দৰিদ্ৰতা কি বহলাই লিখা

দৰিদ্ৰতাৰ বিভিন্ন ৰূপ আছে; ই ঠাই আৰু সময় ভেদে পৰিৱৰ্তন হৈ থাকে আৰু ইয়াক বহু ধৰণে ব্যাখ্যা কৰা হয়। দৰিদ্ৰতা এনে এটা পৰিস্থিতি যাৰ পৰা মানুহে প্ৰায়েই পৰিত্ৰাণ বিচাৰে। গতিকে দৰিদ্ৰতা হৈছে দুখীয়া আৰু চহকী উভয়ৰে প্ৰতি কাৰ্য গ্ৰহণৰ বাবে এক আহ্বান— সমগ্ৰ বিশ্বৰ পৰিবৰ্তনৰ বাবে আহ্বান যাতে বৃহৎ সংখ্যক মানুহে পৰ্যাপ্ত খাদ্য, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুবিধা তথ্য হিংস্ৰতাৰ বিৰুদ্ধে সুৰক্ষা লাভ কৰাৰ উপৰিও তেওঁলোকৰ সমাজত ঘটি থকা বিভিন্ন বিষয়ত মতামতৰ অধিকাৰ পাব পাৰে।

দৰিদ্ৰতা হৈছে ৰোগগ্ৰস্ততা আৰু চিকিৎসকক দেখুওৱাৰ অসমৰ্থতা। দৰিদ্ৰতা হ’ল বিদ্যালয়লৈ যোৱাৰ অসমৰ্থতা আৰু পঢ়িব নজনা। দৰিদ্ৰতা হ’ ল কৰ্মহীনতা। দৰিদ্ৰতা হ’ল ভৱিষ্যতৰ বাবে ভীতি, দিনে এসাজ খাদ্য প্ৰাপ্তি। দৰিদ্ৰতা হ’ল অপৰিষ্কাৰ পানীয়ে সৃষ্টি কৰা বেমাৰত নিজৰ সন্তান হেৰুওঁৱা। দৰিদ্ৰতা হ’ল ক্ষমতাহীনতা, প্ৰতিনিধিত্ব কৰাৰ সুযোগ আৰু স্বাধীনতাৰ অভাৱ। তোমালোকে কি ভাবা?

ফেৰীৱালা, মুচী, মালিনী, পেলনীয়া সামগ্ৰী বুটলি ফুৰা মানুহ, ঠেলাৱালা, মগনীয়া ইত্যাদি হৈছে সাধাৰণতে চহৰ অঞ্চলত দেখা পোৱা এনে দুখীয়া আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীভুক্ত লোকৰ উদাহৰণ। এওঁলোক অতি সামান্য পৰিমাণৰ পৰিসম্পদৰ গৰাকী। খেৰ, বাঁহ বা কাঠেৰে সজা চাল আৰু বোকা মাটিৰে প্ৰস্তুত কৰা বেৰৰ কেঁচা জুপুৰিত এওঁলোকে বাস কৰে। এইসকলৰ মাজেৰে দৰিদ্ৰতম সকলৰ আনকি এনেকুৱা নিম্নতম বাসস্থানৰ সুবিধাও নাই। গ্ৰামাঞ্চলত দুখীয়া সকলৰ বেছিভাগেই ভূমিহীন;  নিজস্ব কোনো কৃষি এওঁলোকৰ নাই। আনকি যিসকলৰ নামমাত্ৰ ভূমি আছে সেয়াও হৈছে কেৱল শুকান নাইবা পতিত মাটি। বহুতে আনকি দিনে দুসাজ খাবলৈও নাপায়। অনাহাৰ আৰু ক্ষুধাই হৈছে দৰিদ্ৰতম পৰিয়ালবোৰৰ প্ৰধান বৈশিষ্ট। হাৰৰ সুতত ঋণদাতাৰ পৰা ধন ধাৰলৈ ল’ব লগীয়া হয় আৰু ইয়ে এওঁলোকক দীৰ্ঘদিনীয়া ঋণগ্ৰস্ততালৈ ঠেলি দিয়ে। দুখীয়াসকল অতিশয় দুৰ্বল। নিয়োগকৰ্তাৰ পৰা পাবলগীয়া বিধিগত মজুৰি আদায় কৰিবলৈ তেওঁলোক অসমৰ্থ আৰু সেই বাবে এওঁলোকে সততে শোষণৰ বলি হয়। প্ৰায়ভাগ দুখীয়া পৰিয়ালতে বিজুলী শক্তিৰ সুবিধা নাই। খৰি আৰু গোবৰৰ শুকান পিঠাই হৈছে তেওঁলকৰ ৰন্ধন কাৰ্যত ব্যৱহৃত প্ৰধান ইন্ধন। বৃহৎ সংখ্যক দুখীয়া লোকৰ আনকি নিৰাপদ বিশুদ্ধ খোৱাপানীৰ সুবিধাকণো নাই। লাভজনক কৰ্মসংস্থানত নিয়োগ, শিক্ষা তথা পৰিয়ালৰ গণ্ডীৰ ভিতৰত যিকোনো বিষয়ৰ সিদ্ধান্তত অংশগ্ৰহণ ক্ষেত্ৰত তীব্ৰ লিং বৈষম্যৰ যথেষ্ট প্ৰমাণ পোৱা যায়। গৰ্ভাৱস্থাত দুখীয়া মহিলাসকলে প্ৰয়োজনতকৈ যথেষ্ট কম যত্ন পায়। গতিকে তেওঁলোকৰ কেচুৱা স্বাস্থ্যৱান হোৱা বা জীয়াই থকাৰ সম্ভাৱনা কম।

ব্যক্তিৰ জীৱিকাৰ উপায় আৰু তেওঁলোকে আহৰণ কৰা পৰিসম্পদৰ পৰিমাণৰ ওপৰত  বিত্তি কৰিয়েই অৰ্থনীতিবিদসকলে দুখীয়া লোকক চিনাক্ত প্ৰধানকৈ ভূমিহীন কৃষি শ্ৰমিক, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, বিভিন্ন অনা-কৃষি কাৰ্যত নিয়োজিকত ভূমিহীন শ্ৰমিক, দিন মজুৰ আৰু ক্ষুদ্ৰ কৃষিভূমিত ৰায়তী কৃষক ৰূপে কাম কৰে।

চহৰ অঞ্চলৰ দুখীয়াসকল হৈছে মূলতঃ চহৰলৈ প্ৰব্ৰজিত গ্ৰাম্য দুখীয়াসকল। বিভিন্ন ধৰণৰ অনিয়মীয়া কামত নিয়োজিত শ্ৰমিকসকল, ৰাস্তাৰ দাঁতিত সামগ্ৰী বিক্ৰী কৰি স্ব-নিয়োজনেৰে জীৱন নিৰ্বাহ কৰাসকল আৰু অন্যান্য বিভিন্ন কাৰ্যত নিয়োজিতসকল এনে বিধৰ দুখীয়া।

Leave a Comment