মিলাৰামৰ আত্মজীৱনী class 12

পাঠটোৰ মূল বক্তব্য

• মিলাৰামে তেওঁৰ পূৰ্বপুৰুষসকলৰ পৰিচয় ‘মিলাৰামৰ আত্মজীৱনী’ নামৰ প্ৰবন্ধটোত তুলি ধৰিছে। হাস্যৰসৰ মাজেৰে প্ৰবন্ধটোত সমাজৰ একাংশ লোকৰ ফোপোলা স্বৰূপটো প্ৰকাশ পাইছে।

● তিনিগৰাকী ব্যক্তিৰ প্ৰেৰণাত মিলাৰামে তেওঁৰ জীৱন বৃত্তান্ত লিখা বুলি প্ৰকাশ কৰিছে। এই তিনিগৰাকীৰ এগৰাকী তেওঁৰ ঘৈণীৰ ফালৰ, এগৰাকী মাতৃৰ ফালৰ আৰু এগৰাকী পিতৃৰ ফালৰ। এই তিনিফালৰ আত্মীয় তিনিওগৰাকী ব্যক্তিয়ে মিলাৰামক তেওঁৰ আত্মজীৱনী এখন লিখিবলৈ অনুৰোধ জনাইছিল। এই অনুৰোধৰ প্ৰতি সন্মান জনাই মিলাৰামে আত্মজীৱনীখন লিখিবলৈ লৈছিল। তাৰ উপৰি আন তিনিটা কাৰণত তেওঁ আত্মজীৱনীখন লিখা বুলি কৈছে। সেইকেইটা হ’ল তেওঁৰ জীৱনৰ আৰ্হি লৈ উত্তৰ পুৰুষে বাট বুলি ডাঙৰ মানুহ হ’ব পাৰিব, কলিকলীয়া মানুহৰ ধৰ্মত মতি নাই। গতিকে এনে অধর্মী মানুহে যে তেওঁৰ চৰিত্ৰৰ গুণ-গান কৰি জীৱন চৰিতৰ ৰচনা কৰিব সেইটো সন্দেহজনক আৰু চতুৰ্থ কাৰণটো হ’ল পুণ্যৱান মানুহৰ চৰিত্ৰ ভক্তিভাৱে পাঠ কৰি পুণ্য আৰ্জিব পাৰে। তেওঁৰ জীৱন চৰিত পঢ়ি মানুহে দুখ-দুৰ্গতিৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ব বুলি ভাবিয়েই মিলাৰামে আত্মজীৱনী লিখিছিল।

● বহু পুৰণি কালৰে পৰা মিলাৰামৰ বংশ পৰিয়ালে অসমত বসতি কৰি আহিছে। মিলাৰামে এই বসতিক পাতকাই পৰ্বতৰ সমান পুৰণি, জয়সাগৰৰ দলটোৰ সমান ওখ, শিৱসাগৰ পুখুৰীটোৰ সমান ডাঙৰ আৰু পপীয়া তৰাটোৰ সমান উজ্জ্বল বুলি কৈছে।

● মিলাৰামৰ পূৰ্বপুৰুষজনাৰ নাম হয়বৰ। তেওঁ ১৬১৯ শকত কনৌজৰ পৰা বাপেকক বিচাৰি আহি, খালেবামে ছমাহ বাটকুৰি বাই ৰংপুৰ পাই ৰজাৰ বন্দীশালত পিতৃদেৱতাক দৰ্শন কৰি পিতৃৰ শ্ৰীচৰণত সেৱা জনালে। পিতৃয়েও পুত্রক দীর্ঘজীৱী হ’ বুলি আশীৰ্বাদ দিলে। হৰিবৰে পিতৃক সততে সাক্ষাৎ কৰি থাকিবৰ বাবে ৰংপুৰ নগৰতে থাকিবলৈ ল’লে। এটা বছৰ নৌহওঁতেই হৰিবৰৰ যশস্যা সৌৰভ গুণগ্রাহী স্বৰ্গদেৱে জানিলত স্বৰ্গদেৱে দয়া প্ৰকাশ কৰি পিতৃ-পুত্ৰৰ মাজত বিচ্ছেদ নঘটাকৈ একেটা খোটালিতে থকাৰ দিহা কৰি দিলে।

● হৰিবৰৰ পুত্ৰ জানবৰ পণ্ডিত আছিল। তেওঁৰ বিদ্যাৰ গুণ-গান অসমৰ চৌদিশে বিয়পি পৰিছিল। অইন লোকৰ চহী হুবহু নকল কৰিব পৰা আচৰিত গুণটো তেওঁৰ আছিল৷ শিৱসিংহ স্বৰ্গদেৱে তেওঁৰ এই আচৰিত গুণটোৰ কথা অৱগত হোৱাত স্বৰ্গদেৱে এই বিদ্যাৰত্নটিক অতি আগ্ৰহেৰে আহবান কৰি নি, সকলোৱে দেখি চকু জুৰাবলৈ চুটি চুটি ঠেঙা পিন্ধাই সজাই-পৰাই ৰাজআলিত ঠাই দিলে আৰু হাতত হাতুৰি দি আলিত শিল ভাঙিবলৈ লগাই দিয়াৰ কথা মিলাৰামে সগৌৰৱে ঘোষণা কৰিছে।

• মনবৰ পণ্ডিতৰ পাঁচজন পুতেক আৰু এজনী জীয়েক আছিল সিন্ধিৰাম, ৰাতিৰাম, বাতিৰাম, কাতিৰাম, চুৱাৰাম আৰু কপাহী লাহে লাহে ঈশ্বৰৰ ইচ্ছাত ডাঙৰ দীঘল হৈ খুটি খাব পৰা হ’ল। মানুহে ল’ৰাকেইটিক পাঁচ পাণ্ডৱ আৰু কপাহীক ‘জাম্বৱতী’ নাম দিলে। কিন্তু এই উপমা সঁচাকৈ হাস্যজনক। ঋষি- মুনিসকলে হিন্দু শাস্ত্ৰত নামৰ সৈতে মানুহৰ মিল থকা বুলি কয়। কিন্তু মিলাৰামৰ দৃষ্টিত ই একেবাৰে অসত্য কথা। তেওঁৰ মতে মানুহহে নামৰ সৈতে মিলে। এই কথাৰ বাবে কোনোবাই তেওঁক তিৰস্কাৰ কৰিলে তেওঁ তাক মানি ল’ব। যিটো সঁচা তাক ক’বই ক’ব। তেওঁৰ মতে মুনিসকলে লাগ-বান্ধ নোহোৱা কথা কৈ ভাল পায়। উপৰি পুৰুষসকলে মুনিসকলৰ কথাত যে বৰ বিশেষ কাণসাৰ দিয়া নাছিল এই কথা মুনিসকলে বুজিব পাৰিছিল। সেয়ে তেওঁলোকৰ ক’বলগীয়া কথাবোৰ উপৰি পুৰুষসকলক পোনপটীয়াকৈ নকৈ সাঁচিপাত, তালপাত আৰু ভূজ্যপাতৰ মাজত কৈ গ’ল। দুৰ্ভাগ্যকালত সাঁচিপাতেও সেই বেবেৰিবাং কথাৰ মৰ্ম বুজিব নোৱাৰি তাক উই পৰুৱাক বিলাই দিলে। আৰু তাৰ পিছত সি উই হাফলু। উই-হাফলুৰ পৰা বাল্মীকি, বাল্মীকিৰ পৰা ৰামায়ণ।

● মিলাৰামে উপৰিপুৰুষসকলক লৈ অহংকাৰ কৰে। তেওঁলোক নাম চাই মানুহ আছিল। সিন্ধিৰাম, বাতিৰাম, ৰাতিৰাম, কাতিৰাম আৰু চুৱাৰামেই ইয়াৰ অন্যতম উদাহৰণ। সিন্ধিৰাম নাম যেনে কামো তেনে। লোকৰ ঘৰত সিন্ধি দিয়া বিদ্যাটোত সিন্ধিৰাম যিমান পাৰ্গত আছিল আন কোনো নাছিল। পালী-প্ৰহৰীয়ে বেঢ়ি থকা ডাঙৰ লোকৰ ঘৰত সিন্ধি দিব লাগিলে সিন্ধিৰাম অধ্যাপক (Professor) নগ’লৈ নহৈছিল।

● ৰাতিৰাম আছিল নিশাচৰ। শিয়াল আৰু ফেঁচাৰ নিচিনাকৈ এন্ধাৰতো বয়বস্তু ফট্‌ফটীয়াকৈ দেখিছিল। দিনতকৈ ৰাতিহে তেওঁৰ চলন-ফুৰণ বেছি। দিনটো ঘৰতে জুপুকা মাৰি বহি কলমটিয়াই কটায় আৰু সন্ধ্যা লাগি আহিলেই গা-মূৰ জোকাৰি পাখি কটালি থিয় হয়। তেওঁৰ এনে কাৰ্যত তবধ মানি অতি সন্তুষ্ট হৈ প্ৰমত্ত সিংহ ৰজাই তেওঁক হাতে-ভৰিয়ে পিন্ধিবলৈ দুডাল লোৰ শিকলি ৰাজপ্রসাদ স্বৰূপে বঁটা দিয়ে। এই শিকলিৰ আঙঠি এটা মিলাৰামে ঘৰত সযতনে ৰাখিছে। উপৰিপুৰুষৰ সোঁৱৰণী স্বৰূপে তাক গোসাঁই ঘৰৰ টুপত থাপনা পাতি থৈ দিছে। বিহুৱে সবাহে তাকেই উলিয়াই আনি তেওঁ সেৱা কৰে। পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে মানুহে এই পৃথিৱীত সফলতা অর্জন কৰিব পাৰে।
উদাহৰণস্বৰূপে মিলাৰামে বেঞ্জামিন ফ্ৰেংকলিন আৰু নেপলিয়ন বোনাপাৰ্টৰ নাম লৈছে। বেঞ্জামিন ফ্রোংকলিন প্ৰথমে ছপাখানাৰ প্ৰিণ্টাৰ আছিল আৰু লাহে লাহে এগৰাকী বিশ্ববিখ্যাত ব্যক্তি হৈ পৰে। নেপলিয়ন বোনাপাৰ্ট এটা সময়ত সামান্য চিপাহীৰ পৰা সম্ৰাট হৈছিল। এনে কৃতকাৰ্যতাৰ মূলতে হ’ল তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ গুণত ডাঙৰ মানুহ হৈ উঠিছিল। ইংৰাজীত ইয়াক ছেলফ-মে’ড-মেন’ বোলা হয়। এনে পৰিশ্ৰমৰ ফলতে বাতিৰামে আনৰ বাটি, ঘটি, লোটা সৰকাবলৈ আৰম্ভ কৰি পিছলৈ ছাগলী, গৰু, ম’হ চোৰলৈ পর্যবসিত হয়। এই মহাবিদ্যালয়ত দিনক দিনে ওখ হৈ দ’লৰ কলচি ঢুকি পোৱা হয়। অসমৰ বুৰঞ্জী পুৰি খোৱা আপোনপেটীয়া ‘জলম বঁটা’ প্ৰাপ্ত কীৰ্তিচন্দ্ৰ বৰুৱাই ৰজাৰ খাটনিয়াৰ হৈ মাটিত ভৰি নোথোৱা হয়। বৰগোহাঁই আদি বিষয়াসকলে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰে। এই ষড়যন্ত্র কৃতকার্য কৰিবৰ বাবে বাতিৰামৰ সহায় লয়। বাতিৰাম এই ক্ষেত্ৰত পিছহঁহকি নগ’ল। ১৬৮৫ শকত বৰবৰুৱা নগৰলৈ যাওঁতে এই বাতিৰামেই তেওঁক ভীমকলৰ গছত ঘৈয়াদি ঘৈয়ালে। কিন্তু বৰবৰুৱা নমৰিল, বৰং বাতিৰাম বিচাৰত কটা গ’ল।
• ৰাতিৰ ভাই কাতিও কাতি হৈ পৰা বিধৰ লোক নাছিল। তেওঁ যথাসাধ্য মিলাৰামৰ বংশৰ নাম আৰু মান ৰাখিবলৈ ত্রুটি কৰা নাছিল। মোৱামৰীয়াসকলে লক্ষীসিংহ স্বৰ্গদেৱক জয়সাগৰৰ দ’লত বন্দী কৰি থৈ, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক শালত দি, খোৰামৰাণৰ পুতেক ৰমাকান্তক ৰজাপতা কার্যত বাহুবলী ৰাতিৰামে মোৱামৰীয়াৰ লগ লাগি তেওঁলোকৰ দলত যোগ দি ৰজাৰ বিপক্ষে, সেনাপতি খোৰামৰাণ আৰু বাঘমৰাণৰ ঘৈণীহঁতৰ সৈতে সমানে সমানে যুঁজত বিজ্ম দেখুৱাইছিল। এই কাতিৰামেই জয়সাগৰৰ দ’লত লক্ষীসিংহ ৰজাৰ পিঠিত চমটাৰে কোব দি চমটাৰ সোৱাদ কেনে তাক বুজাই দিয়াৰ লগতে আকৌ যাতে তেনে শাস্তি নিদিয়ে তাৰ বুজনি দিছিল। আকৌ এই কাতিৰামেই কিছুদিনৰ পিছত ঘনশ্যামৰ সৈতে ষড়যন্ত্র কৰি ৰমাকান্তক হত্যা কৰিছিল। পিছত এই ঘনশ্যামে কাতিৰামৰ বিৰুদ্ধেও ষড়যন্ত্র কৰে। তেওঁ কাতিৰামক ভোজ খাবলৈ বুলি মাতি আনি আন আন মোৱামৰীয়াৰ সৈতে এই বীৰ পুৰুষজনক খাল খন্দাই পোতাই মাৰিলে। তেওঁক পোতা ঠাইতে তেওঁৰ মূৰটোৰ গজালি মেলি এজোপা ডাঙৰ লাও গছ হৈছিল বুলি প্ৰবাদ প্রচলিত আছে।

