ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় নীতিৰ ওপৰত প্ৰতিষ্ঠিত। কেন্দ্ৰৰ শাসন ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যৰ শাসন ব্যৱস্থা ৰাজ্যিক চৰকাৰৰ হাতত সংবিধানে ন্যস্ত কৰিছে। ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে সংবিধানে ৰাষ্ট্ৰপতি পদৰ ব্যৱস্থা কৰাৰ দৰে ৰাজ্যৰ মুৰব্বী হিচাপে ৰাজ্যপাল পদৰ সৃষ্টি কৰিছে।
ৰাজ্যপালে ৰাজ্যিক শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ দ্বৈত ভূমিকা পালন কৰিব লাগে— ক) ৰাজ্যিক সাংবিধানক মুৰব্বী আৰু, খ) কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে। ৰাজ্যৰ মুৰব্বী হিচাপে সংবিধানে ৰাজ্যপালৰ ওপৰত প্ৰশাসনীয়, অৰ্থসংক্ৰান্ত, আইন প্ৰণয়ন আৰু ন্যায়িক ক্ষমতা অৰ্পণ কৰিছে, তেওঁ নিজে নাইবা তলতীয়া কৰ্মচাৰীৰ জৰিয়তে ৰাজ্যৰ শাসন পৰিচালনা কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে তেওঁ ৰাজ্যিক চৰকাৰৰ শাসন সংক্ৰান্তৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ নীতিবোৰ ৰাজ্যত প্ৰয়োগ কৰিব লাগে।
ক) ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপালৰ ভূমিকাঃ সংবিধানৰ ১৫৪-নং অনুচ্ছেদ অনুসৰি ৰাজ্যৰ সকলো কাৰ্যবাহী ক্ষমতা ৰাজ্যপালৰ ওপৰত ন্যস্ত কৰা হৈছে। তেওঁ নিজে নাইবা অধীনস্থ কৰ্মচাৰীৰ জৰিয়তে ৰাজ্যৰ শাসন পৰিচালনা কৰিব পাৰে। সংবিধানৰ ১৬৩-নং অনুচ্ছেদত উল্লেখ আছে যে ৰাজ্যপালে স্ব-বিচাৰ ক্ষমতা আনুসৰি কৰিবলগীয়া কামবোৰৰ বাহিৰে আন কামৰ ক্ষেত্ৰত তেওঁক সহায় আৰু পৰামৰ্শ দিবৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন মন্ত্ৰী-পৰিষদ থাকিব। কিন্তু মন্ত্ৰী-পৰিষদৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালে কাৰ্য কৰিবলৈ বাধ্য হয় নে নহয় সেই বিষয়ে সংবিধানত উল্লেখ নাই। সংবিধানৰ ৪২-তম সংশোধনীৰ জৰিয়তে ৭৪-নং অনুচ্ছেদ ঘটোৱাৰ ফলত বৰ্তমান ৰাষ্ট্ৰপতি কেন্দ্ৰীয় মন্ত্ৰী-পৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্য-পালন কৰিবলৈ বাধ্য। কিন্তু ৪২-তম সংশোধনত ৰাজ্যপাল ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্য পালন কৰিবলৈ বাধ্য থকাৰ বিষয়ে উল্লেখ নাই।
ৰাজ্যৰ ৰাজ্যপালসকলে কিছুমান স্ব-বিচাৰ ক্ষমতা ভোগ কৰে। এই ক্ষেত্ৰত তেওঁ মন্ত্ৰী-পৰিষদৰ লগত আলোচনা কৰা বা উপদেশ লোৱাৰ প্ৰয়োজন নাই। স্ব-বিচাৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰশ্ন উদ্ভৱ হ’লে ৰাজ্যপালৰ সিদ্ধান্তই চূড়ান্ত হয় আৰু এনে সিদ্ধান্তৰ বৈধতা আদলতত বিচাৰ কৰিব পৰা নাযায়। কেন্্দৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে প্ৰশাসনিক সংস্কাৰ আয়োগ(Administrative Reform Commission) য়ে গঠন কৰি দিয়া অধ্যয়ন দলৰ পৰামৰ্শ মতে ৰাজ্যিক চৰকাৰৰ মুৰব্বী হিচাপে ৰাজ্যপালসকলৰ হাতত কিছুমান স্ব-বিচাৰ ক্ষমতা থাকিব লাগে- যেনেঃ (ক) মুখ্যমন্ত্ৰীৰ নিযুক্তি (খ) মন্ত্ৰী-পৰিষদক বৰ্খাস্ত (গ) বিধেয়কত সন্মতি প্ৰত্যাখ্যান (ঘ) বিধানসভা ভংগ কৰি দিয়া (ঙ) উপদেশ, পৰামৰ্শ আৰু সাৱধান কৰি দিয়া অধিকাৰ (চ) অসম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, চিকিম, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়ৰ ৰাজ্যপালসকলৰ হাতত বিশেষ ক্ষমতা অৰ্পণ।
FAQ
ৰাজ্যপালক কোনে নিযুক্তি দিয়ে
সংবিধানৰ ১৫৫-নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিয়োগ কৰে।