ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পৰ্ক

       ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছৰে পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত এক সুসম্পৰ্ক চলি আহিছে। ভাৰত আৰু ৰাছিয়াৰ পাৰস্পৰিক সম্বন্ধ বিশ্বাস আৰু উমেহতীয়া আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ বহু মেৰু সম্পন্ন বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল। ২০০১ চনত স্বাক্ষৰ কৰা ভাৰত ৰাছিয়াৰ কৌশলগত চুক্তি, ২০০১ ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় ৮০ খনৰো অধিক দ্বি-পাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰতৰ সামৰিক বাহিনীয়ে বেছিভাগ অস্ত্ৰ-শস্ত্ৰ তথা প্ৰতিৰক্ষাৰ সামগ্ৰী ৰাছিয়াৰ পৰা লাভ কৰে। ইয়াৰ উপৰি মহাকাশ আৰু প্ৰতিৰক্ষা পাৰমাণৱিক শক্তিৰ ওপৰতো ৰাছিয়াই সহযোগিতা আগবঢ়ায়। খনিজ তেল আমদানি কৰা দেশ হিচাপে ভাৰতবৰ্ষক ৰাছিয়াই খনিজ তেলৰ সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায়। মুঠতে দুয়োখন দেশৰ মাজত বাণিজ্য, বিমান প্ৰস্তুতকৰণ আৰু নিচাযুক্তু দ্ৰব্যৰ বে-আইনী ব্যৱসায়িক নিয়ন্ত্ৰণৰ চুক্তিও স্বাক্ষৰিত হয়।

       এনেদৰে দেখা যায় যে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা সু-সম্পৰ্ক আছিল অতি ঘনিষ্ঠ।

Leave a Comment