● আটাইতকৈ সৰুজন চুৱাৰাম উজুটিত পৰি মৰা বিধৰ নাছিল। ১৭০৪ শকৰ ব’হাগৰ দুই তাৰিখে ৰাতি শিঙৰীঘৰ পোৰা মৰাণহঁতৰ ‘কাপ্তান’ এৱেঁই আছিল। এওঁ অতি সৎ স্বভাৱৰ গুণী-জ্ঞানী বুদ্ধিমান পুৰুষ আছিল। আনৰ বস্তু সৰকোৱাত এওঁ অতি পাকৈত আছিল৷ এবাৰ এঘৰত কিছুসংখ্যক বাচন-বৰ্তন আলৈ-আথানি হৈ পৰি থকা দেখা পাই ৰাতি গৃহস্থৰ ঘৰৰ পিৰালিত চোপ দি থাকিল। পিৰালিৰ গাতে চুৱনিপাতখন। গিৰিহঁতনীয়ে ভাত-পানী খাই এন্ধাৰে মুগ্ধাৰে আহি মুখ ধোৱা চুৱাচৰীয়াৰ পানী চুৱনিপাতলৈ চাতি মাৰি পঠিয়াওঁতে দুর্ভাগ্যক্রমে গোটেই চৰিয়া পানী পিৰালিত এন্ধাৰ মুগ্ধাৰে বহি থকা চুৱাৰামৰ গাতে পৰিল৷ ‘ভাৰী অসভ্য তিৰোতা’ বুলি চুৱাৰামে মুখৰ ভিতৰতে ভোৰভোৰাই তাৰ পৰা গুচি গ’ল। অতি দুখৰ বিষয় যে পুহমহীয়া ৰাতিৰ সেই চুৱা চৰিয়াৰ চেঁচা পানীত ম্লান পৰি পানীলগা জ্বৰ হৈ চুৱাৰাম শ‍ইকীয়া তিনিদিনৰ মুখত বৈকুণ্ঠলৈ প্ৰয়াণ কৰিলে।

● কপাহীৰ বিষয়ে অসম বুৰঞ্জীত বেছি কথা পোৱা নাযায়। তেওঁ পাঁচ বছৰৰ ভিতৰত সাতজন স্বামীৰ চাউল খাই শেষত বদনচন্দ্ৰ বৰফুকনৰ কাটোতা ৰূপসিং চুবাদাৰত বিয়া সোমাইছিল। এনেদৰে মিলাৰামৰ বংশত ডাঙৰ মানুহ লানি নিছিগা মুকুতাৰ মালা যেন হৈ চলি আহিছে।

● নগাঁৱলৈ আহোঁতে গৌৰীনাথ সিংহ স্বৰ্গদেৱক মাৰিবলৈ পিছে পিছে মানুহ লৈ খেদি যোৱা ৰজাখেদা নগঞা সিন্দুৰা হাজৰিকা মিলাৰামৰ আজুআইতাকৰ ফালৰ আত্মীয় আছিল। বিখ্যাত পানীযুৱাও তেওঁৰ বংশৰে ভোটা তৰা। ভূত কুকুৰাচোৰা বৰাৰ পুতেক সতৰাম চাৰিঙীয়াফুকনৰ লীলাখেলাৰ ঘাই লগৰীয়া আৰু সোঁহাতজনো মিলাৰামৰ আত্মীয় আছিল আৰু সেইজনেই মিলাৰামহঁতৰ বংশৰ মৰ্যাদা ৰাখি শেষত সত্ৰাম ফুকনৰ বিপক্ষে সাক্ষী দিছিল।

● মিলাৰামৰ ককাদেউতাকে ১৮৩৮ শকত অসমলৈ অহা মানৰ লগ লাগি তেওঁ অসমীয়া মানুহৰ বয়বস্তু লুতিপুতি খাইছিল৷ মিলাৰামৰ ককাদেউতাকে মানৰ নিচিনা সাজ পিন্ধি লুং-লাং টুং-টাং মাত মাতি নটা কেঁচুৱা ল’ৰা ষাঠিৰে খুঁচি আৰু তিনিজনী তিৰোতাক কাৱৈ মাছ কচাদি কাচি মাৰিছিল৷ সেই তিনিজনীৰ ভিতৰত এজনী তেওঁৰে ভাই-বোৱাৰী আছিল। শেষত তিৰোতাৰ হাততেই তেওঁৰ মৃত্যু হয়।

• মিলাৰামৰ পিতৃ অতি সাহসী আছিল। অসমৰ সূর্য পশ্চিম আকাশত বুৰাই দিয়াত তেওঁৰো হাত আছিল। আইন-কানুন গোচৰ ফৰিয়াদত তেওঁৰ বুদ্ধিটো বৰকৈ লাগিছিল। দিনটোত কুৰিছৰা গোচৰ ফৰিয়াদ তেওঁৰ গাৰ পৰা নুগুচিল। তেওঁ ‘ক’ বৰ্ণটোৰ চুক সাতোটা নে পাঁচোটা তাক মৃত্যুৰ আগমুহূৰ্তলৈকে থিৰাং কৰিব নোৱাৰিলে। মৃত্যুৰ আগে আগে পুত্ৰ মিলাৰামক ওচৰলৈ মানি নি ‘ক’ সম্পৰ্কে থকা তেওঁৰ স্থিতিৰ কথা ক’লৈ আৰু মিলাৰামক ‘ক’ৰ চুক কেইটা সেইটো স্থিৰ কৰিবলৈ অনুৰোধ কৰিলে। মিলাৰামেও বুকু ফিন্দাই তাক স্থিৰ কৰিব বুলি ক’লে। মিলাৰামৰ এনে উত্তৰত আশ্বাসিত হৈ তেওঁ ইহজীৱন ত্যাগ কৰিলে। তেতিয়াৰ পৰা মিলাৰামে লেখা-পঢ়াত মন দিলে।

● মিলাৰামে দেউতাকৰ জীৱনৰ এটা উল্লেখনীয় ঘটনাৰে জীৱনীখনৰ সামৰণি মাৰিছে। এবাৰ মিলাৰামৰ পিতৃ তথা পিতৃৰ গোসাঁই পৰস্পৰৰ মাজত মতান্তৰ ঘটে। মিলাৰামৰ পিতৃয়ে গোসাঁইৰ বিৰুদ্ধে ফৌজদাৰী মোকদমা তৰি দিলে। এটা মোকদমাৰ সাক্ষীৰ বাবে তেওঁ এটি নকৰিবলগীয়া কাম কৰিলে। এদিন তেওঁ ওচৰৰ গাঁৱত এঘৰৰ পুতি থোৱা মৃত ছোৱালীক খান্দি উলিয়াই আনি গোসাঁইৰ ঘৰৰ ওচৰত বিলৰ দলনিত সুমুৱাই থৈ পুলিচত খবৰ দিলে এইবুলি যে গোসাঁয়ে তেওঁৰ (মিলাৰামৰ পিতৃৰ) ভনীয়েকক বধ কৰি লাচটো ক’ৰবাত লুকাই থৈছে। পুলিচক দলনিলৈ লৈ গৈ শটো উলিয়াই তেওঁ হিয়া-ভুকুৱাই কান্দিলে। শেষত মিলাৰামৰ পিতৃ মোকদমাত হাৰিলে আৰু গোসাঁই মুকলি হ’ল। হাকিমে মিলাৰামৰ পিতৃক তিনি বছৰ ফাটেক দিলে। এনেদৰে মিলাৰামে তেওঁৰ পূৰ্বপুৰুষৰ গুণ-গান কৰিয়ে আত্মজীৱনী সামৰিছে।

অতি চমু প্রশ্নঃ

(ক) লক্ষ্মীনাথ বেজবৰুৱাই কোন স্থানত জন্ম লাভ কৰিছিল?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত জন্ম লাভ কৰিছিল।

(খ) কোন চনত লক্ষ্মীনাথ বেজবৰুৱাই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰ : ১৮৮৬ চনত লক্ষ্মীনাথ বেজবৰুৱাই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

(গ) কাৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিবাহ সম্পন্ন হৈছিল?

উত্তৰঃ বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰী দেৱীৰ সৈতে।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক এখনৰ নাম লিখা।

উত্তৰঃ লিতিকাই।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা।

উত্তৰঃ বাঁহী।

(চ) লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব

কৰিছিল?

উত্তৰ : গুৱাহাটীত (১৯২৪ চনত)

(ছ) মিলাৰামৰ মিতিৰ বা কুটুম কেইজন?

উত্তৰ ঃ তিনিজন।

মিলাৰামৰ উপৰিপুৰুষ কোন স্থানৰ পৰা অসমলৈ আহিছিল?

উত্তৰ : কণৌজৰ পৰা।

(জ) মনবৰৰ পাঁচোটি ল’ৰাক মানুহে কি নাম দি মাতিছিল?

উত্তৰ : পাঁচ পাণ্ডব।

(ঞ) কপাহীৰ আন নামটো কি?

উত্তৰ : জাম্বৱৰ্তী।

(ট) সিদ্ধিৰামক মিলাৰামে কি উপাধিৰে অভিহিত কৰিছিল?

উত্তৰ : অধ্যাপক।

(ঠ)ছপাখানাৰ প্ৰিণ্টাৰৰ পৰা এখোজ দুখোজকৈ ডাঙৰ মানুহ হোৱা লোকজন কোন?

উত্তৰ : ব্ৰেঞ্জামিন ফ্রেংকলিন।

(ড) শিঙৰী ঘৰ পোৰা মৰাণহঁতৰ কাপ্তান গৰাকী কোন?

উত্তৰ ঃ চুৱাৰাম।

(ঢ) অর্থ লিখা— নখ চুকীয়া, বাদুলীসঁচাৰ, ভূজ্যপাত, গলা-গপা, পদকীয়া

উত্তৰ : নখ চুকীয়া – ভৰি বা হাতৰ নখ চুকত হোৱা এবিধ ৰোগ।

বাদুলীসঁচাৰ – ওলমি থকা তলা

ভূজ্যপাত – ভূর্জপত্র, গছৰ ছালৰ পৰা তৈয়াৰ কৰা এবিধ কাগজ গলা-গাপ – গোপনে কৰা আলোচনা

পদকীয়া – প্ৰতিবাদী, যাৰ বিৰুদ্ধে গোচৰ তৰা হয়।

(ণ) মিলাৰামৰ উপৰিপুৰুষৰ নাম কি?

উত্তৰ : মিলাৰামৰ উপৰিপুৰুষৰ নাম হয়বৰ।

(ত) মোৱামৰীয়াসকলে লক্ষ্মীসিংহক ক’ত বন্দী কৰি থৈছিল?

উত্তৰ : মোৱামৰীয়াসকলে লক্ষ্মীসিংহক জয়সাগৰৰ জয়দ’লত বন্দী কৰি থৈছিল।

(থ) খোৰা মৰাণৰ পুতেক কোন?

উত্তৰ : খোৰা মৰাণৰ পুতেক ৰমাকান্ত।

(দ) কপাাাহীয়ে কাৰ সৈতে বিয়াত সোমাইছিল?

উত্তৰ ঃ কপাহীয়ে সাতজন স্বামীৰ চাউল খাই শেষত বদনচন্দ্ৰ বৰফুকনক কাটোতা ৰূপসিংহ চুবেদাৰৰ সতে বিয়াত সোমাইছিল।

(ধ) ‘মিলাৰামৰ আত্মজীবনী’ নামৰ ৰচনাখনি বেজবৰুৱাৰ কোনখন গ্ৰন্থৰ অন্তর্ভুক্ত?

উত্তৰ : ‘মিলাৰামৰ আত্মজীৱনী’ নামৰ পাঠটি লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সাধুকথাৰ কুকি’ নামৰ চুটিগল্পৰ পুথিখনৰ অন্তৰ্ভুক্ত।

(ন) অসমীয়া সাহিত্যলৈ নৱন্যাসৰ ঢল বোৱাই অনা আলোচনীখনৰ নাম কি?

উত্তৰঃ জোনাকী।
চমু প্রশ্নঃ (আৰ্হি নং- ১)

(ক) মিলাৰামে তিনিজন মিতিৰৰ পৰা পোৱা চিঠিৰ অৰ্থ কি?

