বিশুদ্ধ পানী সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু বহু সময়ত আমাৰ ব্যৱহাৰ কৰা পানীত ক্ষতিকাৰক বীজাণু, বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱী থাকিব পাৰে, যাৰ ফলত ডাইৰিয়া, টাইফয়েড, কলেৰা আদি ৰোগ হ’ব পাৰে। সেয়েহে পানী ব্যৱহাৰৰ আগতে বীজাণুমুক্ত কৰা অতি দৰকাৰী।
পানী কেনেকৈ ঘৰুৱাভাৱে বীজাণুমুক্ত কৰিব পাৰি সেই বিষয়ে তলত ঘৰত সহজে কৰিব পৰা কিছুমান প্ৰধান পদ্ধতি উল্লেখ কৰা হ’ল—
গাওঁ আৰু চহৰ দুয়ো ঠাইতে অতি প্ৰয়োজনীয়। গুৰুত্বপূৰ্ণ কথা হ’ল পানীক কেনেকৈ বীজানুমুক্ত কৰাব। বিজানুমুক্ত পানীৰ পৰা আমি পেটৰ ৰোগৰ পৰা ৰক্ষা পাব পাৰি, শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰাখে, দীৰ্ঘমেয়াদী ৰোগৰ সম্ভাৱনা কমায়।
১. পানী উতলোৱা পদ্ধতি (Boiling Method)
এইটো পানী বীজাণুমুক্ত কৰাৰ আটাইতকৈ সহজ আৰু বিশ্বাসযোগ্য উপায়।
পদ্ধতি: পানী ভালদৰে উতলোৱা লাগে। কমেও ৫–১০ মিনিট ধৰি ফুটাই ৰাখিব। ঠাণ্ডা হ’লে ঢাকনি থকা পাত্ৰত ৰাখিব। পান উতলালে বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱী সম্পূৰ্ণৰূপে ধ্বংস হয়। ফলত সকলো ধৰণৰ বীজানু নষ্ট হয়।
২. ফিল্টাৰ ব্যৱহাৰ (Water Filter / Purifier)
আজিকালি বজাৰত বিভিন্ন ধৰণৰ পানী ফিল্টাৰ উপলব্ধ—RO, UV, UF আদি। ফিল্টাৰে মাটি, দুৰ্গন্ধ, কণা, আৰু বহুতো বীজাণু আঁতৰায় পেলায়। ই দৈনন্দিন ব্যৱহাৰৰ বাবে সুবিধাজনক কৰে। নিয়মিতভাৱে ফিল্টাৰ পৰিষ্কাৰ আৰু চাৰ্ভিচ কৰি থাকিব লাগে।
৩. ক্ল’ৰিন বা ব্লিচিং পাউডাৰ ব্যৱহাৰ
এইটো বিশেষকৈ কুঁৱা, টেংক বা বানপানীৰ সময়ত ব্যৱহাৰ কৰা হয়।
ব্যৱহাৰ পদ্ধতি: নিৰ্দিষ্ট পৰিমাণত ক্ল’ৰিন টেবলেট বা ব্লিচিং পাউডাৰ পানীত মিশাব। ৩০ মিনিটমান অপেক্ষা কৰি তাৰ পাছত ব্যৱহাৰ কৰিব।
সাৱধানতা:
অধিক পৰিমাণে ব্যৱহাৰ নকৰিব, নহ’লে পানীৰ সোৱাদ আৰু স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।
৪. সূৰ্যৰ পোহৰত পানী শোধন (SODIS Method)
এইটো এটা কম খৰচী আৰু প্ৰাকৃতিক উপায়। পৰিষ্কাৰ প্লাষ্টিকৰ বটলত পানী ভৰাব। বটলটো ৬–৮ ঘণ্টা ৰ’দত থ’ব। ফলত সূৰ্যৰ UV ৰশ্মিয়ে বহুতো ক্ষতিকাৰক বীজাণু ধ্বংস কৰে।
৫. কাপোৰেৰে ছেকা (Filtering with Cloth)
এইটো সম্পূৰ্ণ বীজাণুমুক্ত নকৰিলেও ডাঙৰ মাটি আৰু কণা আঁতৰাবলৈ সহায় কৰে। ইয়াৰ ব্যৱহাৰৰ পদ্ধতি- পৰিষ্কাৰ কপাহী কাপোৰেৰে পানী ছেকিব। তাৰ পাছত ফুটোৱা বা অন্য পদ্ধতি ব্যৱহাৰ কৰা ভাল।
কিছুমান আৱশ্যক সাৱধানতা
- সদায় পৰিষ্কাৰ পাত্ৰত পানী ৰাখিব
- বীজাণুমুক্ত পানীত হাত নধোৱাব
- শিশুৰ বাবে সদায় উতলোৱা পানী ব্যৱহাৰ কৰিব
- ঘোলা পানী দীঘলীয়া সময় ৰাখি নাথাকিব
বিশুদ্ধ পানী সুস্থ জীৱনৰ আধাৰ। বিশেষকৈ গাঁও অঞ্চল, বানপানীৰ সময় বা সন্দেহজনক পানী ব্যৱহাৰ কৰাৰ আগতে পানী বীজাণুমুক্ত কৰাটো অতি প্ৰয়োজনীয়। অলপ সচেতনতাই আপোনাক আৰু আপোনাৰ পৰিয়ালক বহু গুৰুতৰ ৰোগৰ পৰা বচাব পাৰে। সেয়ে, সদায় পানী ব্যৱহাৰৰ আগতে বীজাণুমুক্ত কৰাৰ অভ্যাস গঢ়ি তোলক। ওপৰত উল্লেখ কৰা পদ্ধতিসমূহ ব্যৱহাৰ কৰি আপুনি সহজে ঘৰতেই পানী সুৰক্ষিত কৰিব পাৰে।