প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে বিহু উৎসৱ এক ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰি আহিছিল। বিহুৱে প্ৰাচীন ভাৰতৰ বিষুৱন দিনৰ পূজা-পাতলৰ সোঁৱৰণ ৰক্ষা কৰিও আহিছে। ঘাইকৈ জীৱ-জন্তু, খেতি-বাতি নিজৰ আৰু আত্মীয়-স্বজনৰ মংগল কামনা কৰি দেৱতা বা গোসাঁইক পূজা-পাতল দিয়া হৈছিল। স্ত্ৰী-পুৰুষ আটায়ে এই পূজা-পাতল আৰু লগতে হোৱা নৃত্য-গীতত সমানে ভাগ লৈছিল। আনকি এই উৎসৱত যাগ-যজ্ঞৰো ব্যৱস্থা কৰা হৈছিল। বৰ্তমান সময়তো ঘাইকৈ অসমত মানুহে বিহুৰ সময়ত ঘৰ-বাৰী শুচি বা নিকা কৰা, ন-কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, দেৱতা বা গোসাঁইক পূজা কৰা, নৃত্য-গীত গোৱা আদি কাম বৰ আন্তৰিকতাৰে কৰে। এইবিলাক লক্ষ্য কৰিলে প্ৰাচীন কালৰে পৰাই এক ধৰ্মীয় উৎসৱ হিচাপেই চলি আহিছে।
কিন্তু বৰ্তমান বিহু ধৰ্মীয় অনুস্থান হৈ থকা নাই। অসমত এই বিহুটি অকল পূজা-পাতল বা যাগ-যজ্ঞ কৰা লোকসকলেই পালন নকৰে, অসমত বসবাস কৰা জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱেই এই উৎসৱ পালন কৰে। ই অসমৰ এক সামূহিক জাতীয় উৎসৱত পৰিণত হৈছে। অসমীয়া জাতিৰ ই প্ৰাণৰ উৎসৱ হৈ পৰিছে। মুক্তভাৱে ইয়াত সকলোৱে সমানে ভাগ লয়, নৃত্য-গীত কৰে, খোৱা বোৱা কৰে, ইজনে সিজনক প্ৰীতি সম্ভাষণ যাঁচে, উপহাৰ যাঁচে, আটাইৰে মাজত ঐক্য-সংহতি; মিলনৰ সেতু ৰচনা কৰে। ইয়াত আৰ্য-অনাৰ্যৰ সংস্কৃতিৰ মিলন ঘটিছে। বিহুৰ সময়ত কৰা এনেবোৰ আনুষ্ঠানিক অনানুষ্ঠানিক কাৰ্যসমূহ অসমীয়াৰ এক সংস্কৃতিত পৰিণত হৈছে। দেশ-বিদেশত বিহুৰ এই কাৰ্যাৱলীসমূহে অসমীয়া জাতিক সভ্য জাতি হিচাপে পৰিচয় কৰি দি আহিছে। গতিকে বিহু এতিয়া ধৰ্মীয় উৎসৱ হৈ থকা নাই, ই অসমীয়া জাতিৰ প্ৰাণৰ জাতীয় উৎসৱ আৰু জাতীয় সংস্কৃতিৰ প্ৰতীক স্ৱৰূপে হৈ পৰিছে।