বছৰত ছটা ঋতু। এই ঋতু সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋুতৃ বিভাজন কৰা হয়। বসন্ত(Spring), গ্ৰীষ্ম(Summer), শৰৎ (Autumn) আৰু শীত (Winter) – এই চাৰিটা প্ৰধান ঋতু দেখা যায়; যেতিয়া বিষুৱ ৰেখাৰ ওচৰৰ অঞ্চলত দুটা, কৰ্কট আৰু মকৰ ক্ৰান্তি ৰেখাৰ ওচৰৰ অঞ্চলত ছয়টা, নাতিশীতোষ্ণ মণ্ডলত চাৰিটা আৰু শীত প্ৰধান মেৰু অঞ্চলত দুটা ঋতু দেখা যায়। এটা অঞ্চলৰ ঋতু ঠাই খনৰ অৱস্থান, পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী ভূ-তাত্ত্বিক গঠন, বতাহৰ চলাচল, অৰণ্য আৰু গছ-গছনি আদি বিভিন্ন কাৰণৰ ওপৰত নিৰ্ভৰশীল। সেই কাৰণে কোনো অঞ্চলৰ ঋতু অধ্যয়ন নকৰাকৈ পূৰ্বানুমান কৰিব নোৱাৰি।
ঋতুৰ প্ৰকাৰ
ক) গ্ৰীষ্মমণ্ডলীয় অঞ্চলত দুই প্ৰকাৰৰ ঋতু থাকে, যেনে- বৰ্ষাকাল আৰু শুষ্ককাল।
খ) শীতমণ্ডলীয় অঞ্চলত দুই ঋতু প্ৰকাৰৰ থাকে, যেনে- মেৰু দিন (Polar Day) (বসন্ত আৰু গ্ৰীষ্ম) আৰু মেৰু ৰাতি (Polar Night) (শৰৎ আৰু শীত)।
গ) নাতিশীতোষ্ণ মণ্ডলীয় অঞ্চলত চাৰি প্ৰকাৰৰ ঋতু পোৱা যায়; যেনে- বসন্ত, গ্ৰীষ্ম, শৰৎ আৰু শীত
ঘ) ভাৰতকে আদি কৰি ক্ৰান্তীয় অঞ্চলত ছয় প্ৰকাৰৰ ঋতু দেখিবলৈ পোৱা যায়, যেনে- বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত আৰু শীত।
অসমীয়া ঋতু আৰু মাহ হ’ল-
১. শীতকাল (নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ): শীতকালত অসমৰ উষ্ণতা যথেষ্ট হ্ৰাস পায়, বিশেষকৈ পুৱাৰ ভাগত আৰু গধূলি শেষৰ ফালে। কিন্তু ভাৰতৰ আন বহু প্ৰান্তৰ তুলনাত অসমৰ শীতকাল তুলনামূলকভাৱে মৃদু। মাঘ আৰু ফাগুন এই দুই মাহ মিলি শীতকাল গঠিত। এই সময়ত পিঠা-পনা আদিৰ সমাহাৰ হয়। এই সময়ত খেতি ছপোৱা প্ৰায় শেষ হোৱা বাবে কৃষিৰ লগত জড়িত ব্যক্তি সকলৰ আজৰি সময়। অসমত এই সময়ত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই সময় বনভোজৰ বাবে উত্তম। আৰু জীৱ-জন্তু সমূহে এই সময়ত শীতনিদ্ৰাত মগ্ন হয়।
২. বসন্ত (মাৰ্চৰ পৰা এপ্ৰিললৈ): চ’ত আৰু বহাগ মাহত বসন্ত কাল অনুভূত হয়। বসন্ত হৈছে ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পোৱা এটা সংক্ৰমণকালীন ঋতু। বতৰ অধিক সুখদায়ক হৈ পৰে, আৰু বিভিন্ন ফুল আৰু গছ-গছনি ফুলাৰ বাবে প্ৰায়ে ৰসাল আৰু সেউজীয়া হৈ পৰে। এই ঋতুত দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়, গছত কুঁহিপাত ওলায় আৰু বিভিন্ন ধৰণৰ ফুল ফুলে। শীতনিদ্ৰাৰ পৰা জীৱসমূহ সাৰ পায়। চৰাই-চিৰিকটিৰ মাতেৰে সকলো মুখৰিত হৈ থাকে। এই সময় জীৱ-জন্তুৰ প্ৰণয় মিলনৰ সময়। কুলি-কেতেকীৰ মাত আৰু কপৌ ফুল এই ঋতুৰ অন্যতম বৈশিষ্ট্য। বিভিন্ন অঞ্চলত এই সময়ত বসন্ত উৎসৱ পালন কৰা দেখা যায়। অসমত এই সময়ত বহাগ বা ৰঙালী বিহু পালন কৰা হয়। প্ৰকৃতিৰ মনোমোহা ৰূপৰ বাবে এই ঋতুক ঋতুৰাজ বসন্ত বুলিও কোৱা হয়।
