অসমৰ নিবনুৱা সমস্যা সমাধানৰ উপায়

      ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। এই দেশে ইতিমধ্যে স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে যদিও সামগ্ৰিক উন্নয়নৰ দিশত বৰ বেছি আগবাঢ়িব পৰা নাই। বৰ্তমান দেশখনৰ এখ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত। সন্ত্ৰাসবাদৰ সমস্যা, বিচ্ছিন্নতাবাদৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, জনসংখ্যা বৃদ্ধিৰ সমস্যা, নিবনুৱা সমস্যা, শিক্ষাৰ সমস্যা প্ৰভৃতি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত দেশখনৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশৰ বিকাশ যেনেদৰে হ’ব লাগিছিল, তেনে হোৱা দেখা নাযায়। বিশেষকৈ বৰ্তমান সময়ত নিবনুৱা সমস্যাই ব্যাপক ৰূপ পৰিগ্ৰহ কৰা দেখা গৈছে।

       স্বাধীনতা লাভৰ পিছত দেশৰ উচ্চ শিক্ষাৰ যথেষ্ট পৰিমাণে সম্প্ৰসাৰিত হ’লেও কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষাৰ সম্প্ৰসাৰণ নঘটাত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ পৰিগ্ৰহ কৰিছে। যোৱা শতিকাটোত ভাৰতবৰ্ষত প্ৰায় ২৪০ খন বিশ্ববিদ্যালয়, ১১,০০০ মহাবিদ্যালয় আৰু সেই সমূহত অধ্যয়ন কৰা ৭০ লাখৰো অধিক ছাত্ৰ-ছাত্ৰী থকা বুলি জানিব পৰা গৈছে।

       ভাৰতবৰ্ষত প্ৰায় ৭০০০ খন শিক্ষা বিষয়ত প্ৰশিক্ষণ মহাবিদ্যালয়, ১১০ খন পলিটেকনিক, ৬০০ খন মেনজমেণ্ট প্ৰতিষ্ঠান, ৫৫০ খন কাৰিকৰী আৰু প্ৰযুক্তিবদ্যাৰ মহাবিদ্যালয় আৰু ১৭০ খন চিকিৎসা মহাবিদ্যালয় আছে। এইবোৰৰ বাহিৰেও ২৪০ খন বিশ্ববিদ্যালয় আছে। এইবোৰৰ পৰা উচ্চ শিক্ষা লাভ কৰা শতকৰা ৮৮% স্নাতক ডিগ্ৰীধাৰী, ১০% আৰু মাত্ৰ ২% লোকে গৱেষণা কাৰ্যত আত্মনিয়োগ কৰিছে। অসমতো শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে নিবনুৱা সমস্যাও বৃদ্ধি পাইছে। ১৯৯৭ চনত শ্ৰম মন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অসমত নিবনুৱা সংখ্যা আছিল ১২,৮৪,২৮০ জন। ইয়াৰে অভিযান্ত্ৰিক স্নাতক ২,২৮৪ জন, চিকিৎসা বিজ্ঞানৰ স্নাতক ৬২ জন, কৃষি বিজ্ঞানৰ স্নাতক ৬৫২ জন, ঔদ্যাগিক প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক ১৫,৩০২ জন, স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৪,৯৮৩ জন, কলা, বিজ্ঞান আৰু বাণিজ্য স্নাতক ৮৩,৯৯৭ জন, উচ্চতৰ মাধ্যমিক ২,৪৫,১৮০ জন উচ্চ মাধ্যমিক ৮৯,২৫৮ জন, ডিপ্লমা অভিযন্তা ৬,২১০ জন, দশম শ্ৰণীলৈ শিক্ষা গ্ৰহণ কৰা ৪,৩২,৮৪০ জন। ইয়াৰে কিছু সংখ্যক ইতিমধ্যে সংস্থাপিত হ’লেও বিগত দহ বছৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে। এই বৃদ্ধিৰ পৰিমাণ শতকৰা ১% ধৰিলেও দহ বছৰত নিবনুৱাৰ সংখ্যা হয় ১৪,১২,৭৮০ জন আৰু ২% ধৰিলে দহ বছৰত ইয়াৰ সংখ্যা হয় ১৫,৪১,১৩৬ জন। গতিকে পৰিসংখ্যাৰ পৰা বৰ্তমান সমস্যাৰ ভয়াৱদহাৰ বিষয়ে অনুমান কৰিব পাৰি।

