আইজাক নিউটনৰ বিষয়ে চমুকৈ

       বৈজ্ঞানিক নিউটন ১৬৪২ খ্ৰীষ্টাব্দত ইংলেণ্ডত লাংকাশ্বায়াৰত ছাৰ আইজাকৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ আগতে দেউতাকৰ মৃত্যু হয় আৰু তেওঁৰ তিনি বছৰ বয়সতে মাকেও দ্বিতীয় বিবাহপাশত আৱদ্ধ হয়। ফলত তেওঁ এক অকলশৰীয়া জীৱন-যাপন কৰিবলগীয়া হয়। নিউটনে উচ্চ শিক্ষা লাভৰ বাবে ভৃত্যৰ কামো কৰিছিল। কিতাপ আছিল তেওঁৰ লগৰীয়া। ১৬৬৪ চনৰ পৰা তেওঁ ‘On the Motion of Bodies in an orbit’ শীৰ্ষক গৱেষণাপত্ৰ ৰয়েল ছ’চাইটীলৈ পঠিয়ায়। বিজ্ঞানী হেলিৰ অনুৰোধত তেওঁ প্ৰিঞ্চিপিয়া ৰচনা কৰে আৰু তাৰ প্ৰকাশৰ লগে লগে নিউটনৰ প্ৰতিভাৰ উমান পায় বিদ্বান মহলে। ১৭০৫ চনত তেওঁৰ ৰয়েল ছ’চাইটীৰ সভাপতি নিৰ্বাচিত হয়। ১৭২৭ চনৰ ২০ মাৰ্চত তেওঁৰ মৃত্যু হয়।

       নিউটনৰ প্ৰতিভাই বৌদ্ধিক জগতখনক আলোড়িত কৰিছিল। তেওঁ বিশ্বজনীন গতিসূত্ৰ আৰু মহাক্ৰষণ সূত্ৰ আৱিষ্কাৰ কৰি বিজ্ঞানৰ অগ্ৰগতিত প্ৰচুৰ অৰিহণা যোগাই গ’ল। তাৰ উপৰি কলন গণিত, পৰম ইমানখিনি ন ন তথ্য উদঘাটন কৰিলে যে বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে মানুহে ইমানদিনে পোষণ কৰি অহা ধাৰণা সলনি কৰি দিলে। নিউটনৰ বিভিন্ন আৱিষ্কাৰে সমসাময়িক সমাজখনত এক বৈজ্ঞানিক মানসিকতাৰো গঢ় দিবলৈ সক্ষম হৈছিল।

Leave a Comment