নবোদয় বিদ্যালয় in Assameses

        ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষা-নীতিয়ে অসমৰ মাধ্যমিক শিক্ষাকো বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। এই শিক্ষা-নীতিৰ ওপৰত ভিত্তি কৰিয়ে ‘নবোদয় বিদ্যালয়’ এবিধ বিশেষ ধৰণৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হয়। এইবিধ বিদ্যালয় স্থাপনৰ তিনিটা প্ৰধান উদ্দেশ্য হৈছে— মাধ্যমিক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ চৰম উৎকৰ্ষ সাধন কৰা; উন্নত গুণমান ৰক্ষা কৰা আৰু তাৰ যোগেদি শিক্ষাত সামাজিক ন্যায় স্থাপন কৰা। ইয়াৰ উপৰিও পিছপৰা অঞ্চলৰ দৰিদ্ৰ অথচ মেধাবী ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা বিশেষ সুবিধা লাভ কৰি উপকৃত হ’ব পাৰে।

নবোদয় বিদ্যালয়ৰ প্ৰধান বৈশিষ্ট্যবোৰ হৈছে—

(ক) এই বিদ্যালয়ৰ  মাধ্যমেৰে নিম্ন স্তৰৰ ল’ৰা-ছোৱালীবোৰক উন্নত স্তৰৰ শিক্ষা প্ৰদান কৰা।

(খ) বিদ্যালয় বিকাশ আঁচনিক কাৰ্যকৰী কৰাৰ কাৰণে ৰাষ্ট্ৰীয় ভিত্তিক ধাৰণা লোৱা।

(গ) নবোদয় বিদ্যালয়বোৰ আবাসিক আৰু বিনামূলীয়া শিক্ষানুষ্ঠান।

(ঘ) দুখীয়া অথচ মেধাবী ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ বিশেষ সুবিধা প্ৰদান কৰা।

(ঙ) শিক্ষাৰ উন্নত গুণমান।

Leave a Comment