উত্তৰঃ মিলাৰামে তিনিজন মিতিৰৰ পৰা পোৱা চিঠিৰ অৰ্থ আছিল— মিলাৰামে যদি তেওঁৰ অতি বিচিত্ৰ জীৱন চৰিত স্বহস্তে লিখি মানুহৰ কুশলৰ অৰ্থে প্ৰকাশ কৰে তেন্তে তেওঁৰ লেখা মিতিৰসকলে পঢ়িব।

(খ) মিলাৰামে তেওঁৰ ঘৰৰ মানুহ’ক লৈ কি বুলি গর্ব অনুভৱ কৰিছে?

উত্তৰঃ মিলাৰামে তেওঁৰ ‘ঘৰৰ মানুহ’ পাতকাই পৰ্বতৰ সমান পুৰণি, জয়সাগৰৰ দলটোৰ সমান ওখ, শিৱসাগৰৰ পুখুৰীৰটোৰ সমান ডাঙৰ আৰু পপীয়া তৰাটোৰ সমান উজ্জ্বল বুলি গর্ব অনুভব কৰিছে।

(গ) কাতিৰাম সম্পৰ্কত কেনেধৰণৰ প্ৰবাদ প্রচলিত আছে?

উত্তৰঃ কাতিৰাম সম্পৰ্কত প্রবাদ প্রচলিত আছে যে তেওঁক পোতা ঠাইতে তেওঁ মূৰটোৰ পৰা গজালি মেলি এজোপা ডাঙৰ লাওগছ হৈছিল।

(ঘ) মিলাৰামৰ মিতিৰ কেইজন তেওঁৰ কোন কোন ফালৰ?

উত্তৰঃ মিলাৰামৰ মিতিৰ বা কুটুম তিনিজন। সেই মিতিৰকেইজনৰ এজন তেওঁৰ ঘৈণীয়েকৰ ফালৰ।এজন আয়েকৰ ফালৰ আৰু একেবাৰে শেষৰজন বাপেকৰ ফালৰ।

চমু প্রশ্ন : (আৰ্হি নং- ২)

(ক) হয়বৰে কেনেধৰণৰ আহিলা-পাতি লৈ অসম ওলাইছিল— চমুকৈ বুজাই লিখা।

উত্তৰঃ হয়বৰে পাঁচজন সংগীৰ সৈতে লাহে লাহে দিগ্বিজয় কৰি আহি অসম দেশ পাইছিলহি। তেওঁ

দিগ্বিজয়ৰ অস্ত্ৰসমূহো মন কৰিবলগীয়া আছিল। সেই অস্ত্রসমূহ আছিল— মানুহ মৰা টোকোন, বাদুলী সঁচাৰ ভঙা অস্ত্ৰ আৰু সিন্ধি খনা চিপৰাং।

(খ) মুনিসকলৰ কথাবোৰৰ বৰ লাগ-বান্ধ নাই বুলি মিলাৰামে কিয় ভাবিছিল চমুকৈ লিখা।

উত্তৰ ঃ মিলাৰামে মুনিসকলৰ কথাবোৰ বৰ লাগ-বান্ধ নাই বুলি ভাবিছে কাৰণ তেওঁলোকৰ দিনৰ লোকসকলে মুনিসকলৰ কথাত বৰ কাণ নাপাতিছিল। সেই কথা বুজিব পাৰিয়েই মুনিসকলে তেওঁলোকৰ কথাবোৰ মানুহবোৰৰ আগত ক’বলৈ সাহ নকৰি সাঁচিপাত-তালপাত আৰু ভূর্জপত্ৰত লিখিছিল। সাঁচিপাত- তালপাতেও সেই বেবেৰিবাং কথাৰ মৰ্ম বুজিব নোৱাৰি উই পৰুৱাক বিলাই দিলে। উই হাফলুৰ পৰা বাল্মিকী, বাল্মিকীৰ পৰা হ’ল ৰামায়ণ ।

(গ) মিলাৰামে পিতৃৰ সম্পৰ্কত কোৱা কথাখিনি চমুকৈ লিখা।

উত্তৰঃ মিলাৰামৰ মতে তেওঁৰ পিতৃ অতি ওখখাপৰ লোক আছিল। তেওঁৰ নিচিনা সাহ-পিতৰ লোক অসমত আৰু এটি নাছিল। তেওঁ অসমৰ বেলিক দিন দুপৰতে ৰাহুৰ হাতত দি অক্ষয় স্বৰ্গলৈ গতি কৰিলে। তেওঁৰ বুদ্ধিটো অতি চোকা আছিল। উকীল-মুক্তিয়াৰ নোহোৱা সত্ত্বেও তেওঁৰ গাৰ পৰা কুৰিছৰা গোচৰ- ফৰিয়াদ নুগুচিছিল। অথচ তেওঁ ক-টোৰ চুক সাতোটা নে পাঁচোটা মৰিবৰ দিনালৈকে ভাবি থিৰ কৰিব পৰা নাছিল ।

(ঘ) মিলাৰামৰ উপৰিপুৰুষ অসমলৈ কেনেকৈ আহিছিল তাৰ বৰ্ণনা দিয়া।

উত্তৰ : মিলাৰামৰ উপৰিপুৰুষ সিন্ধি খন্দা, চুৰ কৰা, তলা-চাবি ভঙা আদি কামত পাকৈত আছিল। সেয়েহে, তেওঁ অসমলৈ অহাৰ মূল উদ্দেশ্য আছিল চুৰ তথা লুটপাট কৰা। মিলাৰামৰ উপৰিপুৰুষ হয়বৰ তেওঁৰ পাঁচজন সংগীৰে ১৬১৯ শকত অসমত প্ৰৱেশ কৰিছিল। তেওঁলোকে লগত অস্ত্র-শস্ত্র হিচাপে আনিছিল মানুহ মৰা টোকোন, বাদুলীসঁচাৰ ভঙা অস্ত্ৰ আৰু সিন্ধি খনা চিপৰাং। মিলাৰামে উপৰিপুৰুষৰ সৈতে সংগীকেইজনক সাধুপুৰুষ বুলিছে আৰু তেওঁলোকে দিগ্বিজয় কৰি অসমলৈ আহিছিল বুলি উপহাস কৰিছে। অসমত গুণীৰ গুণ বুজোতা ৰুদ্ৰসিংহ স্বৰ্গদেৱে তেওঁলোকক অভ্যর্থনা কৰি যাউতিযুগীয়াকৈ ৰাজবন্দীশালৰ খোটালি এটা দান কৰি ৰাজকীয় অতিথিৰূপে আজীৱন বন্দীশালত পোহপালৰ ব্যৱস্থা কৰিছিল৷

(ঙ) মিলাৰামৰ দেউতাকে কেনেধৰণৰ পৰোপকাৰ কৰি কাল কটাইছিল?

উত্তৰ : মিলাৰামৰ দেউতাকৰ বুদ্ধিটো বৰ চোকা আছিল। অৱশ্যে তেওঁৰ বুদ্ধিটো আইন-কানুন, গোচৰ-ফৰিয়াদত বৰকৈ খেলিছিল। তেওঁ উকীল বা মুক্তিয়াৰ নাছিল, কিন্তু কুৰি ছঁৰা গোচৰ ফৰিয়াদ দিনটোত তেওঁৰ গাৰ পৰা নুগুচিছিল। গৰুৰ কাষৰ পৰা চিকৰা-খোৱা গৰু-বগ নুগুচাদি মিলাৰামৰ কাষৰ পৰাও গুচৰীয়া-পদকীয়া নুগুচিছিল। আকৌ মোকর্দমা সাজি দিয়া, তাক জবাব-চৱাল শিকোৱা, আৰু সাক্ষীক শিকনি দিয়া, তাৰ হৈ উকিল-মুক্তিয়াৰ ধৰি দিয়া— এনেধৰণৰ পৰোপকাৰ কৰিয়েই তেওঁ দিন কটাইছিল।

দীঘলীয়া প্রশ্ন ঃ (আৰ্হি নং- ১)

(ক) হৰিবৰক স্বৰ্গদেৱে কেনেদৰে পিতৃৰ সৈতে একে খোটালিতে থাকিবৰ দিহা কৰি দিলে। চমুকৈ লিখা।

উত্তৰ ঃ পিতাক হয়বৰক বিচাৰি ১৫ বছৰৰ পিছত হৰিবৰ আহি অসম পাইছিলহি আৰু ৰংপুৰ নগৰত থাকিবলৈ লৈছিল। বছৰদিয়েক যাওঁতেই সেই সময়ৰ আহোম স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ কাণত তেওঁৰ গুণৰ কথা পৰিল আৰু স্বৰ্গদেৱে দয়া পৰবশ হৈ বাপ-পোৰ বিচ্ছেদ নঘটাকৈ বাপেকৰ সৈতে একোটা ৰাজবন্দীশালৰ সুন্দৰ খোটালিত থাকিবৰ দিহা কৰিছিল।

(খ) মনবৰ কি বিদ্যাৰ বাবে বিখ্যাত আছিল? স্বৰ্গদেউ শিৱসিংহই এওঁক কেনেধৰণে শাস্তি দিছিল। —চমুকৈ লিখা।

উত্তৰ : মনবৰ আনৰ চহী নকল কৰা বিদ্যাত বিখ্যাত আছিল।

শিৱসিংহ স্বৰ্গদেৱৰ ৰাজসভাত মনবৰৰ বিচক্ষণ গুণৰ কথা গলা-গপা হৈছিল। দেশ-দেশান্তৰৰ মানুহ মনবৰ পণ্ডিতক চাবলৈ ভাগি আহিছিল। স্বৰ্গদেৱে মনবৰক তেনেকৈ মানুহে চাবলৈ অহা দেখি সেই বিদ্যাৰত্নক অতি আগ্ৰহেৰে আহবান কৰি লৈ গৈছিল। তেওঁক যাতে সকলো মানুহে দেখিবলৈ পায় তাৰ ব্যৱস্থা কৰিছিল। আনৰ চহী নকল কৰা প্ৰতাৰক মনবৰক চুটি চুটি ঠেঙা পিন্ধাই ৰাজআলিত হাতত হাতুৰী দি আলিত শিল ভাঙিবলৈ লগাই দিলে। স্বৰ্গদেৱে মনবৰৰ বিদ্যা হত হয় বুলি মনবৰক হাতত হাতুৰী দি শিল ভাঙিবলৈ দিছিল বুলি মিলাৰামে মন্তব্য কৰিছে। যিয়েই নহওক স্বৰ্গদেৱ শিৱসিংহই মনবৰক চুটি ঠেঙা পিন্ধাই, হাতত হাতুৰী দি ৰাস্তাত শিল ভাঙিবলৈ দি শাস্তি প্রদান কৰিছিল।

(গ) মিলাৰামে ককাদেউতাক সম্পর্কে জনোৱা কথাখিনি তোমাৰ ভাষাত লিখা।

উত্তৰ ঃ মিলাৰামৰ মতে তেওঁৰ ককাদেউতাক অতি চোকাবুধীয়া আৰু দেশহিতৈষী লোক আছিল। ১৭৩৮ শকত যেতিয়া অসমলৈ মান আহিছিল তেতিয়া তেওঁ মানহঁতৰ পক্ষ লৈছিল। মানসৈন্যৰ লগ লাগি তেওঁ অসমীয়া মানুহৰ বয়-বস্তু লুটি-পুটি নিয়াত বিশেষ ক্ষমতা দেখুৱাইছিল। তেওঁ হেনো মানৰ নিচিনা সাজ-পিন্ধি লুং-লাং-টুং-টাং মাত মাতি নটা কেঁচুৱা ল’ৰা যাঠিৰে খুঁচি আৰু তিনিজনী তিৰোতাক কাৱৈমাছ কচাদি কাচি মাৰিছিল। সেই তিনিজনী তিৰোতাৰ ভিতৰত এজনী তেওঁৰ আপোন ভাই-বোৱাৰী আছিল। শেহত সেই বীৰপুৰুষে বীৰৰ সাজেৰে, বীৰৰ নিচিনাকৈ সন্মুখ-সমৰত এজনী তিৰোতাৰ হাত প্রাণ বিসর্জন দিছিল।

(ঘ) মিলাৰামৰ পিতৃ বিদ্যা-শিক্ষা সম্পৰ্কত পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰ ঃ মিলাৰামৰ মতে তেওঁৰ পিতৃৰ বুদ্ধি বৰ চোকা আছিল। অৱশ্যে তেওঁৰ সেই বুদ্ধি আইন-কানুন গোচৰ-ফৰিয়াদত বেছিকৈ খেলিছিল। তেওঁৰ গাত উকীল-মুক্তিয়াৰৰ চাব নাছিল যদিও দিনটোত কুৰিছৰা গোচৰ-ফৰিয়াদ তেওঁৰ গাৰ পৰা গুচা নাছিল। ইফালে তেওঁৰ বিদ্যা অপৰিসীম আছিল যদিও ব্ৰহ্মাণ্ডৰ ‘ক’ টোৰ চুক সাতোটা নে পাঁচোটা সেই কথা তেওঁ গোটেই জীৱনটো ভাবি থিৰ কৰিব পৰা নাছিল। বিদ্যাৰ প্ৰতি অসীম আগ্রহী সেইজনা পুৰুষে নিজৰ জীৱনত ‘ক’ৰ চুক কেইটা থিৰ কৰিব নোৱাৰি সেই কামৰ ভাৰ সুযোগ্য পুত্ৰ মিলাৰামৰ ওপৰত ন্যস্ত কৰিহে সুখেৰে চকু মুদিব পাৰিছিল। মিলাৰামৰ পিতৃ বিদ্যাৰ দৌৰ ইমানেই বেছি আছিল।

