tumi suwa jetia lyrics

না.. না…..

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
তুমি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজেত দিগন্ত
সৃষ্টিৰ অপৰুপ অনন্ত

মেঘালি চুলি তাৰিত
দৌ খেলে ৰ’দ দাৰি
হাহিত মিচিকনি
সোনাৰুৰে পাহি
সজল সজল চাৱনিত
ত’ৰাৰে জিলিকনি
সেন্দুৰিয়া ওঠতে
কথাৰে নিচুকনি
বুকুৰ মাজতে দেখো জাগে সপোন
চকুৰ পতাত আঁকি তোমাক চিকুন
বুকুৰ মাজতে দেখো জাগে সপোন
চকুৰ পতাত আঁকি তোমাক চিকুন
তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
তুমি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত
সৃষ্টিৰ অপৰুপ অনন্ত

পুৱা দুচকু মেলি
এপল দুপলা বেলি
নিজম নিজম গধুলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালি
ধৰি আছে পদুলি
তুমি গৰকি গ’লেই
সিও হ’ব সোনালী
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাহি বুকুৰ মাজত
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাহি বুকুৰ মাজত
এতিয়া দুৰ আকাশ পৰেহি দুবাহুত পিচলি

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
তুমি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত
সৃষ্টিৰ অপৰুপ অনন্ত

Leave a Comment