বিপদ আৰু দুৰ্যোগৰ মাজত পাৰ্থক্য
মানৱ জীৱনত বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনাই ক্ষতি সাধন কৰিব পাৰে। এই ক্ষেত্ৰত “বিপদ” (Hazard) আৰু “দুৰ্যোগ” (Disaster) শব্দ দুটা প্ৰায়ে একে অৰ্থত ব্যৱহাৰ কৰা হয়, সাধাৰণ কথা-বতৰাত ইয়াৰ ব্যৱহাৰ একে যেন লাগিলেও, কিন্তু বাস্তৱত এই দুয়োটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সঠিক ধাৰণা থাকিলে দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা বৃদ্ধি কৰাত সহায় হয়।
বিপদ (Hazard) কি?
বিপদ হৈছে এনে এক সম্ভাৱ্য পৰিস্থিতি বা ঘটনা যিয়ে মানুহ, সম্পত্তি, পৰিৱেশ অথবা জীৱ-জন্তুৰ ক্ষতি কৰিব পাৰে। অৰ্থাৎ, বিপদে ক্ষতি কৰাৰ সম্ভাৱনা সৃষ্টি কৰে, কিন্তু সেই সম্ভাৱনা সদায় বাস্তৱ ক্ষতিলৈ ৰূপান্তৰিত নহ’বও পাৰে।
বিপদৰ উদাহৰণ: ভূমিকম্প হোৱাৰ সম্ভাৱনা, ঘূৰ্ণী বতাহ, নদীৰ পানী বৃদ্ধি পোৱা, বজ্ৰপাত, অগ্নিকাণ্ডৰ আশংকা, বিষাক্ত ৰাসায়নিক পদাৰ্থৰ লিকেজ আদি।
মন কৰিবলগীয়া কথাটো হ’ল, যেতিয়ালৈকে ই মানুহ বা মানৱ সমাজৰ ক্ষতি নকৰে, তেতিয়ালৈকে ই কেৱল এক ‘বিপদ’ বা ভাবুকি হৈয়ে থাকে।
দুৰ্যোগ (Disaster) কি?
যেতিয়া কোনো বিপদ বাস্তৱ ৰূপ লৈ ব্যাপক ক্ষতি, ধ্বংস আৰু জীৱন-জীৱিকাৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়, তেতিয়া তাক দুৰ্যোগ বোলা হয়(চমুকৈ দুৰ্যোগ হৈছে বিপদৰ এক ভয়ংকৰ আৰু ধ্বংসাত্মুক পৰিণতি)। কোনো এটা বিপদে জনবসতিপূৰ্ণ এলেকাত আঘাত হানি ব্যাপক হাৰত জীৱন, সম্পত্তি, আন্তঃগাঁথনি আৰু পৰিৱেশৰ ক্ষতি সাধন কৰে, যাক চম্ভালিবলৈ প্ৰতিষ্ঠিত স্থানীয় সমাজখনৰ নিজা ক্ষমতা অপৰ্যাপ্ত হয়।
দুৰ্যোগৰ উদাহৰণ: যেতিয়া সেই একেই ভূমিকম্পটো এখন ঘন জনবসতিপূৰ্ণ চহৰত আহে আৰু হাজাৰ হাজাৰ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে বহু মানুহৰ প্ৰাণ কাঢ়ি নিয়ে, তেতিয়া সি এক ভয়ংকৰ দুৰ্যোগলৈ পৰিণত হয়। যেনে- বৃহৎ ভূমিকম্পত ঘৰ-বাৰী ধ্বংস হোৱা, ভয়ংকৰ বানপানীত বহু লোক ক্ষতিগ্ৰস্ত হোৱা, ডাঙৰ অগ্নিকাণ্ডত বহু সম্পত্তি নষ্ট হোৱা, শক্তিশালী ঘূৰ্ণীবতাহত জনজীৱন সম্পূৰ্ণ ব্যাহত হোৱা আদি।
বিপদ আৰু দুৰ্যোগৰ মাজত মূল পাৰ্থক্য
সহজ উদাহৰণেৰে বুজি লওক
ধৰি লওক, এখন অঞ্চলত ডাঙৰ ভূমিকম্প হোৱাৰ আশংকা আছে। এই আশংকাটোৱেই হৈছে বিপদ। কিন্তু যদি সেই ভূমিকম্প সংঘটিত হৈ বহু ঘৰ ভাঙি যায়, মানুহ আহত হয় আৰু জীৱন-যাপন ব্যাহত হয়, তেন্তে সেই ঘটনাটো দুৰ্যোগ হিচাপে গণ্য কৰা হয়।
একেদৰে, নদীৰ পানী বৃদ্ধি পোৱাটো বিপদ হ’ব পাৰে, কিন্তু যদি সেই পানীত গাঁও প্লাৱিত হয় আৰু জনসাধাৰণ ক্ষতিগ্ৰস্ত হয়, তেন্তে সেয়া দুৰ্যোগ।
বিপদ আৰু দুৰ্যোগৰ মাজৰ সম্পৰ্ক
প্ৰত্যেক দুৰ্যোগৰ মূলত সাধাৰণতে কোনো এটা বিপদ থাকে। কিন্তু সকলো বিপদেই দুৰ্যোগলৈ ৰূপান্তৰিত নহয়। আগতীয়া সতৰ্কবাণী, উন্নত পৰিকল্পনা, শক্তিশালী আন্তঃগাঁথনি আৰু জনসচেতনতাৰ জৰিয়তে বহু বিপদক দুৰ্যোগলৈ পৰিণত হোৱাৰ পৰা ৰোধ কৰিব পাৰি।
বিপদ আৰু দুৰ্যোগ দুয়োটা সম্পৰ্কিত হ’লেও একে বিষয় নহয়। বিপদ হৈছে ক্ষতিৰ সম্ভাৱনা, আনহাতে দুৰ্যোগ হৈছে সেই সম্ভাৱনাৰ ফলত হোৱা বাস্তৱ ধ্বংস আৰু ক্ষতি। সঠিক জ্ঞান আৰু প্ৰস্তুতি থাকিলে বহু দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰি। সেয়েহে, সমাজত দুৰ্যোগ ব্যৱস্থাপনা আৰু সজাগতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।