Rangsapara Cleanest village of Assam

এখন পৰিষ্কাৰ-পৰিচ্ছন্ন গাওঁ ৰাংচাপাৰা

ৰাংচাপাৰা গাওঁখন বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত, আগিয়াৰ পৰা চাৰি কিলোমিটাৰ✱ অৰ্থাৎ গোৱালপাৰা চহৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত্ব। ইয়াত দ্যা পাবল্কি হেলথ ইঞ্জিনিয়াৰ ডিপাৰ্টমেন(The Public Health Engineering Department) ৰ দ্বাৰা ২০১৬-১৭ বৰ্ষত অসমৰ সকলোতকৈ শ্ৰেষ্ঠ স্বচ্ছ গাওঁ হিচাপে ঘোষণা কৰে। ২০১৪ চনৰ দুই অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনটোত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আৰম্ভ কৰিলে স্বচছ ভাৰত অভিযান৷ ইয়াৰ কেইবা বছৰ পিছতে  গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁৱক “শ্ৰেষ্ঠ স্বচ্ছ গাওঁ”-ৰ বঁটাৰে সন্মানিত কৰা হৈছে।  ইয়াৰ পিছতে ৰাংচাপাৰা গাওঁখনৰ পৰা ৬-৭ কিলোমিটাৰত বালাচাৰি আমগুৰী গাওঁখন স্বচ্ছ আৰু পৰিষ্কাৰ গাওঁ হিচাপে স্বীকৃতি পাইছে।

ইনুলিছ ঘৰৰ চোতালত

    চাফ চিকুণৰ বাবে ১৯৯০ চনত বৰ্তমান গাওঁ বুঢ়া ৰবাৰ্ট জন মমিননে। ২০০০ চনত গাওঁবাসীয়ে চাৰি প্ৰস্তাৱ দাঙি লৈছিল- শান্তি আৰু একতা, স্বচ্ছ আৰু চাফ চিকুণ শৌচালয়, স্বচ্ছ পানী। প্ৰতি বৃস্পতিবাৰে পুৰুষবিলাকৰ দ্বাৰা আৰু শনিবাৰে মহিলাবিলাকৰ দ্বাৰা গাওঁখন চাফ চিকুণৰ লগতে এক ম্যানেজিং কমিটি গঠন কৰিছিল। মানুহে কাহিলিপুৱাতে উঠি নিজৰ ঘৰ চতাল, ৰাস্তা দুৱাৰ চাফচিকুণ কৰি তোলে। এই গাওঁত দুটা অংশত গঠিত- ৰাংচাপাৰা আৰু খাৱাৰি। গাওঁৰ জনসংখ্যা ৯২ ঘৰৰ পাঁচশৰো অধিক খ্ৰীষ্টিয় মানুহ থাকে। তাৰ প্ৰধান খাদ্য ভাত, মাংস। এই গাঁৱক ৰাজ্য চৰকাৰে দ্বাৰা পাঁচ লাখ টকা পুৰষ্কাৰ হিচাপ দিছিল, যাৰ যোগেদি উন্নয়ন আৰু কল্যাণমূলক কামৰ বাবে ব্যৱহাৰ কৰিব দিছিল। গাওঁত পকা শৌচাগাৰ আৰু খোলা মলত্যাগৰ অনুমতি নিষেধ। ম্যানেজিং কমিটিয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰাপান, ড্ৰাগছ আৰু প্লাষ্টিকৰ ব্যৱহাৰ সম্পৰ্কে কঠোৰ নিয়ম বিধি আছে। যিকোনো ব্যক্তি নিয়ম লঙ্ঘনকাৰী ৫,০০১ টকা জৰিমনা কৰা হৈছে।  এই গাঁৱত প্ৰায় ৭০ শতাংশ ইংৰাজী, গাৰো আৰু অসমীয়াৰ ভাষা কথা কব জানে আৰু ইয়াত প্ৰায় ভাগ খেতিয়ক, বনুৱা, ৰবৰ আৰু ধান খেতিয়ে নিজকে নিজে আত্মনিৰ্ভৰশীল কৰি চলে। তাতে বাঁহৰ তৈয়াৰী ডাস্টবিন ব্যৱহাৰ কৰা হয়। ৰাংচাপাৰা গাঁৱত এখন প্ৰাথমিক বিদ্যালয়, এখন এমই স্কুল আৰু এখন বেপটিষ্টৰ গীৰ্জাঘৰ। উল্লেখযোগ্য যে ইয়াত কোনো মেডিকেল সুবিধা নাই, দ্ৰেইন নাই, উচ্চ মাধ্যমিক নাই, উচ্চতৰ মাধ্যমিক নাই আৰু পৰ্যটন আবাস নাই। জানিব পৰা মতে অতি শীগ্ৰে পৰ্যটনৰ কাৰণে থাকিব পৰা পৰ্যটন আবাস চিন্তা চৰ্চা কৰি আছে। তথাপি চৰকাৰে এই ক্ষেত্ৰ অকনমান চকু মেলি চাব লাগে। কাৰণ দৈনদিন অগণন পৰ্যটকৰ আগমণৰ পৰিলক্ষিত হোৱা দেখা গৈছে।

ৰাংচাপাৰা আচিক্ ব্যাপ্টিজ চাৰ্চ্চ

ৰাংচাপাৰাৰ ইনুলিছ ঘৰৰ বাৰেবৰণীয়া ফুলসমুহ মনবোৰ ভাল লাগে, আপোনালোকেও চাই ভাল লাগিব।

এখন পৰিষ্কাৰ-পৰিচ্ছন্ন গাওঁ ৰাংচাপাৰা ।  Rangsapara Cleanest village in India

দেশৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এখন সুন্দৰ, স্বচছ দেশ গঢ়িবলৈ সকলোৱে একেলগে কাম কৰা উচিত৷

✱বাদুংদুপ্পা কলা কেন্দ্ৰ নাট্য ৰ পৰা আনুমানিক দুই কিলিমিটাৰমান হ’ব।

ৰাংচাপাৰা ভাৰতৰ ভিতৰত স্বচ্ছ গাওঁ, ৰাংচাপাৰাৰ ফুল, ৰাংচাপাৰাৰ ফুলৰ বাগিচা

Leave a Comment

Your email address will not be published. Required fields are marked *