মোবাইল ফোন আৰু আজিৰ প্ৰজন্ম

আজিৰ ডিজিটেল যুগত মোবাইল ফোন মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে মোবাইল ফোন কেৱল যোগাযোগৰ মাধ্যম নহয়, ই শিক্ষা, জ্ঞানৰ ভাণ্ডা, বিনোদন, আৰু সামাজিক সংযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। কিন্তু এই সুবিধাৰ লগে লগে কিছুমান গুৰুত্বপূৰ্ণ সমস্যাও উদ্ভৱ হৈছে, ইয়াৰ অত্যধিক ব্যৱহাৰ ফলত শিশু আৰু যুৱক-যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশত বহুটো নেতিবাচক প্ৰভাৱ পৰা দেখিবলৈ পাওঁ।

এই পোষ্টটোত মোবাইল ফোন আৰু আজিৰ প্ৰজন্মক কেনেকৈ জীৱনশৈলী, শিক্ষা আৰু সমাজিক আচৰণত প্ৰভাৱ পেলাইছে তাৰ বিশ্লেষণ কৰা হৈছে।

মোবাইল ফোনৰ সুবিধাসমূহ

১. সহজ যোগাযোগঃ- মোবাইল ফোনৰ সহায়ত মানুহে মুহূৰ্ততে যিকোনো ঠাইৰ পৰা আনজনৰ লগত যোগাযোগ কৰিব পাৰে। ফোন কল, মেছেজ, আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে যোগাযোগ সহজ হৈ পৰিছে।

২. শিক্ষা আৰু জ্ঞান লাভঃ- ইণ্টাৰনেট সংযোগ থকা মোবাইল ফোনে শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱ আনিছে। ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছ, ই-বুক, আৰু শিক্ষা সম্পৰ্কীয় ভিডিঅ’ৰ জৰিয়তে সহজে জ্ঞান লাভ কৰিব পাৰে।

৩. বিনোদনৰ উৎসঃ- মোবাইল ফোনত গান শুনা, ভিডিঅ’ চোৱা, গেম খেলা আদিৰ জৰিয়তে মানুহে সহজে মনোৰঞ্জন লাভ কৰে। ই মানসিক চাপ কমাবলৈ সহায় কৰে।

৪. দক্ষতা বৃদ্ধিঃ- বিভিন্ন এপ্লিকেশ্যনৰ সহায়ত আজিৰ যুৱক-যুৱতীয়ে নতুন দক্ষতা শিকিব পাৰিছে, যেনে—ডিজাইনিং, ভিডিঅ’ এডিটিং, অনলাইন মাৰ্কেটিং আদি।

মোবাইল ফোনৰ অসুবিধাসমূহ

১. আসক্তি (Addiction)ঃ- অধিক মোবাইল ব্যৱহাৰে যুৱ প্ৰজন্মক আসক্ত কৰি তুলিছে। ই তেওঁলোকৰ সময় অপচয় কৰে আৰু বাস্তৱ জীৱনৰ পৰা আঁতৰাই ৰাখে। যেনেঃ- ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব আদি।

২. স্বাস্থ্যৰ সমস্যাঃ- বেছি সময় স্ক্ৰীণ চাই থাকিলে চকুৰ সমস্যা, নিদ্ৰাৰ অসুবিধা, আৰু মগজুৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

৩. সামাজিক সম্পৰ্কৰ অৱনতিঃ- মোবাইল ব্যৱহাৰৰ বাবে মানুহে মুখামুখি কথা কোৱাৰ পৰিমাণ কমি গৈছে। ই পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক দুৰ্বল কৰে।

৪. শিক্ষাত ব্যাঘাতঃ- যদিও মোবাইল শিক্ষা সহায়ক, কিন্তু অধিকাংশ সময়ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ ঠাইত গেম বা ছ’চিয়েল মিডিয়াত সময় অপচয় কৰে।

সমাধান আৰু পৰামৰ্শ

দৈনিক মোবাইল ব্যৱহাৰৰ সময় সীমা নিৰ্ধাৰণ কৰা উচিত। পঢ়া আৰু গুৰুত্বপূৰ্ণ কামত মোবাইল ব্যৱহাৰ সীমিত কৰিব লাগে। অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক মোবাইল ব্যৱহাৰ তত্বাৱধান কৰিব লাগে। নিজৰ শিশুবিলাকক বা যুৱক-যুৱতীক মোৱাইলত গেম খেলিবলৈ নিদিয়াকৈ বাহিৰত খেলাধূলা আৰু সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ দিব লাগে।

মোবাইল ফোন আজিৰ যুগত এক অত্যাৱশ্যকীয় সঁজুলি, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰেই জীৱনত সফলতা আনিব পাৰে। যুৱ প্ৰজন্মে যদি মোবাইল ফোনৰ সদ্ব্যৱহাৰ কৰে, তেন্তে ই তেওঁলোকৰ ভবিষ্যত উজ্জ্বল কৰিব পাৰে; অন্যথা, ই এক বিপদৰ কাৰণ হ’ব পাৰে।

মোবাইলফোন #আজিৰপ্ৰজন্ম #ডিজিটেলযুগ #শিক্ষা #যুৱসমাজ #Technology #AssameseBlog

Leave a Comment