Bhabile Tumak Lyrics

Bhabile Tumak Lyrics

Vocals
Deeplina Deka

Lyrics and Composition
Barsha Borah

ভাবিলে তোমাকে শিহৰণে সাঁচাতি উথলে
আকাশে যানেৰে প্ৰেমৰে মুকুতা বৰষে
হেঙুলীয়া পোহৰে চুই গ’লে
দেহে মনে যৌৱনে পাঁহি মেলে
হেঙুলীয়া পোহৰে চুই গ’লে
দেহে মনে যৌৱনে পাহি মেলে
তোমাকে ভাবি মন
উড়ি যায় মন গোপনে
তোমাতে বিলীন হ’বলে
মিলি যাব মন তোমাতে তোমাতেই
উড়ি যায় মন গোপনে
তোমাতে বিলীন হ’বলে
মিলি যাব মন তোমাতে তোমাতেই

লাজে লাজে কিনো পৰক্ষে
শিহৰণ হানে
নিশাতি কল্পনাৰে উন্মাদন আনে নিৰলে
লাজে লাজে কিনো পৰক্ষে
শিহৰণ হানে
নিশাতি কল্পনাৰে উন্মাদন আনে নিৰলে
সাতো ৰঙে সপোনৰে সিপাৰে
বই যায় নৈ খনি প্ৰেমৰে
সাতো ৰঙে সপোনৰে সিপাৰে
বই যায় নৈ খনি প্ৰেমৰে
ভাবিলেই তোমাক মন
উড়ি যায় ই মন গোপনে
তোমাতে বিলীন হ’বলে
মিলি যাব মন তোমাতে তোমাতেই
উড়ি যায় ই মন গোপনে
তোমাতে বিলীন হ’বলে
মিলি যাব মন তোমাতে তোমাতেই

Leave a Comment