(ক) মিলাৰামে জীৱন চৰিত লিখিব লোৱাৰ মূল কাৰণ চাৰিটা বুজাই লিখা।

উত্তৰ ঃ মিলাৰামে আত্মজীৱনী লিখিবলৈ লোৱাৰ কাৰণসমূহ হ’ল ঃ

১। তেওঁৰ মিতিৰ তিনিজনৰ পৰা তিনি দিনৰ অন্তৰে অন্তৰে তিনিখন তিনিপতীয়া চিঠি পাইছিল। সেই চিঠিকেইখনত তেওঁলোকে মিলাৰামলৈ লিখিছিল যে যদি তেওঁৰ বিচিত্ৰ জীৱন চৰিত্ৰ মিলাৰামে স্বহস্তে লেখি মানুহৰ কুশলৰ অৰ্থে প্ৰকাশ কৰে, তেন্তে তেওঁলোকে মিলাৰামৰ লেখা পঢ়িব।

২। মিলাৰামৰ জীৱন আৰ্হি লৈ বাট বুলি তেওঁৰ নিচিনাকৈ বহুত মানুহ বহুত ডাঙৰ হ’ব পাৰিব।

৩। তেওঁ নিজেই নিজৰ জীৱন চৰিত লেখি থৈ নগ’লে কলিকলীয়া অধৰ্মী মানুহে তেওঁৰ জীৱন-চৰিত্ৰ নিলিখিব।

৪। পুণ্যৱান মানুহৰ চৰিত্ৰ ভক্তিভাৱে পুইন হয়। মিলাৰামৰ আত্মজীৱন চৰিত মানুহৰ বাবে কণা মানুহৰ বিত চকু, খোৰাৰ কঠুৱা ভৰি, কুঁজাৰ পিঠিৰ থিয় কিল, খহুৱাৰ খহুৰ দৰৱ, ৰীয়াৰ খজুৱতি, নখ চুকীয়াৰ বেতৰ বকটু আৰু আঙুলী পানীয়ে খোৱাৰ তুলা, পাণ জেতুকা সদৃশ।

(খ) ৰাতিৰামৰ গুণৰাজি ‘মিলাৰামৰ আত্মজীৱনী’ পাঠত কেনেভাবে প্রকাশিত হৈছে লিখা।

উত্তৰ : ‘মিলাৰামৰ আত্মজীৱনী’ত ৰাতিৰামক এজন দৈৱিক শক্তিৰ লোক বুলি কোৱা হৈছে। তেওঁৰ চকুযোৰ ঐশ্বৰিক শক্তি সম্পন্ন আছিল আৰু সেই শক্তিৰ বাবেই তেওঁ শিয়াল আৰু ফেঁচাৰ দৰে আন্ধাৰতো বয়-বস্তু ফটফটীয়াকৈ দেখিবলৈ পাইছিল। দিনতকৈ ৰাতিহে তেওঁ সৰসৰীয়াকৈ চলন-ফুৰণ কৰিছিল৷ দিনৰ দিনটো জুপুকা মাৰি ঘৰৰ চুকত বহি তেওঁ কলমটিয়াই কটায় আৰু সন্ধ্যা লাগি আহিলেই গা-মূৰ জোকাৰি পাখি কটালি থিয় হয়। তেওঁৰ ৰিজনি পক্ষীশ্রেষ্ঠ ফেঁচা আৰু পশুশ্রেষ্ঠ শিয়ালৰ লগতহে হৈছিল। সেই শ্রেষ্ঠতম দৈৱিক গুণ দেখি স্বৰ্গদেউ প্রমত্তসিংহই তেওঁক হাতে-ভৰিয়ে পিন্ধিবলৈ দুডাল লোৰ শিকলি ৰাজপ্রসাদ হিচাপে দিছিল। সেই শিকলিৰ এটা আঙঠি মিলাৰামে উপৰিপুৰুষৰ সোঁৱৰণি হিচাপে সাঁচি থৈছিল।

(গ) কাতিৰামৰ কীৰ্তিসমূহ মিলাৰামে কেনেদৰে বখানিছে বুজাই লিখা।

উত্তৰঃ মিলাৰামৰ মতে কাতিৰামে তেওঁলোকৰ বংশৰ নাম আৰু মান ৰাখিবলৈ যথেষ্ট যত্ন কৰিছিল। পূৰ্বপুৰুষৰ দৰেই দেশপ্ৰেমৰ প্ৰমাণ দাঙি ধৰি তেওঁ মোৱামৰীয়া বিদ্ৰোহত মোৱামৰীয়াসকলৰ পক্ষ লৈছিল। মোৱামৰীয়াসকলে আহোম স্বৰ্গদেউ লক্ষ্মীসিংহক জয়সাগৰৰ দৌলত বন্দী কৰি, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক শালত দি খোৰামৰাণৰ পুতেক ৰমাকান্তক ৰজা পাতিছিল। মিলাৰামৰ পূৰ্বপুৰুষ কাতিৰামে সেই বিদ্রোহত মোৱামৰীয়াহঁতৰ হৈ ৰজাৰ বিপক্ষে খোৰামৰাণ আৰু ৰাঘমৰাণৰ ঘৈণীয়েকহঁতৰ সৈতে সমানে সমানে যুঁজি বিক্রম দেখুৱাইছিল। তেওঁ জয়দৌলত বন্দী হৈ থকা লক্ষ্মীসিংহৰ পিঠিত চমতাৰে তিনি কোব মাৰিছিল, যাতে স্বৰ্গদেৱে চমতাৰ সোৱাদ কেনে তাক বুজি পায় আৰু লোকক চমতাৰে নোকোবায়। পিছত কাতিৰামেই ঘনশ্যামৰ সৈতে ষড়যন্ত্ৰ কৰি সেৱা কৰিবলৈ অহাৰ অভিনয় কৰি ৰমাকান্তক কাটিছিল। ঘনশ্যাম বুঢ়াগোহাঁয়ে ভোজ খাবলৈ মাতি আন আন মোৱামৰীয়াৰ লগতে কাতিৰামকে খাল খন্দাই পোতাইছিল। কাতিৰামৰ সেইদৰে মৃত্যু নোহোৱা হ’লে তেওঁ উদ্ধৱ, অশ্বত্থামাৰ দৰে অমৰ হ’লহেঁতেন। কাতিৰামক পোতা ঠাইতে তেওঁৰ মূৰটোৰ পৰা গজালি ওলাই এডাল লাওগছ হৈছিল বুলি প্ৰবাদ প্রচলন আছে।

মিলাৰামৰ পূৰ্বপুৰুষ কাতিৰামক দেশপ্রেমিক তথা মহান ব্যক্তি বুলি কৈ তেওঁৰ কাপুৰুষতা বিশ্বাসঘাতকতা তথা অপকর্মসমূহক ব্যংগ কৰিছে।

(ঘ) চুৱাৰামৰ নামত প্রচলিত ঘটনাটো ‘মিলাৰামৰ আত্মজীবনী পাঠ’ৰ আধাৰত বুজাই লিখা।

উত্তৰ ঃ মিলাৰামৰ পূৰ্বপুৰুষ চুৱাৰাম ‘বাপ কা বেটা লড়াইকা ঘোঁৰা’ আছিল। ১৭০৪ চনত শিঙৰীঘৰত জুই দিনা মৰাণহঁতৰ কেপ্টেইন চুৱাৰামেই আছিল। তেওঁ আছিল অতি বুদ্ধিমান, জ্ঞানী আৰু সৎ। লোকৰ বয়-বস্তু তদাৰক নোহোৱাকৈ আলৈ-আথানি হৈ পৰি থাকিলে পৰোপকাৰী চুৱাৰামে গৰাকীক জানিবলৈ নিদিয়াকৈ সেই বস্তু নিজৰ তত্ত্বাৱধানলৈ আনিছিল। সচৰাচৰ সৎ পুৰুষসকলৰ বিষয়ে থকাৰ দৰেই চুৱাৰামৰ বিষয়েও এটি প্রবাদ প্রচলিত আছিল। প্রবাদ মতে এঘৰ গৃহস্থৰ লোটা, বাতি, কাঁহী, কলহ কিছু সৰহ আছিল। কিন্তু সকলোবোৰ আলৈ-আথানি হৈ আছিল। গতিকে চুৱাৰামে দয়া পৰৱশ হৈ সেই লোটা, বাতি, কলহৰ ৰক্ষণাবেক্ষণৰ ভাৰ লোৱাটো কৰ্তব্য বুলি ঠিৰাং কৰিলে। সেয়েহে তেওঁ এদিন আন্ধাৰ ৰাতি সেই গৃহস্থৰ পিৰালিত চোপ দি গৃহস্থৰ ঘৰৰ মানুহ শুবলৈ পৰ দি থাকিল। সাধাৰণ বেবেৰিবাং অসমীয়া মানুহৰ লাগ-বান্ধ নোহোৱা ঘৰৰ দৰেই সেইঘৰ মানুহৰো পিৰালিৰ গাতে চুৱাপাতনিখন আছিল। গিৰীহঁতনীয়ে ভাত-পানী খাই আন্ধাৰে-মুগ্ধাৰে আহি মুখধোৱা চুৱা চৰিয়াৰ পানী চুৱনিপাতলৈ চাতি মাৰি পঠিয়াওঁতে গোটেই চৰিয়া পানী গৈ পিৰালিত আন্ধাৰে-মুগ্ধাৰে চোপ দি বহি থকা চুৱাৰামৰ গাত পৰিল। চুৱাৰামে ‘ভাৰী অসভ্য তিৰোতা’ বুলি গালি পাৰি খঙতে ততালিকে সেই ঠাইৰ পৰা উঠি ফো-ফো কৰে গুচি আহিল। পুহমহীয়া ৰাতি চুৱা চৰিয়াৰ চেঁচা পানীৰে গা ধুই চুৱাৰামৰ পানীলগা জ্বৰ হ’ল আৰু তিনি দিনৰ মূৰত তেওঁ ইহলীলা সম্বৰণ কৰিলে।
(ঙ) “মূর্খ লোকে নিজৰ ইষ্টানিষ্ট নুবুজে। মূৰ্খই নিজৰ বস্তু নিজেও ভালকৈ ৰাখিব নাজানে পৰকো ৰাখিব নিদিয়ে।” — মিলাৰামে এই কথাষাৰ কাক উদ্দেশ্য কৰি কৈছে? কথাষাৰ প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।

উত্তৰ : মিলাৰামে এই কথাষাৰ বয়-বস্তুৰ গিৰীহঁতক উদ্দেশ্য কৰি কৈছে।

আলোচ্য কথাষাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হাস্য-ব্যংগ ৰচনা ‘মিলাৰামৰ আত্মজীৱনী’ৰ পৰা তুলি অনা হৈছে। মিলাৰামৰ উপৰিপুৰুষ চৌর্যবৃত্তিত পাকৈত চুৱাৰামে আনৰ বস্তু চুৰ কৰি নিয়াৰ উদ্দেশ্যক ব্যংগ কৰি ৰসৰাজে কথাষাৰ কৈছে। ‘চৌর্যবিদ্যাত পাকৈত প্রখ্যাত চোৰ চুৱাৰামে আনৰ বস্তু গৰাকীৰ অলক্ষিতে সৰকোৱাত পাকৈত আছিল। সেয়েহে তেওঁ গৃহস্থই কোনো বস্তু লক্ষ্য নকৰাৰ সুযোগ বিচাৰি আছিল। তাৰ ফলত তেওঁক গৃহস্থই যে লটি-ঘটি নকৰিছিল তেনে নহয়। সেয়েহে মিলাৰামৰ বাবে তেওঁৰ উপৰিপুৰুষক অসুবিধা দিয়া গৃহস্থসকলক মূৰ্খ বুলি অভিহিত কৰিছে। মুৰ্খসকলে নিজৰ ভাল-বেয়া বিচাৰ কৰিব নাজানে। চুৱাৰামে গৃহস্থৰ উপকাৰ কৰিয়েই তেওঁলোকৰ আলৈ-আথানি হৈ পৰি থকা বস্তুবোৰ নিজৰ আয়ত্বলৈ নিছিল। গৃহস্থই নিজে আলৈ-আথানি কৰি বস্তু পেলায়। সাবধানে, সযতনে ৰাখিব নাজানে, চুৱাৰামে গৃহস্থৰ বস্তু নিজৰ তত্ত্বাৱধানলৈ নিলেও তেওঁলোকৰ জগৰ লাগে। এইদৰেই ব্যংগৰে চুৱাৰামক সমৰ্থন কৰি বেজবৰুৱাদেৱে হাস্যৰসৰ সৃষ্টি কৰিছে।

(চ) মিলাৰামৰ পিতৃ সম্পৰ্কত উল্লেখ কৰা ডাঙৰ ঘটনাটো পাঠটিৰ আলমত লিখা।

উত্তৰ ঃ মিলাৰামৰ বাপেকৰ জীৱনত ঘটা ডাঙৰ ঘটনাটোৱেই আছিল মিলাৰামৰ জীৱনৰ ডাঙৰ ঘটনা। ঘটনাটো আছিল এনেধৰণৰ এবাৰ মিলাৰামৰ দেউতাকৰ তেওঁৰ গোসাঁইৰ লগত কিবা কথাত মতান্তৰ ঘটিল। মিলাৰামৰ বাপেকে ‘বাৰু তুমি কেনে গোসাঁই মই দেখুৱাম’ বুলি মিছাকৈয়ে গোসাঁইৰ নামত এখন মোকদমা তৰিলে। মিলাৰামৰ দেউতাকে খবৰ পাইছিল যে ওচৰৰে এখন গাঁৱত এজনী মৰা ছোৱালী এঠাইত পুতি থৈছে। তেওঁ সেই ছোৱালীজনীৰ শটো খান্দি আনি গোসাঁইৰ ঘৰৰ ওচৰৰে বিল এখনৰ দলনিৰ তলত সুমাই থৈ পুলিচত খবৰ দিলেগৈ যে গোসাঁয়ে তেওঁৰ ভনীয়েকক মাৰি শ-টে৷ দলনিত থৈ গ’ল। মিলাৰামৰ বাপেকে পুলিচক লৈ গৈ দলনিৰ পৰা শটো উলিয়াই কান্দোন-কাটোন কৰিলে। শেহত বিচাৰত মোকদমা গোটেই মিছা বুলি প্ৰমাণ হ’ল গোসাঁই জে’লৰ পৰা মুকলি হ’ল। কিন্তু মিছা মোকদমা দিয়াৰ বাবে মিলাৰামৰ দেউতাকৰ তিনি বছৰৰ কাৰাবাস হ’ল।

প্রশ্নঃ ১। ‘মিলাৰামৰ আত্মজীৱনী’ নামৰ পাঠটি লক্ষ্মীনাথ বেজবৰুৱাৰ কোনখন গ্ৰন্থৰ অন্তৰ্ভুক্ত?

