কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ জ্যেষ্ঠ কন্যা নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনত।নলিনীবালা দেৱী এনে এটি প্রাচীন সংস্কৃতিসম্পন্ন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যিটো পৰিয়ালত সাহিত্যানুৰাগ আৰু স্বদেশপ্ৰীতিৰ স্ফুৰণ ঘটিছিল। নলিনীবালাৰ পিতামহ মাধৱচন্দ্ৰ বৰদলৈ ব্ৰিটিছ চৰকাৰৰ উচ্চ বিষয়া আছিল যদিও নিষ্ঠাৱান বৈষ্ণৱ আছিল ৷ বুঢ়ীমাকো পুৰণি গীত-মাত আদিত পাকৈত মহিলা আছিল। পিতৃ নবীনচন্দ্ৰ বৰদলৈ অসম কংগ্ৰেছৰ অপ্রতিদ্বন্দ্বী নেতা আছিল লগতে বৰগীত, ভজন আদি ধর্মীয় সংগীতত ব্যুৎপত্তি থকা লোক আছিল আৰু হিন্দুদৰ্শন আৰু ধৰ্মত গভীৰ আস্থা আছিল। ঘৰখনৰ এনে পৰিৱেশে নলিনীবালাৰ চৰিত্ৰ আৰু ব্যক্তিত্ব গঠনত বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল। দাম্পত্য জীৱন সৰহদিন উপভোগ কৰিবলৈ নৌপাওঁতেই স্বামীক হেৰুৱায়। তাৰ কিছুদিন পিছত স্নেহৰ পুত্ৰ হেৰুৱা বিৰহ-বেদনাই নলিনীবালাক শোকৰ সাগৰত পেলাই দিলে। ব্যক্তিগত জীৱনৰ এই কাৰুণ্যই তেওঁৰ সৰহভাগ কবিতাৰ মূল উৎস। কবি চিৰসুন্দৰৰ অন্বেষণত ব্যাকুল হ’ল।
নলিনীবালা দেৱীয়ে প্রথম কবিতা ‘পিতা’ ৰচনা কৰাৰ সময়ত তেওঁৰ বয়স আছিল দহ বছৰ। ‘সন্ধিয়াৰ সুৰ’ কবিৰ প্ৰথম কবিতা সংকলন (১৯২৮)। ‘সপোনৰ সুৰ’ (১৯৪৩), ‘পৰশমণি’ (১৯৫৪), ‘যুগদেৱতা’ (১৯৫৭), ‘অলকানন্দা’ (১৯৬৭) আদি। এইকেইখন কবিতাপুথিৰ উপৰি স্মৃতিতীৰ্থ, ‘বিশ্বদীপা’, ‘চৰ্দাৰ পেটেল’, ‘এৰি অহা দিনবোৰ’, ‘শক্তিপথ’ আদি পুথি ৰচনা কৰে৷ ‘পাৰিজাতৰ অভিশেষ’ আদি কেইখনমানগীতি নাটিকাও ৰচনা কৰিছিল। ‘অলকানন্দা’ কাব্যগ্রন্থৰ বাবে ১৯৬৮ চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৫৭ চনত ভাৰত চৰকাৰৰ ‘পদ্মশ্ৰী’ উপাধি লাভ কৰে। ১৯৫৪ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ তেওঁ সভানেত্ৰী আছিল। ১৯৭৭ চনত এইগৰাকী কবিয়ে শেষ নিঃশ্বাস ত্যাগ কবি হিচাপে নলিনীবালা দেৱী সম্পূৰ্ণৰূপে ৰহস্যবাদী। ব্যক্তিগত জীৱনৰ কাৰুণ্যই কবিৰ ৰহস্যবাদৰ মূল উৎস। কবিৰ দাম্পত্য জীৱন কাৰুণ্যই পৰিপূৰ্ণ। পুত্ৰশোক আৰু বৈধব্য যন্ত্ৰণাক বৰণ কৰিও কবিয়ে অধৈৰ্য নহৈ ভগৱানৰ ওচৰত আত্মসমর্পন কৰি জগতৰ শোক-তাপ সকলো তেওঁৰেই আশিষ-নির্মালি বুলি সান্ত্বনা ল’বলৈ চেষ্টা কৰে। কবিৰ ব্যক্তিগত দুখ-বিচ্ছেদ আধ্যাত্মিক বিচ্ছেদলৈ উন্নীত হয়। সৰুৰে পৰা ভগৱদ্ভক্তিৰ বীজ নিহিত হৈ থকা কবিৰ অন্তৰখন শোক-তাপ ঈশ্বৰাভিমুখী কৰি তোলে। ফলস্বৰূপেইআমি অতীন্দ্ৰিয় ভাবৰ কবিতা পুথিসমূহ পাইছো। নলিনীবালা দেৱীৰ কবিতাত কবিৰ সৌন্দৰ্যলোলুপ। মানসিকতা, অসীমৰ প্ৰতি উন্মনা ভাব, ধুনীয়া ধৰণীৰ বৰ্ণ বৈভৱত উল্লাস, শব্দমাধুর্য, ভাবৰ মৃদু ব্যঞ্জনা, ছন্দৰ সুষম লয়, আধ্যাত্মিক বিচ্ছেদৰ বেদনা, চিৰসুন্দৰৰ মৃদু পৰশানুভৱ লীলায়িত গতিত প্ৰকাশ পাইছে। তেওঁৰ কবিতাৰ আন এটি সুৰ হ’ল স্বদেশপ্রীতি। জন্মভূমিৰ প্ৰত্যেক ধূলিকণা কবিৰ মনত পরিত্র। ‘যুগদেৱতা’ আৰু ‘জাগৃতি’ৰ বেছিভাগ কবিতাই স্বদেশানুৰাগেৰে ৰঞ্জিত। ছন্দ প্রয়োগ, শব্দ চয়ন, ভাব-ব্যঞ্জনা আৰু চিত্ৰ ৰচনাৰ মাধুৰ্যৰে নলিনীবালা দেৱীৰ কাব্য সমৃদ্ধ।
FAQs
সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি কোন
সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কবি হ’ল নলিনীবালা দেৱী।
নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি
নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম ‘অলকানন্দা’।
ভাৰত চৰকাৰে নলিনীবালা দেৱীক কি উপাধিৰে বিভূষিত কৰিছিল
ভাৰত চৰকাৰে নলিনীবালা দেৱীক ‘পদ্মশ্ৰী’ উপাধিৰে বিভূষিত কৰিছিল।
নলিনীবালা দেৱীৰ উল্লেখযোগ্য জীৱনী গ্ৰন্থ দুখনৰ নাম
নলিনীবালা দেৱীৰ উল্লেখযোগ্য জীৱনী গ্ৰন্থ দুখনৰ নাম হ’ল- ‘স্মৃতি তীৰ্থ’ আৰু ‘বিশ্বদীপা’।