ হ’ব পাৰে। গতিকে শাৰীৰিক পদস্খলনতকৈ বাক্যৰ এবাৰ মাত্র স্বলন বেছি ভয়াৱহ।

আছে গৰু নাৰায় হাল! হোৱাতকৈ নোহোৱাই ভাল। (ফকৰা)

ফকৰাবোৰৰ মাজত সচৰাচৰ একোটা গূঢ়ার্থ নিহিত হৈ থাকে। উদ্ধৃত ফকৰাটোত কোৱা হৈছে যে ঘৰত গৰু থাকিও যদি হাল বোৱা নহয় তেনেহ’লে তেনে গৰু থকাতকৈ নথকাই ভাল। এই বিশেষ উক্তিৰ মাজেৰে আচলতে ক’ব খোজা হৈছে যে শক্তি-সামর্থ্য, জ্ঞান বুদ্ধি, বিদ্যা, ধন-সম্পত্তি আদি থাকিও যদি তাক কামত খটুওৱা নহয়, তেনেহ’লে সেইবোৰৰ অস্তিত্ব মূল্যহীন। অর্থাৎ কামত নহা বস্তু থাকি কোনো কাম নহয়। গৰু থাকি যদি হাল বাব নোৱাৰি, তেনে গৰু পোহেতাৰ কষ্টহে হয়। গতিকে তেনেধৰণৰ গৰু নথকাই ভাল।

Leave a Comment