উত্তৰ : ‘মিলাৰামৰ আত্মজীৱনী’ নামৰ পাঠটি লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সাধুকথাৰ কুকি’ নামৰ চুটিগল্পৰ পুথিখনৰ অন্তৰ্ভুক্ত।

প্রশ্নঃ ২। মিলাৰামৰ মিতিৰ বা কুটুম কিমানজন? এই মিতিৰকেইজন তেওঁৰ কোন ফালৰ?

উত্তৰ ঃ মিলাৰামৰ মিতিৰ বা কুটুম তিনিজন। সেই মিতিৰকেইজনৰ এজন তেওঁৰ ঘৈণীয়েকৰ ফালৰ। এজন আয়েকৰ ফালৰ আৰু একেবাবে শেষৰজন বাপেকৰ ফালৰ।

প্রশ্নঃ ৩। কি কি কাৰণত মিলাৰামে আত্মজীৱনী লিখিবলৈ লৈছিল?

উত্তৰ : মিলাৰামে আত্মজীৱনী লিখিবলৈ লোৱাৰ কাৰণসমূহ হ’ল—

১। তেওঁৰ মিতিৰ তিনিজনৰ পৰা তিনি দিনৰ অন্তৰে অন্তৰে তিনিখন তিনিপতীয়া চিঠি পাইছিল। সেই চিঠিকেইখনত তেওঁলোকে মিলাৰামলৈ লিখিছিল যে যদি তেওঁ বিচিত্ৰ জীৱন চৰিত্ৰ মিলাৰামে স্বহস্তে লেখি মানুহৰ কুশলৰ অৰ্থে প্ৰকাশ কৰে, তেন্তে তেওঁলোকে মিলাৰামৰ লেখা পঢ়িব।

২। মিলাৰামৰ জীৱনৰ আৰ্হি লৈ বাট বুলি তেওঁৰ নিচিনাকৈ বহুত মানুহ বহুত ডাঙৰ হ’ব পাৰিব।

৩। তেওঁ নিজেই নিজৰ জীৱন চৰিত লেখি থৈ নগ’লে কলিকলীয়া অধৰ্মী মানুহে তেওঁৰ জীৱন-চৰিত্ৰ নিলিখিব।

৪। পুণ্যবান মানুহৰ চৰিত্ৰ ভক্তিভাৱে পুইন হয়। মিলাৰামৰ আত্মজীৱন চৰিত মানুহৰ বাবে কণা মানুহৰ বিত চুকু, খোৰাৰ কঠুৱা ভৰি, কুঁজাৰ পিঠিৰ থিয় কিল, খহুৱাৰ খহুৰ দৰব, খ্ৰীয়াৰ খজুৱতি, নখ চুকীয়াৰ বেঙৰ বকটু আৰু আঙুলী পানীয়ে খোৱাৰ তুলা, পাণ জেতুকা সদৃশ।

৪। মিলাৰামৰ উপৰি পুৰুষজনৰ নাম কি ? তেওঁ অসমলৈ কেনেকৈ আহিছিল তাৰ বৰ্ণনা দিয়া।

উত্তৰ ঃ মিলাৰামৰ উপৰিপুৰুষজনৰ নাম আছিল হয়বৰ।

হয়বৰ ১৬১৯ শকত কনৌজৰ পৰা অসমলৈ আহিছিল। তেওঁৰ লগত আহিছিল তেওঁৰে নিচিনা পাঁচজন লোক। তেওঁলোকে মানুহ মৰা টোকোন, বাদুলীসঁচাৰ ভঙা অস্ত্ৰ আৰু সিন্ধি খনা চিপৰাং লৈ নিজ কৰ্মেৰে দিগ্বিজয় কৰি আহি আহি অসম পাইছিলহি। সেই সময়ৰ অসমৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁলোকৰ গুণ বুজি পাই অভ্যর্থনা কৰি যাউতিযুগীয়াকৈ বন্দীশালত ঠাই দিছিল।

প্রশ্নঃ ৫। মনবৰ পণ্ডিতৰ ‘ভৰিৰ খোজ’ পাঁচোটিৰ পৰিচয় দিয়া।

উত্তৰ : মনবৰ পণ্ডিতৰ ‘ভৰিৰ খোজ’ পাঁচোটি আছিল সিন্ধিৰাম, ৰাতিৰাম, বাতিৰাম কাতিৰাম আৰু চুৱাৰাম । সিন্ধিৰাম আছিল সিন্ধি দি বস্তু সৰকোৱাত পাকৈত। পালি-প্ৰহৰীয়ে বেঢ়ি থকা ডাঙৰ লোকৰ ঘৰত সিন্ধি দিব লাগিলে সিন্ধিৰাম নগ’লে নহৈছিল। ৰাতিৰামে শিয়াল আৰু ফেঁচাৰ নিচিনাকৈ এন্ধাৰতো বয়বস্তু ফটফটীয়াকৈ দেখিছিল। দিনটো জুপুকা মাৰি ঘৰৰ চুকত কলমুটিয়াই কটাই সন্ধ্যা লাগি আহিলেই তেওঁ ৰাতি ফুৰিবলৈ সাজু হৈছিল। তেওঁক প্রমত্তসিংহ স্বৰ্গদেৱে হাতে-ভৰিৰে লোৰ শিকলি পিন্ধাইছিল। ৰাতিৰামে লোক বাটি, ঘটি, লোটা, ছাগলি, গৰু, ম’হ গৰাকীৰ বিনানুমতিত আৰু অজ্ঞাতসাৰে ইফাল- সিফাল কৰি সৰকোৱাত অতি পটু আছিল। তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱা নগৰলৈ যাওঁতে বধ কৰিবলৈ যত্ন কৰিছিল। কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱা নমৰিল, মৰিল বাতিৰাম । ৰাতিৰামো ককায়েক বাতিৰামৰ দৰেই আছিল। স্বৰ্গদেউ লক্ষীসিংহৰ জয়সাগৰৰ দ’লত বন্দী কৰি, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক শালত দি ৰমাকান্তক ৰজা পতা মোৱামৰীয়াহঁতৰ সেনাপতি খোৰামৰাণ আৰু ৰবাঘমৰাণৰ ঘৈণীয়েকহঁতৰ সমানে তেওঁ যুঁজ বিক্রম দেখুৱাইছিল। পিছত সেই কাতিৰামেই ঘনশ্যাম বুঢ়াগোহাঁইৰ সৈতে ষড়যন্ত্ৰ কৰি ৰমাকান্তক বধ কৰিছিল। পিছত ঘনশ্যাম বুঢ়াগোহাঁয়ে ভোজ খাবলৈ বুলি মাতি নি আন আন মোৱামৰীয়াৰ সৈতে কাতিৰামকো খাল খানি পোতাই মাৰিছিল। সকলোতকৈ সৰু দুৱাৰামো ‘বাপকা বেটা লৰাই কা ঘোঁৰা’ আছিল। ১৭০৪ শকত মৰাণহঁতৰ কাপ্তান হৈ তেওঁ আহোমৰ শিঙৰিঘৰত জুই দিছিল। লোকৰ বয়বস্তু আলাই-আথানি হৈ পৰি থাকিলে তেওঁ সেইবোৰ নিজৰ তত্ত্বাৱধানলৈ লৈ আনিছিল। এবাৰ এঘৰ মানুহৰ ঘৰত চুৰ কৰিবলৈ বুলি পিৰালিত চোপা দি বহি থাকোতে গিৰিহঁতনীয়ে এন্ধাৰে মুগ্ধাৰে আহি মুখ ধোৱা চুৱা চৰিয়াৰ পানী চুৱাপাতনিলৈ চাতি মাৰি পঠিয়াওঁতে চুৱাৰামৰ গাতে গোটেই চৰীয়া পানী পৰিল। পুহমহীয়া জাৰত চুৱাচৰীয়াৰ পানীৰে জুলুৰি জুপুৰি হোৱা চুৱাৰামৰ জ্বৰ হৈ তিনিদনৰ মূৰত মৃত্যু হ’ল।

প্রশ্নঃ ৬। ‘মিলাৰামৰ আত্মজীৱনী’খনত পৰিশ্ৰমী আৰু অধ্যবসায়ী মানুহৰ তালিকাখন দিয়া।

উত্তৰঃ ‘মিলাৰামৰ আত্মজীৱনী’ত উল্লেখ থকা পৰিশ্ৰমী আৰু অধ্যৱসায়ী মানুহকেইজন হ’ল—

১। বেঞ্জামিন ফ্ৰেংকলিনঃ এওঁ ছপাখানাৰ প্ৰিণ্টাৰৰ অৱস্থাৰ পৰা এখোজ দুখোজকৈ নথৈ ডাঙৰ মানুহ হৈছিল।

২। নেপ’লিয়ন বোনাপার্ট : এওঁ এজন সামান্য চিপাহীৰ পৰা সম্রাট হৈছিলগৈ।

৩। ৰাতিৰামঃ এওঁ নিজৰ অদম্য পৰিশ্ৰম আৰু অধ্যৱসায়ৰ গুণত গৰাকীৰ বিনানুমতিত বস্তু সৰকোৱাত পাকৈত হৈ দিনে দিনে ওখ হৈ দ’লৰ কলচী ঢুকী পোৱা হৈছিলগৈ।

প্রশ্নঃ ৭। মিলাৰামৰ পিতৃৰ পৰিচয় দিয়া।

উত্তৰঃ মিলাৰামৰ মতে তেওঁৰ পিতৃ অতি ওখখাপৰ লোক আছিল। তেওঁ বৰ বুদ্ধিমান আছিল আৰু তেওঁ বুদ্ধিটো আইন-কানুন, গোচৰ ফৰিয়াদত বৰকৈ খেলিছিল। গৰুৰ কাষৰ পৰা চিকৰা খোৱা গৰু বগ নুওচাৰ দৰে মিলাৰামৰ দেউতাকৰ কাষৰ পৰা ওচৰীয়া পদকীয়া নুগুচিছিল। আৰু মোকদমা সাজি দিয়া, তাক জবাব ছৱাল শিকাই দিয়া, আৰু গানধীক শিকনি দিয়া, তাৰ হৈ উকিল মুক্তিয়াৰ ধৰা এনেবোৰ কাম তেওঁৰ খ্যাতি আছিল। অথচ ইফালে ব্ৰহ্মাক্ষৰ ‘ক’টোৰ চুক সাতোটা নে পাঁচোটা তেওঁ মৰিবৰ দিনালৈকে ভাবি থিৰ মীমাংসা কৰিব নোৱাৰিছিল। এবাৰ তেওঁ গোসাঁইৰ লগত কিবা কথাত মতান্তৰ হোৱাত মিলাৰামৰ বাপেকে এজনী মৰা ছোৱালী পুতি থোৱাৰ পৰা খান্দি আনি গোসাঁইৰ ঘৰৰ ওচৰৰ বিল এখনৰ দলনিৰ তলত সুমাই গোসাঁইৰ ওপৰত মোকদমা তৰিলে যে গোসাঁইয়ে মিলাৰামৰ বাপেকৰ ভনীয়েকক খুন কৰি লাচটো ক’ৰবাত লুকাই পেলালে। পিছত পুলিচক লৈ গৈ দলনিৰ পৰা শটো উলিয়াই দেখুৱালে। শেষত বিচাৰত মোকদমা মিছা প্ৰমাণ হোৱাত গোসাঁই মুকলি হ’ল যদিও মিলাৰামৰ দেউতাকে তিনি বছৰৰ কাৰাবাসত কটাবলগীয়া হ’ল।