       জনসংখ্যা বৃদ্ধিয়ে বৰ্তমান ভাৰতৰ অৰ্থনীতি, ৰাজনীতি আদি সকলোতে প্ৰভাৱ পেলাইছে। ভাৰতবৰ্ষৰ নিবনুৱা সমস্যাৰ বৃদ্ধিতো ই ব্যাপক প্ৰভাৱ পেলাইছে। বৰ্তমান ভাৰতবৰ্ষৰ জনসংখ্যাই এশ কোটিৰ সীমা অতিক্ৰম কৰিছে। এই বৃহৎ সংখ্যক লোকৰ অন্ন, বস্ত্ৰ আৰু কৰ্মসংস্থান প্ৰদান কৰাটো সহজ কথা নহয়। পৰিয়াল কল্যাণৰ বিভিন্ন আঁচনিসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ চৰকাৰ আৰু জনসাধাৰণে অবিৰতভাৱে চেষ্টা চলাব লাগিব।

       বৰ্তমান সমাজ ব্যৱস্থাও নিবনুৱা সমস্যাৰ বাবে সমানেই জগৰীয়া। বৰ্তমান সমাজত সকলো ধৰণৰ বৃত্তি বা ব্যৱসায়ক সমানে গুৰুত্ব দিয়া নাযায়। ফলত সামজিক মৰ্যাদা আৰু সম্ভ্ৰম ৰক্ষাৰ বাবে বহুতেই যিকোনো বৃত্তি অৱলম্বনৰ বাবে মানসিকভাৱে প্ৰস্তুত হোৱা দেখা নাযায়। ভাৰতবৰ্ষৰ দৰিদ্ৰতা, সামাজিক অন্ধবিশ্বাস, কুসংস্কাৰ আদিও নিবনুৱা সমস্যাৰ বাবে সমানেই জগৰীয়া।

নিবনুৱা সমস্যাৰ বাবে বৰ্তমান শিক্ষা ব্যৱস্থাও সমানেই জগৰীয়া। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাত গুৰুত্ব প্ৰদান কৰি বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰিব পৰাকৈ এচাম কৰ্মী নিয়োগ কৰাটো বৰ্তমান সময়ৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থাত বৃত্তিমুখী শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰ গুৰুত্বও যথেষ্ট কম। কিন্তু এইবোৰ প্ৰতিষ্ঠানৰ পৰা শিক্ষা লাভ কৰি শিক্ষাৰ্থীসকলে স্বাৱলম্বিতা অৱলম্বন কৰাৰ পৰিৱৰ্তে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। সেইবাবেই গুণগতভাৱে শিক্ষাৰ মান উন্নত কৰি প্ৰকৃতাৰ্থত মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে আত্মনিৰ্ভৰশীল তথা আত্মসংস্থাপনৰ বাবে উপযুক্ত কৰি শিক্ষাৰ্থীসকলক গঢ়ি তুলিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰাটো বৰ্তমান সময়ৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে।

       শিক্ষাৰ্থীসকলক বাস্তৱমুখী শিক্ষা প্ৰদানৰ যোগেদি নিবনুৱা সমস্যা সমাধানৰ বাবে যত্নশীল হোৱাটো বৰ্তমান অতি প্ৰয়োজনীয়ৰূপে বিবেচিত হৈছে। বৈজ্ঞানিক প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ লগে লগে কম মানুহৰ দ্বাৰা অধিক কাম সম্পন্ন কৰাটো সম্ভৱ হৈ উঠিছে। স্বসংক্ৰিয় যন্ত্ৰপাতি আৰু কম্পিউটাৰ ব্যৱহাৰে নিবনুৱাৰ কৰ্মসংস্থাপনত বাধাৰ সৃষ্টি কৰিছে।

