ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস। বৈদিক যুগৰ শিক্ষা

       ভাৰবৰ্ষৰ অতীত শিক্ষা ব্যৱস্থা পৰিচালনাৰ বাবে কোনো বিশেষ শিক্ষা কৰ্তৃপক্ষ নাছিল আৰু শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিবৰ বাবে কোনো শিক্ষা বিষয়াও নাছিল। সেই সময়ত কিছুমান বিদ্যান ব্যক্তিয়ে নিজ গৃহতে ছাত্ৰশালা স্থাপন কৰি ছাত্ৰসকলক শিক্ষা প্ৰদান কৰিছিল। ছাত্ৰ সকলে গুৰুগৃহত গুৰুৰ তত্ত্বাবধানত শিক্ষা লাভ কৰিছিল। গুৰুৱে ছাত্ৰসকলক নিজৰ ল’ৰাৰ দৰে মৰম কৰিছিল আৰু জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিছিল। শিক্ষাদানৰ এই প্ৰথাটোক ‘গুৰুকুল’ প্ৰথা হিচাপে জনা যায়। গুৰুকুল প্ৰথাৰ পিছতে ‘টোল’, ‘পাঠশালা’ নামৰ দুবিধ শিক্ষানুষ্ঠানৰ প্ৰচলন হৈছিল। ‘টোল’ আৰু ‘পাঠশালা’ত শিক্ষাৰ আনুষ্ঠানিকতা ৰক্ষা কৰা হৈছিল। এই শিক্ষানুষ্ঠানসমূহত জীৱনৰ বাবে প্ৰয়োজনীয় সকলো দিশৰে শিক্ষা দিয়া প্ৰদান হৈছিল। মুছলমান ৰাজত্বকালত শিক্ষাৰ আন দুবিধ প্ৰতিষ্ঠান ‘মোক্তাব’ আৰু ‘মাদ্ৰাছা’ও প্ৰতিষ্ঠা হৈছিল। এই শিক্ষা সকলোৰে বেব মুকলি নাছিল, কেৱল মাত্ৰ উচ্চ বংশৰ লোকৰ বাবেহে ই মুকলি আছিল। ইংৰাজসকলৰ আগমনৰ লগে লগে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তন ঘটে। তেওঁলোকে ইংৰাজী শিক্ষা প্ৰচলনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

1 thought on “ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাস। বৈদিক যুগৰ শিক্ষা”

Leave a Comment