প্রশ্নঃ ৮। মিলাৰামৰ জীৱনৰ ডাঙৰ ঘটনাটোৰ বিষয়ে চমুকৈ নিজৰ ভাষাত লিখা।

উত্তৰঃ মিলাৰামৰ বাপেকৰ জীৱনত ঘটা ডাঙৰ ঘটনাটোৱেই আছিল মিলাৰামৰ জীৱনৰ ডাঙৰ ঘটনা ৷ ঘটনাটো আছিল এনেধৰণৰ— এবাৰ মিলাৰামৰ দেউতাকৰ তেওঁৰ গোসাঁইৰ লগত কিবা কথাত মতান্তৰ ঘটিল। মিলাৰামৰ বাপেকে ‘বাৰু তুমি কেনে গোসাঁই মই দেখুৱাম’ বুলি মিছাকৈয়ে গোসাঁইৰ নামত এখন মোকৰ্দমা তৰিলে। মিলাৰামৰ দেউতাকে খবৰ পাইছিল যে ওচৰৰে এখন গাঁৱত এজনী মৰা ছোৱালী এঠাইত পুতি থৈছে। তেওঁ সেই ছোৱালীজনীৰ শটো খান্দি আনি গোসাঁইৰ ঘৰৰ ওচৰৰে বিল এখনৰ দলনিৰ তলত সুমাই থৈ পুলিচত খবৰ দিলেগৈ যে গোসাঁয়ে তেওঁৰ ভনীয়েকক মাৰি শ ক’ৰবাত ধৰি লৈ গ’ল। মিলাৰামৰ বাপেকে পুলিচক লৈ গৈ দলনিৰ পৰা শটো উলিয়াই কান্দোন-কাটোন কৰিলে। শেহত বিচাৰত মোকদমা গোটেই মিছা বুলি প্ৰমাণ হ’ল গোসাঁই জে’লৰ পৰা মুকলি হ’ল। কিন্তু মিছা মোকদমা দিয়াৰ বাবে মিলাৰামৰ দেউতাকৰ তিনি বছৰৰ কাৰাবাস হ’ল।

প্রশ্নঃ ৯। মিলাৰামৰ আত্মজীৱনীখনত বেজবৰুৱাই অসমীয়া শব্দ বা বাক্যৰ বাহিৰে আন কি ভাষাৰ শব্দ বা বাক্য প্রয়োগ কৰিছে?

উত্তৰ : মিলাৰামৰ আত্মজীৱনীখনত অসমীয়া শব্দ বা বাক্যৰ বাহিৰেও হিন্দী আৰু অসমীয়া শব্দ আৰু বাক্যও ব্যৱহাৰ কৰিছে। অৱশ্যে সেই বিদেশী ভাষাৰ শব্দ আৰু বাক্যবোৰ বিদ্রুপাত্মক অৰ্থত ব্যৱহাৰ কৰাৰ ফলত হাস্যৰসৰ সৃষ্টি হৈছে। লগতে বেজবৰুৱাদেৱে সংস্কৃত শব্দও দুই-এটাৰ ব্যৱহাৰ কৰি ব্যংগ সক অধিক বসাল কৰি তুলিছে। চেল্‌ফ মেডমেন ‘বাপকা বেটা লড়াই কা ঘোঁড়া’ বিদ্যানুৰাগী স্বৰ্গদেৱ, আদি তেনে শব্দ আৰু বাক্যৰ উদাহৰণ। হাস্যৰস সৃষ্টিৰ বাবে বেজবৰুৱা দেৱে হিমলি ভাষাৰ প্ৰয়োগ, অসংগত ৰিজনি, মিল নথকা সন্ধি, অদ্ভুত উপমা, ৰূপক, চৰিত্ৰৰ বহুৱালি, বিদ্রুপ আদিৰ সহায় লয়। মিলাৰামৰ আত্মজীৱনতো লুং-লাং মাত, ভাষী, অসভ্য তিৰোতা আদি মিহলি ভাষা ব্যৱহাৰ কৰি তেখেতে হাস্যৰসৰ সৃষ্টি কৰিছে।
প্রশ্নঃ ১। বেজবৰুৱাৰ একমাত্ৰ কবিতাপুথিখনৰ নাম কি?

উত্তৰঃ ‘কদমকলি’।

প্রশ্নঃ ২। বেজবৰুৱা ‘অসম সাহিত্য সভা’ৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিৱশনৰ সভাপতি আছিল।

প্রশ্নঃ ৩। লক্ষ্মীনাথ বেজবৰুৱাক অসমৰ ৰাইজে কিকি উপাধিৰে সন্মানিত কৰিছে?

উত্তৰ : লক্ষ্মীনাত বেজবৰুৱাক অসমৰ ৰাইজে ‘সাহিত্যৰথী’ আৰু ‘বসৰাজ’ উপাধিৰে সন্মানিত কৰিছে।

প্রশ্নঃ ৪। বেজবৰুৱাৰ ধেমেলীয়া নাটক ‘লিটিকাই’ কোনখন আলোচনীত প্ৰকাশ হৈছিল?

উত্তৰ : বেজবৰুৱাৰ ধেমেলীয়া নাটক ‘লিটিকাই’ জোনাকী আলোচনীত প্ৰকাশ হৈছিল।

প্রশ্নঃ ৫। বেজবৰুৱাৰ উপন্যাসখনৰ নাম লিখা।

উত্তৰ : ‘পদুমকুঁৱৰী’

প্রশ্নঃ ৬। মিলাৰামৰ মিতিৰ বা কুটুম কেইজন?

উত্তৰ : মিলাৰামৰ মিতিৰ বা কুটুম তিনিজন।

প্রশ্ন ৭। কোনজন স্বৰ্গদেৱে হয়বৰৰ পোহপালৰ ভাৰ নিজে গ্ৰহণ কৰিছিল?

উত্তৰ : স্বৰ্গদেৱ ৰুদ্ৰসিংহই হয়বৰৰ পোহপালৰ ভাৰ নিজে গ্ৰহণ কৰিছিল।

প্রশ্নঃ ৮। ৰাতিৰামক কোনজন স্বৰ্গদেৱে ভৰিত লোৰ শিকলি পিন্ধাইছিল?

উত্তৰ: প্রমত্তসিংহ স্বৰ্গদেৱে।

প্রশ্নঃ ৯৷ মনবৰ পণ্ডিতৰ আচৰিত ক্ষমতাটো কি আছিল?

উত্তৰ : বলবৰ পণ্ডিতৰ আচৰিত ক্ষমতা এই আছিল যে তেওঁ যাৰে তাৰে চহী হুবহু নকল কৰি দিব পাৰিছিল।

প্রশ্নঃ ১০ মিলাৰামৰ উপৰিপুৰুষৰ নাম কি আছিল?

উত্তৰ: মিলামৰ উপৰিপুৰুষৰ নাম আছিল ‘হয়বৰ’।

১১। হয়বৰ কেতিয়া অসমলৈ আহিছিল?

উত্তৰ : হয়বৰ ১৬১৯ শকত অসমলৈ আহিছিল।

প্রশ্নঃ ১২। মিলাৰামৰ উপৰিপুৰুষ ‘হয়বৰ’ কোন ঠাইৰ পৰা অসমলৈ আহিছিল?

উত্তৰ ; মিলাৰামৰ উপৰিপুৰুষ হয়বলৈ কনৌজৰ পৰা অসমলৈ আহিছিল।

প্রশ্নঃ ১৩। ‘হয়বৰ’ বংশধৰ পুতেকৰ নাম কি আছিল?

উত্তৰ : হয়বৰ বংশধৰ পুতেকৰ নাম আছিল হৰিবৰ।

প্রশ্নঃ ১৪। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ পুতেক কোন আছিল?

উত্তৰ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ পুতেক আছিল শিৱসিংহ।

প্রশ্নঃ ১৫। হয়বৰক বিচাৰি তেওঁৰ পুকে হৰিবৰ কিমান বছৰৰ পিছত আহিছিল?

উত্তৰ: হয়বৰক বিচাৰি তেওঁৰ পুতেক হৰিবৰ ১৫ বছৰৰ পিছত আহিছিল।

প্রশ্নং ১৬। লোকে কপাহীৰ নাম কি দিছিল?

উত্তৰ: লোকে কপাহীৰ নাম দিছিল জাম্বৱতী।

প্রশ্নঃ ১৭। মনবৰ পণ্ডিতে ভবলীলা সম্বৰণ কৰাৰ পিছত তেওঁৰ ‘ভৰিৰ খোজ’ কোন কোন ৰৈছিল?

উত্তৰ : মনবৰ পণ্ডিতে ভৱলীলা সম্বৰণ কৰাৰ পিছত তেওঁৰ ভৰিৰ খোজ পাঁচবিধ পুতেক আৰু এজনী জীয়েক ৰৈছিল।

