ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। ভাই-ভনীৰ মাজত থকা বন্ধনক উদযাপন কৰা হিন্দু উৎসৱ ৰাখী বন্ধন। আজিৰ দিনটোতে ভগ্নীসকলে ভাতৃৰ হাতৰ কব্জিত ৰাখী নামৰ পবিত্ৰ সূতা বান্ধি তেওঁলোকৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে। ভাতৃদ্বয়ে ভনীয়েকক ৰক্ষা কৰি উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এই দিনতে ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। সেই ৰাখীডালতে ইজনে সিজনৰ প্ৰতি থকা মৰম-চেনেহ, প্ৰেম আৰু ভাতৃত্ববোধবোৰ প্ৰকাশ পায়। ৰাখীবন্ধন এডাল ৰঙীন সূতাই নহয় ৰাখীবন্ধন মানে হৈছে ভাতৃ আৰু ভগ্নী মাজৰ এক মৰমৰ বান্ধোন। এই ৰাখীবন্ধনৰ উৎৱসটো কেতিয়াৰ পৰা পালন কৰি আহিছিল ইয়াৰ বিষয়ে আজিলৈকে সঠিককৈ ক’ব নোৱাৰে, যদিও ইয়াৰ বিষয়ে পুৰণি আখ্যান বা বিভিন্ন জনৰ মত পোৱা যায়। ৰাখীবন্ধন উপলক্ষে আপুনি আপোনাৰ ভাই-ভনীসকলৰ সৈতে শ্বেয়াৰ কৰিব পৰা কিছুমান ৰক্ষা বন্ধনৰ শুভেচ্ছা আৰু শুভেচ্ছা আগবঢ়োৱা হ’ল:
- ভগৱানে আপোনাক সদায় আশীৰ্বাদ কৰক আৰু সদায় ৰক্ষা কৰক। তুমি পৃথিৱীৰ শ্ৰেষ্ঠ ভাই/ভগ্নী। ৰখী বন্ধনৰ শুভেচ্ছা থাকিল!
- ভাই ভনী সম্পর্ক হৈছে জোনাকৰ দৰে যিমান নহওঁক কাজিয়া কিন্তু সম্পর্ক থাকে অটুট। শুভ ৰাখী বন্ধন
- ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়, ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন। শুভ ৰাখী বন্ধন
- এই ৰাখী বন্ধন আপোনাৰ বাবে বিশেষ হওক আৰু ই আপোনালোকৰ বাবে পৃথিৱীৰ সকলো সুখ কঢ়িয়াই আনক। মই তোমাক ভাল পাওঁ, প্ৰিয় ভাই/ভনী। ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল!
- ভাল বেয়া সময়ত সদায় ইজনে সিজনৰ কাষত থাকক। তুমি মোৰ শক্তি আৰু মোৰ সমৰ্থন। ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল!
আশা কৰো আপোনালোকৰ ভাই-ভনীৰ সৈতে এক সুন্দৰ ৰাখীবন্ধন পাওক! 😊