৩. গ্ৰীষ্মকাল (মে’ৰ পৰা জুনলৈ): অসমীয়া বৰ্ষপঞ্জী অনুসৰি জেঠ আৰু আহাৰ মাহ মিলি গ্ৰীষ্মকাল গঠিত হয়। গ্ৰীষ্মকালত গৰম আৰু আৰ্দ্ৰ বতৰ। এই সময়ত সূৰ্য্যৰ তাপমাত্ৰা বৃদ্ধি পায়, আৰু অঞ্চলটোত ঋতুৰ শেষৰ ফালে বাৰিষাৰ পূৰ্বে বৰষুণৰ অভিজ্ঞতা হয়। এই বতৰত গছসমূহত বিভিন্ন প্ৰকাৰৰ ফল পকা দেখা যায় ফল দেখা যায়, যেনে: আম, কঁঠাল, লিচু, জামু ইত্যাদি।
৪. বাৰিষা (জুনৰ পৰা ছেপ্টেম্বৰলৈ): বাৰিষা বতৰত প্ৰচণ্ড বৰষুণ, অধিক আৰ্দ্ৰতা, আৰু শীতল উষ্ণতা থাকে। এই সময়ছোৱাত অসমত যথেষ্ট পৰিমাণৰ বৰষুণ হয়, যাৰ ফলত সেউজীয়া ঘাঁহ-বন আৰু ভূমিৰ উৰ্বৰতাত অৰিহণা যোগায়। এই সময়ত প্ৰচুৰ পৰিমাণে বৰ্ষাপাত হোৱা কাৰণে খাল-বিল, নদ-নদী পানীৰে উপচি পৰি মাছ-কাছ উভৈনদী হয়। বাট-পথ বোকাৰে ভৰি পৰে। আৰু এই সময়ত ভেকুলীৰ টোৰ-টোৰণি শুনা যায়। এই সময় কৃষকে খেতি আৰম্ভ কৰা। শাওন আৰু ভাদ মাহত এই ঋতু বিদ্যমান হয়।
৫. শৰৎ (আগষ্ট পৰা অক্টোবৰলৈ): শৰৎ বাৰিষা আৰু শীতকালৰ মাজৰ এটা চুটি আৰু পৰিৱৰ্তনশীল ঋতু। বতৰ শুকান হৈ পৰে, বতৰ ফৰকাল হয় আৰু তাপমাত্ৰা কমিবলৈ আৰম্ভ কৰে, যাৰ ফলত শীতকালৰ বাবে আদৰণি জনোৱা হয়। শেৱালি, বকুল আদি ফুল কেৱল শৰৎ কালত ফুলে। নদীৰ পাৰত কঁহুৱা বন ফুলা দেখা যায়। শৰৎ কালত ভাৰতত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বন(দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালী পূজা আদি ) অনুষ্ঠিত কৰা হয়। এই সময়ত খেতিয়কে কাতি বিহু পালন কৰা হয়। প্ৰকৃতিৰ অপৰূপা ৰূপৰ বাবে শৰৎ ঋতুক ‘ঋতু ৰাণী’ বুলি অভিভিত কৰা হয়।
৬. হেমন্ত কাল(অক্টোবৰ পৰা ডিচেম্বৰলৈ)
আঘোণ আৰু পুহ মাহত এই ঋতু বিদ্যমান হয়। নিয়ৰ-কুঁৱলী পৰা এই ঋতুৰ প্ৰধান লক্ষণ। এই সময়ত শীতৰ প্ৰকোপ লাহে লাহে বাঢ়ি আহে আৰু গছৰ পাত সৰিবলৈ ধৰে। খেতিয়ক সকল এই সময়ত খেতি ছপোৱাত ব্যস্ত থাকে।
এই ঋতুবোৰে অসমৰ কৃষি অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কৃষি কাৰ্যকলাপক প্ৰভাৱিত কৰে আৰু অঞ্চলটোৰ জনসাধাৰণৰ সামগ্ৰিক জীৱনশৈলী গঢ় দিয়ে। অসমৰ বৈচিত্ৰময় জলবায়ু আৰু ভূ-প্ৰকৃতিয়ে ইয়াৰ চহকী জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যত অৰিহণা যোগায়।
FAQ
ছয় ঋতু কি কি/অসমীয়া ঋতু নাম
ছয় ঋতু ছয় প্ৰকাৰৰ-
১.গ্ৰীষ্ম কাল- জেঠ, আহাৰ(মধ্য-এপ্ৰিল পৰা মধ্য-জুনলৈ)
২.বৰ্ষা কাল- শাওন, ভাদ(মধ্য-জুন পৰা মধ্য-আগষ্টলৈ)
৩.শৰৎ কাল- আহিন, কাতি(মধ্য-আগষ্ট পৰা মধ্য-অক্টোবৰলৈ)
৪.হেমন্ত কাল- আঘোণ, পুহ(মধ্য-অক্টোবৰ পৰা মধ্য-ডিচেম্বৰলৈ)
৫.শীত কাল- মাঘ, ফাগুন(মধ্য- ডিচেম্বৰ পৰা মধ্য-ফেব্ৰুৱাৰীলৈ)
৬.বসন্ত কাল- চ’ত, বহাগ(মধ্য- ফেব্ৰুৱাৰী পৰা মধ্য-এপ্ৰিললৈ)।
অসমৰ প্ৰধান ঋতু কেইটা কি কি
অসমৰ প্ৰধান ঋতু ছয়টা; সেই কেইটা হ’ল- গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।