প্রশ্নঃ ১৮। মোৱামৰীয়াহঁতে স্বৰ্গদেৱ লক্ষীসিংহক ক’ত বন্দী কৰি থৈছিল?
উত্তৰ : মোৱামৰীয়াহঁতে স্বৰ্গদেৱ লক্ষীসিংহক জয়সাগৰৰ দলত বন্দী কৰি থৈছিল।
প্রশ্নঃ ১৯। কোনে মোৱামৰীয়াসকলক ভোজ খাবলৈ বুলি পাতি নি খাল খনাই পোতাইছিল?
উত্তৰ: ঘনশ্যাম বুঢ়াগোহাঁয়ে।
প্রশ্নঃ ২০। কপাহীয়ে সাতজন স্বামীৰ চাউল খাই শেষত কাৰ লগত বিয়া সোমাইছিল?
উত্তৰ ; বদন চন্দ্ৰ বৰফুকনক কাটোতা ৰূপসিংহ চুবাদাৰৰ লগত।
প্রশ্নঃ ২১। বদন চন্দ্ৰ বৰফুকনক কোনে কাটিছিল?
উত্তৰ : ৰূপসিংহ চুবেদাৰে।
প্রশ্নঃ ২২। অসমলৈ কেতিয়া মান আহিছিল?
উত্তৰ : ১৭৩৮ শকত।
প্রশ্নঃ ২৩ গৌৰীনাথ সিংহক মাৰিবলৈ কোনে পাচে পাচে খেদি গৈছিল?
উত্তৰ : সিন্ধুৰা হাজৰিকাই।
প্রশ্নঃ ২৪। মিলাৰামৰ পিতৃয়ে কি কথা মৃত্যুলৈকে থিৰাং কৰিব পৰা নাছিল?
উত্তৰ : ব্ৰহ্মাক্ষৰ ‘ক’টোৰ চুককেইটা সেই কথা মিলাৰামৰ পিতৃয়ে মৃত্যুলৈকে থিৰাং কৰিব পৰা নাছিল।
প্রশ্নঃ ২৫। মিলাৰামৰ পিতৃৰ কাৰ সৈতে মতান্তৰ হৈছিল?
উত্তৰ : মিলাৰামৰ পিতৃৰ তেওঁৰ গোসাঁইৰে সৈতে মতান্তৰ ৰৈছিল।
প্রশ্নঃ ২৬। নেপলিয়ন বোনাপাৰ্ট কি অবস্থাৰ পৰা সম্রাট হৈছিল?
উত্তৰঃ নেপ’লিনয় বোনাপাট সামান্য চিপাহীৰ পৰা সম্রাট হৈছিল।
প্রশ্নঃ ২৭। বেঞ্জামিন ফ্ৰেংকলিন কি অৱস্থাৰ পৰা ডাঙৰ মানুহ হৈছিল?
উত্তৰ : বেঞ্জামিন ফ্ৰেংকলিন ছপাখানাৰ প্ৰিণ্টাৰৰ পৰা ডাঙৰ মানুহ হৈছিল?
প্রশ্নঃ ২৮। ‘জলম বঁটা’ কোন আছিল?
উত্তৰ : কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ।
প্রশ্নঃ ২৯। কোনে অসম বুৰঞ্জী পুৰি পেলাইছিল?
উত্তৰ ; কীৰ্তিচন্দ্ৰ বৰবৰুৱাই।
প্রশ্নঃ ৩০। মোৱামৰীয়াহঁতে কাক ৰজা পাতিছিল?
উত্তৰ : খোৰামৰাণৰ পুতেক ৰমাকাস্তক।
প্রশ্নঃ ৩১। কোনে কাক পাঁচ পাণ্ডৱ আৰু জাম্ববতী নাম দিছিল?
উত্তৰঃ মনবৰ ‘ভৰিৰ খোজ’ পাঁচটি পুতেক ক্ৰমে সিন্ধিৰাম, ৰাতিৰাম, বাতিৰাম, কাতিৰাম আৰু চুৱাৰামৰ লোকে পাঁচ পাণ্ডৱ আৰু তেওঁৰ একমাত্ৰ জীয়েক ৰূপাহীক জাম্বৱতী নাম দিছিল।
প্রশ্নঃ ৩২। হয়বৰ অসমলৈ আহোঁতে লগত কি কি সঁজুলি আনিছিল?
উত্তৰঃ হয়বৰ অসমলৈ আহোঁতে লগত মানুহ মৰা টোকোন, বাদুলী সঁচাৰ ভঙা অস্ত্ৰ আৰু সিন্ধি খনা চিপৰাং লৈ আহছিল।
প্রশ্নঃ ৩৩। স্বৰ্গদেৱ ৰুদ্ৰসিংহই কিদৰে হয়বৰক অভ্যর্থনা কৰিছিল?
উত্তৰ ঃ স্বৰ্গদেৱ ৰুদ্ৰসিংহই হয়বৰক বন্দীশালৰ সুন্দৰ কোঠালিএটা দান কৰি পোহপালৰ ভাৰ নিজে গ্ৰহণ কৰি হয়বৰৰ অভ্যর্থনা কৰিছিল।
প্রশ্নঃ ৩৪। স্বৰ্গদেৱ শিৱসিংহই মনবৰ পণ্ডিতৰ গুণৰ কথা শুনি কি কৰিছিল?
উত্তৰ ঃ মনবৰ পণ্ডিতৰ গুণৰ কথা শুনি স্বৰ্গদেৱ শিৱসিংহই তেওঁ সকলোৰে দেখাকৈ চুটি চুটি টেঙা পিন্ধাই সজাই-পৰাই হাতত হাতুৰী দি ৰাজ আলিত শিল ভাঙিবলৈ দিছিল।
প্রশ্নঃ ৩৫। ৰামায়াণৰ গোপনীয় পৰমাৰ্থ মিলাৰামৰ মতে কি?
উত্তৰ ঃ মিলাৰামৰ মতে মুনিসকলৰ লাগ-বান্ধ নথকা কথাত তেওঁলোকৰ উপৰি পুৰুষসকলে কাণ নিদিছিল। সেয়েহে মুনিসকলে সেই কথা ক’বৰ সাহ নকৰি সাঁচিপাতত লিখিছিল। সাঁচিপাতেই সেই কথাৰ মৰ্ম বুজিব নোৱাৰি উঁই পৰুৱাক বিলাই দিলে। উই পৰুৱাই উই হাফলু বান্ধিলে। উই হাফলুৰ পৰা বাল্মিকী আৰু বাল্মিকীৰ পৰাই ৰামায়ণ। ৰামায়ণৰ গোপনীয় পৰমাৰ্থ এয়ে।
প্রশ্নঃ৩৬। ‘কপাহী’ কোন? তেওঁৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ‘কপাহী’ মিলাৰামৰ পূৰ্বপুৰুষ মনবৰ পণ্ডিতৰ জীয়েক আছিল। মানুহে কপাহীক জাম্বৱতী নাম দিছিল। মিলাৰামৰ মতে কপাহীৰ কথা অসম বুৰঞ্জীত বেছিকৈ পোৱা
নাযায়। মাত্র ইয়াকে জনা যায় যে তেওঁ মুঠতে সাতজন মানুহক বিয়া কৰোৱাৰ পিছত অসম বুৰঞ্জীখ্যাত বদন বৰফুকনক কটা ৰূপসিং চুবেদাৰক বিয়া কৰাইছিল।
প্রশ্নঃ ৩৭। হৰিবৰ কোন? তেওঁ কিয় অসমলৈ আহিছিল? তেওঁক কোনে কি দিহা কৰিছিল?
উত্তৰ ঃ ‘হৰিবৰ’ মিলাৰামৰ উপৰিপুৰুষৰ ‘হয়বৰ’ৰ পুতেক আছিল। তেওঁ নিজৰ পিতৃদেৱতাক বিচাৰি খালে-বামে ছমাহ বাটকুৰি বাই ৰংপুৰত উপস্থিত হৈছিলগৈ।
পিতাক হয়বৰক বিচাৰি ১৫ বছৰৰ পিছত হবিৰ আহি অসম পাইছিলহি আৰু ৰংপুৰ নগৰত থাকিবলৈ লৈছিল। বছৰদিয়েক যাওঁতেই সেই সময়ৰ আহোম স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ কাণত তেওঁৰ গুণৰ কথা পৰিল আৰু স্বৰ্গদেৱে দয়া পৰবশ হৈ বাপ-পোৰ বিচ্ছেদ নঘটাকৈ বাপেকৰ সৈতে একোটা ৰাজবন্দীশালৰ সুন্দৰ খোটালিত থাকিবৰ দিহা কৰিছিল।
প্রশ্নঃ ৩৮। পাঠটোত কোন কোন আহোম ৰজাৰ নাম উল্লেখ আছে?
উত্তৰ ঃ পাঠটোত উল্লেখ থকা আহোম ৰজাসকলৰ নাম হ’ল— স্বৰ্গদেৱ ৰুদ্ৰসিংহ, শিৱসিংহ, লক্ষ্মীসিংহ, গৌৰীনাথ সিংহ আৰু প্ৰমত্তসিংহ।
প্রশ্নঃ ৩৯। পাঠটোত উল্লেখ থকা বুৰঞ্জীৰ উল্লেখযোগ্য ঘটনাকেইটাৰ উল্লেখ কৰা।
উত্তৰ ঃ পাঠটোত উল্লেখ থকা বুৰঞ্জী বিখ্যাত ঘটনা হ’ল— জলম বঁটা, কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বিৰুদ্ধে ৰচনা কৰা ষড়যন্ত্ৰ। মোৱামৰীয়া বিদ্ৰোহ, লক্ষ্মীসিংহ সিংহদেৱক জয়সাগৰৰ দ’লত মোৱামৰীয়াসকলে বন্দী কৰা ঘটনা, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক শালত দি ৰমাকান্ত অসমৰ ৰজা হোৱা, ঘনশ্যাম বুঢ়াগোহাঁইৰ ষড়যন্ত্র ক্ৰমে ৰমাকান্তৰ বধ আৰু আন আন মোৱামৰীয়াক খাল খান্দি পোতা, পানমীমুৱাৰ খবৰ, ভূতৰ পুতেকৰ বিদ্ৰোহ, মানৰ অসম আক্ৰমণ, সিন্ধুৰা হাজৰিকাৰ ষড়যন্ত্র ইত্যাদি।
প্রশ্নঃ ৪০। মিলাৰামে উপৰিপুৰুষৰ সোঁৱৰণি স্বৰূপে কি বস্তু যতনাই ৰাখিছিল।
উত্তৰ ঃ মিলাৰামৰ উপৰিপুৰুষ ৰাতিৰামক স্বৰ্গদেৱ প্ৰমত্তসিংহই হাতে-ভৰিৰে পিন্ধিবলৈ ৰাজপ্ৰসাদ স্বৰূপে দিয়া লোৰ শিকলি আঙঠি এটা উপৰিপুৰুষৰ সোঁৱৰণী স্বৰূপে যতনাই থৈছিল।
প্রশ্নঃ ৪১। মিলাৰামৰ ককাদেউতাকৰ চোকা বুধি আৰু দেশহিতৈষী গুণৰ চমু উল্লেখ কৰা।
উত্তৰঃ মিলাৰামৰ ককাদেউতাকে ১৭৩৮ চনত অসম আক্ৰমণ কৰা মানসকলৰ লগ হৈ অসমীয়া মানুহৰ বয়বস্তু লুটি পুটি নিয়াত প্ৰতাপ দেখুৱাইছিল। তেওঁ হেনো মানৰ নিচিনা সাজ পিন্ধ লুং-লাং, টুং-টাং মাত মাতিএটা কেঁচুৱা ল’ৰা যাঠিৰে খুঁচি আৰু তিনিজনী তিৰোতাক কাৱৈ মাছ, কচাদি খুঁচি মাৰিছিল। সেই তিনিজনী তিৰোতাৰ এজনী তেওঁৰ ভাই বোৱাৰীয়েক আছিল। এইদৰে মিলাৰামৰ ককাদেউতাকে চোকা বুধি আৰু দেশহিতৈষণা চানেকী দেখুৱাইছিল।
প্রশ্নঃ ৪২। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দিয়া।
উত্তৰ : ১৮৬৮ চনত অসমীয়া সাহিত্য বেজবৰুৱাদেৱে নগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে নগাঁৱৰ আহতগুৰি নামৰ ঠাইত জন্মগ্রহণ কৰে। তেওঁৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ বেজবৰুৱাদেৱে কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰে। কলিকতাত থাকোঁতেই তেওঁ আন আন অসমীয়া ছাত্ৰসকলৰ লগ লাগি অসমীয়া ভাষাৰ উন্নতিৰ হকে কাম কৰাৰ ব্ৰত লয়৷ ‘অসমীয়া ভাষাৰ উন্নতি সাধনী সভাৰ সৈতে জড়িত হোৱাৰ পিছত তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে ‘জোনাকী’ কাকত উলিয়ায়। জোনাকীৰ পাততে বেজবৰুৱাদেৱে অতুলনীয় সাহিত্য প্রতিভাৰ পৰিচয় দাঙি ধৰে। গল্প, নাটক, কবিতা, প্রবন্ধ, উপন্যাস, ৰম্যচনা, সমালোচনা, জীৱনী আদি বিভিন্ন সাহিত্যৰ স্ৰষ্টা বেজবৰুৱাদেৱ আছিল অসমীয়া চুটিগল্পৰ জনক। বেজবৰুৱাৰ ৰচনাসমূহ হ’ল-
গল্পপুথি— সুৰভি, জোনবিৰি, কেহোকলি আৰু সাধুকথাৰ কুকি।
সাধুকথা— বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা।
প্রহসন— লিটিকাই, নোমল-পাচতি, চিকৰপতি-নিকৰপতি।
বুৰঞ্জীমূলক নাট— জয়মতী, বেলিমাৰ, চক্ৰধ্বজ সিংহ। বৰবৰুৱাৰ ভাবৰ বুৰবুৰনি ইত্যাদি।
কৃপাবৰী ৰচনা— কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ ওভটনি, বৰবৰুৱাৰ বুলনি,
জীৱনী— শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ, ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত আদি।
আত্মজীৱনী— মোৰ জীৱন সোঁৱৰণ।
তত্বমূলক গ্রন্থ— তত্বকথা, শ্রীকৃষ্ণ কথা।
উপন্যাস— পদুম কুঁৱৰী
কবিতাপুথি— কদমকলি।
বেজবৰুৱাদেৱে ‘বাঁহী’ আলোচনীৰ সম্পাদনা কৰিছিল। ১৯২৪ চনত গুৱাহাটীত বহা “অসম সাহিত্য সভা”ৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। হাস্যৰসৰ ওজা বেজবৰুৱাদেৱক অসমীয়া সাহিত্য সমাজে ৰসৰাজ আখ্যাৰে আখ্যায়িত কৰিছে। আনহাতে অসমীয়া সাহিত্যৰ ৰথখনিক দক্ষতাৰে আগুৱাই নিয়াত তেওঁৰ যি কৃতিত্ব তাৰ বাবে তেওঁ “সাহিত্যৰথী” হিচাপেও পৰিচিত। এইজনা অসমীয়া সাহিত্য আকাশৰ শুকতত্ত্বা স্বৰূপ অসম সন্তানৰ ১৯৩৮ চনৰ ২৬ মাৰ্চত পৰলোকপ্রাপ্তি ঘটে।
প্রশ্নঃ ৪৩। লীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত ১৮৬৮ চনৰ কোনো এক লক্ষ্মী পূৰ্ণিমাৰ নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল দীননাথ বেজবৰুৱা আৰু থানেশ্বৰী দেৱী। দীননাথ বেজবৰুৱাই ইংৰাজ চৰকাৰৰ অধীনত সুন্সিফৰ কাম কৰিছিল। তেওঁ আহোম ৰাজত্বৰ শেষ সময়ৰ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বত বেজবৰুৱাৰ খিতাপত অধিষ্ঠিত হৈছিল। ধনে-মানে, ঐশ্বর্য- বিভূতিয়ে দীননাথ বেজবৰুৱাৰ পৰিয়াল অসম বিখ্যাত আছিল। মাতৃ থানেশ্বৰী দেৱী বৈষ্ণৱ সাহিত্যিক অনন্ত কন্দলিৰ বংশৰ আছিল। লক্ষ্মীনাথে শৈশৱ, কৈশোৰ, যৌৱন অসমৰ বিভিন্ন ঠাইত কটাবলগীয়া হৈছিল। শৈশৱৰ পানীকেঁচুৱা কালছোৱা বৈষ্ণৱ পীঠস্থান বৰপেটাৰ সন্ত-মহত্তসকলৰ গীত-পদেৰে মুখৰিত হৈ থকা পৰিৱেশৰ মাজত যাপন কৰিলে; তাৰ পিছত বাণনগৰী শোণিতপুৰত লৰি-ঢাপৰি ফুৰিলে। এই লক্ষ্মীনাথে বিদ্যাৰম্ভ কৰে মাধৱদেৱৰ পবিত্ৰ স্মৃতিৰে সুশোভিত উত্তৰ লখিমপুৰত। পিছলৈ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যায়। কলিকতা বিশ্ববিদ্যালয়ত এম এ আৰু আইনত নামভৰ্তি কৰে যদিও তাত কৃতকার্য হ’ব নোৱাৰি শিক্ষাৰ জীৱনৰ অন্ত পেলায় আৰু অসম বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ ব্যৱসায়ত মনোনিৱেশ কৰে আৰু জীৱনৰ শেষলৈকে নিষ্ঠাৰে কাঠৰ ব্যৱসায় পৰিচালনা কৰি যায়। কাঠৰ ব্যৱসায়ত প্ৰবলতাৰে কুঠাৰ চলাৰ লগে লগে তেওঁ কলমো চলাবলৈ ধৰিলে। লক্ষ্মীনাথ বেজবৰুৱাই গল্প, কবিতা, প্রবন্ধ, নাটক, উপন্যাস, ৰম্য ৰচনা, সমালোচনা, জীৱনী আদি। বিভিন্ন দিশত অতুলনীয় বৰঙনি আগবঢ়াই থৈ গৈছে। তেওঁ কেৱল প্ৰথম অসমীয়া চুটিগল্প লেখকেই নহয়, তেওঁ সর্বশ্রেষ্ঠ অসমীয়া হাস্যৰসিক আৰু অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু দৰ্শনৰো সৰ্বপ্ৰথম বৈজ্ঞানিক পদ্ধতিত কৰা সমালোচক। তেওঁ সৰ্বপ্ৰথম অসমীয়া কাৰ্টুনিষ্ট এগৰাকী প্ৰবীণ সাংবাদিক, খনিকৰ, উচ্চ মানবিশিষ্ট প্রতিভাশালী চিত্ৰকৰ আৰু ভাষাবিদ। অসমীয়াৰ উপৰি ইংৰাজী, বঙালী, হিন্দী বা উড়িয়া ভাষাৰ ওপৰত যে তেওঁৰ আধিপত্য আছিল তাৰ নিদৰ্শন তেওঁৰ ৰচনাৱলী। কলিকতাৰ পৰা ১৮৮৯ চনত প্ৰকাশ পোৱা ‘জোনাকী’ কাকতৰ ত্ৰিমূৰ্তিৰ ভিতৰৰ এজন আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই কাকতখনেই অসমীয়া সাহিত্যলৈ ৰমন্যাসবাদৰ ধল নমাইছিল।
লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহ হ’ল—
কবিতা পুথি— কদমকলি, কবিতা হয় যদিও হওক, নহয় যদি নহওক’ ধাৰণাৰে ৰচিত লক্ষ্মীনাথৰ
কবিতাসমূহৰ একমাত্ৰ সংকলন।
গল্পপুথি— সুৰভি, জোনবিৰি, কেহোকলি আৰু সাধুকথাৰ কুকি।
সাধুকথাৰ কুকি— বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা।
বুৰঞ্জীমূলক নাট— জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।
প্রহসন— লিটিকাই, নোমল, পাচনি, চিকৰপতি-নিকৰপতি।
উপন্যাস— পদুমকুঁৱৰী।
কৃপাবৰী ৰচনা— কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।
জীৱনী— ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আদি।
আত্মজীৱনী— মোৰ জীৱন সোঁৱৰণ।
তত্ত্বমূলক গ্রন্থ— তত্ত্বকথা, শ্রীকৃষ্ণ কথা আদি।
অসমীয়া সাহিত্য জগতক চহকী কৰি যোৱা এইগৰাকী বিশিষ্ট সাহিত্যিক ১৯২৪ চনত অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠিত অধিবেশনৰ সভাপতি হৈছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনৰ ২৬ মাৰ্চত দেহাৱসান হয়।
প্রশ্নঃ ৪৪। ব্যংগ ৰচনা হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মিলাৰামৰ আত্মজীবনী’ৰ বিশ্লেষণ কৰা।
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মিলাৰামৰ আত্মজীৱনী’ এটি হাস্যৰসাত্মক তথা ব্যংগ ধৰ্মী ৰচনা। পাঠটিৰ জৰিয়তে ‘ৰসবাজ’ৰ ৰসৰ থুনপাকে চিটিকি পৰি পাঠক সমাজে ভুৰি ভুৰি ৰস পান কৰিব পাৰে। পাঠটিত বেজবৰুৱাদেৱে পূৰ্বপুৰুষৰ গুণানুকীৰ্তন কৰিছে। তেওঁৰ লিখনীৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ তেওঁ ঐতিহাসিক ঘটনা, চন তাৰিখ আদিৰ উল্লেখ কৰিছে। ইফালে কাহিনীটোত তেখেতে যিকেইজন পূৰ্বপুৰুষৰ গুণানুকীৰ্তন কৰিছে তেওঁলোকৰ প্ৰতিজনেই চোৰ অথবা অসৎ প্রবৃত্তিৰ। সেই ব্যাজস্তুতি মাজেৰে প্ৰকাশ হোৱা বক্রতা সঁচাকৈয়ে অনুপম। সেই ব্যাজস্তুতি আৰু বক্ৰতাৰ মাজেৰে এফালে হাস্যৰসৰ সৃষ্টি হৈছে, আনফালে ব্যংগৰ তীক্ষ্ণ শৰে সমাজৰ অসৎ বৃত্তিৰ লোকসকলক বুকুৱে পিঠিয়ে শালিছেগৈ। মৰিবলৈ ওলোৱা বাপেকৰ পুতেকে অনুমতি প্রদান কৰা, চহী নকল কৰা বিচক্ষণ গুণৰ কথা ৰাজসভাত গলা-গপা হোৱাৰ আৰু সেইজন লোকক চাবলৈ দেশ-দেশান্তৰৰ মানুহ অহা আদি ভেৰাকুটিয়ে হাস্যৰস সৃষ্টি কৰি মানুহক হঁহুৱাইছে।
‘মিলাৰামৰ আত্মজীৱনী ‘ত ঠগ, প্ৰৱঞ্চক, চোৰ, লম্পটসকলক ব্যংগ কৰি সেইবোৰ মানুহক সৎ পথলে। আনিবলৈ যত্ন কৰিছে। স্বার্থসিদ্ধিৰ বাবে যিসকল লোকে আনৰ বিৰুদ্ধে ষড়যন্ত্র কৰে তেওঁৰ কিদৰে অপঘাত হয় তাকেই চকুত আঙুলি দি বেজবৰুৱাদেৱে পাঠকক দেখুৱাই দিছে। মুঠতে মিলাৰামৰ আত্মজীৱনী ব্যংগৰ শানিত অস্ত্ৰ যি, অসতৰ বিৰুদ্ধে ব্ৰহ্মাস্ত্ৰ ৰূপত সমাজক শুধৰোৱাৰ বাবে নিক্ষেপিত হৈছে।
প্রশ্নঃ ৪৫। ‘মিলাৰামৰ আত্মজীবনী’ক চুটি গল্পৰ শাৰীত ধৰিব পাৰিনে?
উত্তৰ : ‘মিলাৰামৰ আত্মীজৱনী’ ৰসৰাজ বেজবৰুৱাদেৱৰ ‘সাধুকথাৰ কুকি’ নামৰ চুটিগল্পৰ পুথিখনত সন্নিৱিষ্ট। কিন্তু চুটিগল্পৰ পুথি অন্তর্ভুক্ত হ’লেও ই প্ৰকৃততে চুটিগল্প নহয়। চুটিগল্পৰ অন্যতম লক্ষণসমূহ ইয়াত প্ৰতিফলিত হোৱা নাই । চুটিগল্পত এটামাত্ৰ ঘটনাৰ বৰ্ণনা থাকে। কিন্তু মিলাবাৰ্মৰ আত্মজীৱনীৰ ঘটনা এটা নহয়। ইয়াত মানৱীয় অনুভূতিৰ বৰ্ণনা কম। প্ৰকৃততে ই এটা হাস্য ব্যংগৰচনাহে। চুটিগল্পত এটা আদর্শ থাকে, কিন্তু তাত সমাজ সংস্কাৰৰ প্ৰত্যক্ষ উদ্দেশ্য নাথাকে। মিলাৰামৰ আত্মজীৱনীত কিন্তু সমাজ সংস্কাৰৰ প্ৰত্যক্ষ উদ্দেশ্য স্পষ্ট। পাঠটিৰ সৰল বর্ণনা, সাধুকথাৰ দৰেহে। গতিকে ইয়াক চুটিগল্প নুবুলি অসমীয়া চুটিগল্পৰ আদিম স্তৰৰ গল্পধৰ্মী ৰচনা বুলিবহে পাৰি।

