শাৰদী জোন
তুমি আহিলে
ফাগুন আহিব
পলাশ ফুলিব বুকুত
তুমি হাঁহিলে
মোৰে আকাশত
জ্বলিব শাৰদী জোন
মেঘে মেঘে উৰা মাৰে
ঢৌৱে ঢৌৱে বাঢ়ি আহ
মেঘে মেঘে উৰা মাৰে
ঢৌৱে ঢৌৱে বাঢ়ি আহ
হিয়াতে প্ৰণয়
মোৰ হিয়াতে প্ৰণয়
হিয়াতে প্ৰণয়
মোৰ হিয়াতে প্ৰণয়
চেঁচা কুঁৱলীৰ ৰাতি
ৰিণিকি শুনো তোমাৰ
চিনাকী মাত
চেঁচা কুঁৱলীৰ ৰাতি
ৰিণিকি শুনো তোমাৰ
চিনাকী মাত
বেঁকা পশ্চিমৰ বেলি
লহিয়াই থাকে বুকু
লিহিয়াই থাকে বুকু
পেলাই মোৰ শাঁত
মনে মনে মোৰো মনে
অভিমানী অনুৰোগে
মনে মনে মোৰো মনে
অভিমানী অনুৰোগে
জিৰালে মোৰ বুকুত
গোপনে মোৰ বুকুত
জিৰালে মোৰ বুকুত
গোপনে মোৰ বুকুত
পাৰ ভঙা যেন নদী
ভটিয়াই আহে মোৰে
মনৰ সীমনাত
শুকুলা ডাৱৰ জুৰি
উৰি যায় চিলা
খেদি খেদি ভাৱনাত
ছেৱে ছেৱে নাচি উঠে
সুৰে সুৰে ভৰি আহে
ছেৱে ছেৱে নাচি উঠে
সুৰে সুৰে ভৰি আহে
অভিলাষ প্ৰাণৰ
মোৰ অভিলাষ প্ৰাণৰ
অভিলাষ প্ৰাণৰে
মোৰ অভিলাষ প্ৰাণৰে