ভাৰতবৰ্ষত শতকৰা ৭০ শতাংশ লোকেই কৃষিজীৱী। অসমৰ পৰিমাণ তাতোকৈয়ো অধিক। চৰকাৰে কৃষিৰ বিকাশ আৰু উন্নতিৰ কাৰণে কাম কৰিলে পৰোক্ষভাৱে নিবনুৱা আত্মসংস্থাপনত সহায় হ’ব। আত্মসহায়ক গোটসমূহক কৃষি ঋণ প্ৰদান কৰি সমূহীয়া বা সমবায় পদ্ধতিত কৃষি, পশুপালন, শিল্প উদ্যোগ স্থাপন, মীনপালন আদিত সহায় কৰিলেও পৰোক্ষভাৱে নিবনুৱা সমাধানত সহায় হ’ব। শিক্ষাৰ অৰ্হতাৰ ওপৰত ভিত্তি কৰি প্ৰতিজন শিক্ষিত নিবনুৱাকে কৰ্ম সংস্থাপন দিয়াটো চৰকাৰৰ কৰ্তব্য যদিও ইয়াৰে কিছু শতাংশ লোককহে চৰকাৰী চাকৰি দিয়োটো সম্ভৱ। তাৰ বিপৰীতে বাকীসকলে নানা ধৰণৰ ঔদ্যোগিক প্ৰশিক্ষণ লৈ শিল্প উদ্যোগ গঢ়ি তোলাত আগভাগ ল’ব লাগিব।

       নিবনুৱা সমস্যা বৰ্তমান দেশৰ এটি ভয়াবহ সমস্যাত পৰিণত হৈছে। দেশৰ মুঠ জনসাধাৰণৰ এক তৃতীয়াংশই কৰ্মঠ যুৱক-যুৱতী যদিও তেওঁলোকৰ সৰহসংখ্যকেই নিবনুৱা। ফলত যুৱশক্তিৰ অপচয় হৈছে আৰু দেশে উপযুক্ত সেৱাৰ পৰা বঞ্চিত হৈছে। শিক্ষাৰ ব্যৱস্থাৰ আমূল পৰিবৰ্তন, জনসংখ্যা বৃদ্ধিৰ ৰোধ কৰা, দুৰ্নীতি নিৰ্মূল কৰা প্ৰভৃতি দিশত গুৰুত্ব নিদিলে আদূৰ ভৱিষ্যতে এই সমস্যাই আৰু অধিক ভয়াবহ ৰূপ ল’ব। চৰকাৰে ব্যাপক আত্মসংস্থাপন আৰু কৰ্মসংস্থাপনৰ ব্যৱস্থা নকৰিলে, দেশত অপৰাধ, হিংসা আদিৰ প্ৰকোপ বাঢ়িব আৰু সেয়ে সমাজত ভয়ংকৰ সমস্যাৰ সৃষ্টি হ’ব। নিবনুৱা সমস্যাৰ সৈতে দেশৰ ৰাজনীতি, অৰ্থনীতি আৰু সমাজ নীতি জড়িত হৈ আছে। এই ক্ষেত্ৰত এতিয়াই সতৰ্কতা অৱলম্বন নকৰিলে, দেশত বিক্ষিপ্ত বিদ্ৰোহ, বিপ্লৱ আদিয়ে মূৰ দাঙি উঠিব আৰু চৰকাৰৰ পক্ষে সেইবোৰ নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ হৈ উঠিবষ নিবনুৱা সমস্যাৰ ভয়াৱহতাৰ বাবেই যুৱ উছৃংখলতা বৃদ্ধি পাইছে। যুৱ উছৃংখলতাই সামাজিক অপৰাধ, অৰ্থনৈতিক কাৰ্যকলাপৰ মাত্ৰা বৃদ্ধি কৰাত প্ৰশাসনৰ পক্ষে সেইবোৰ নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ হৈ পৰিব।

Leave a Comment