শিক্ষা কি?  ‘Education’ শব্দটোৰ উৎপত্তি ব্যাখ্যা | Explaining the origin of the word ‘Education’

শিক্ষা বুলিলে দেশ, মন আৰু আত্মাৰ সামূহিক বিকাশকে বুজা যায়। শিক্ষাৰ ব্যাপক অৰ্থত জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ লাভ কৰা প্ৰতিটো অভিজ্ঞাকে অন্তৰ্ভুক্ত কৰা হৈছে। সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে উদ্দেশ্য প্ৰণোদিতভাবে, নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ জ্ঞান দিয়াকে বুজা যায়। কাৰোবাৰ বাবে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ। অন্য এজনৰ মতে শিক্ষা হৈছে পৰিৱেশৰ লগত খাপ খাব পৰা ক্ষমতা। এই ক্ষমতা তিনি ধৰণে আহৰণ কৰিব পাৰি, সেয়া হ’ল আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অনৌপচাৰিক ভাবে।

শিক্ষা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ‘Education’-ৰ উৎপত্তি সম্বন্ধে বিভিন্ন মতামত আছে। জন আদামচৰ(John Adams) মতে Education শব্দটো লেটিন ভাষাৰ ‘Educare’ৰ পৰা আহিছে। Educare শব্দটো অৰ্থ হৈছে ‘তুলি তালি ডাঙৰ দীঘল কৰা’ বা ‘প্ৰতিপালন’। Education শব্দটো আন দুটা লেটিন শব্দ E আৰু Duco ৰ পৰা অহা বুলিও কোনো কোনো শিক্ষাবিদে মত পোষণ কৰিছে। ইয়াৰ শব্দগত অৰ্থ হ’ল E = Out of য’ৰ পৰা আৰু Duco = I lead অৰ্থাœৎ মই আগবাঢ়ো বা মই বিকাশ লাভ কৰো। আন দুটা লেটিন শব্দ Educare আৰু Educatum ৰ লগতে Education শব্দটোৰ উৎপত্তিৰ সম্বন্ধ আছে বুলি অনুমান কৰা হৈছে।

Leave a Comment