প্রশ্নঃ ৪৬। ‘মিলাৰামৰ আত্মজীৱনী ‘ক চুটিগল্প বুলিব পাৰিনে আলোচনা কৰা।উত্তৰ : ‘মিলাৰামৰ আত্মজীৱনী’ কাহিনীটো বেজবৰুৱাৰ ‘সাধুকথাৰ কুকি’ নামৰ গল্প সংকলনখনত অন্তর্ভুক্ত হৈছে। সেই হিচাপে ই গল্প। কিন্তু বেজবৰুৱাই গল্প আৰু সাধুৰ মাজত পাৰ্থক্য ৰখা নাছিল। সাধুকথাবোৰ আমাৰ লোকজীৱনৰ সৃষ্টি, চুটিগল্প, পাশ্চাত্য সাহিত্যৰ সৃষ্টি। সাধুকথাবোৰত অলৌকিক, অবাস্তৱ কথা থাকিব পাৰে, কিন্তু চুটিগল্প বাস্তব ঘটনাৰ ওপৰত ৰচিত। গল্পত অতিলৌকিক কথাৰ স্থান নাই। চুটিগল্পত সমাজ সংস্কাৰৰ পোনপটীয়া উদ্দেশ্য নাথাকে, বৰং প্রাত্যহিক জীৱনৰ সৰু-সুৰা ঘটনা- পৰিস্থিতিক সূক্ষ্ম মানৱীয় আৱেগবোধৰ আধাৰত উজলাই তোলা হয়। চুটিগল্পৰ প্ৰকাশভংগীও সাধুকথাৰ দৰে সৰল বৰ্ণনাময় নহয়, বৰং ইংগিতধৰ্মী আৰু ব্যঞ্জনাময়হে। আধুনিক কালৰ ৰচনা হিচাপে চুটিগল্পৰ মাজত দেখা পোৱা আটাইবোৰ বৈশিষ্ট্য ‘মিলাৰামৰ আত্মজীৱনীত দেখা নাযায়। কিন্তু পাঠটোক সাধুকথাও বুলিব নোৱাৰি। ব্যংগ-বিদ্রূপপূর্ণ কথাক প্ৰকাশ কৰিবলৈ যাওঁতে প্ৰকাশভংগীৰ চাৰুতা আৰু সজীৱ আৰু ৰসাল বর্ণনাই পাঠটিক আধুনিক গল্প-সাহিত্যৰ ওচৰ চপাই আনিছে। আত্মজীৱনীখনত পূৰ্বপুৰুষৰ বিষয়ে বৰ্ণনা দিওঁতে মিলাৰামে যি নির্বোধ আন্তৰিকতা দেখুৱাইছে তাক বেজবৰুৱাই সুন্দৰ ৰূপত প্ৰকাশ কৰিছে। চৌর্যবৃত্তিৰে ৰজাঘৰৰ হাজোতত বন্দী হোৱা, চোৰ কৰিবলৈ গৈ চুৱা-চৰিয়াৰ পানীত স্নান কৰিবলগীয়া হোৱা, হাতে-ভৰিৰে লোৰ শিকলি পিন্ধিবলগীয়া হোৱা পূৰ্বপুৰুষৰ চৰিত্ৰ পাঠকে মিলাৰামৰ বৰ্ণনাতে বুজি পায়। তাৰ পিছত যেতিয়া মিলাৰামে সেইকেইজন পূৰ্বপুৰুষ মহান পুৰুষ, বুদ্ধিমান, সাহিয়াল, অধ্যাব্যৱসায়ী আদি কথাৰে গৌৰৱ কৰে, তেতিয়া এক নিৰ্মল হাস্যৰসৰ সৃষ্টি হয়। এনে প্ৰকাশ ৰীতিত বক্তাৰ ভাব আৰু আচল অৰ্থৰ বিৰোধে বৰ্ণনাশৈলীক সৰস কৰি তুলিছে।কাহিনীটোত সমাজৰ তথা ব্যক্তিৰ সংস্কাৰৰ উদ্দেশ্য স্পষ্ট ৰূপত দেখা যায়। আনহাতে চৰিত্ৰসমূহৰ একেধৰণৰ বিৱৰণত মানৱীয় অনুভৱৰ কোনো ৰেঙনি ফুটি উঠা নাই। এনে দৃষ্টিৰে ‘মিলাৰামৰ আত্মজীৱনী’ পাঠটোক হাস্য বিদ্রুপাত্মক কাহিনী বুলিব পাৰি। কিন্তু যি সময়ত বেজবৰুৱাই গল্প লিখিবলৈ হাত দিছিল, তেতিয়া অসমীয়া পাঠক সাধুকথাৰ সৰলতাৰ লগতহে পৰিচিত আছিল, আধুনিক গল্প-সাহিত্যৰ লগত পৰিচিত নাছিল। উদ্ভবকালীন অসমীয়া গল্প-সাহিত্যৰ নিদৰ্শন হিচাপে এই পাঠটোক গল্পধৰ্মী ৰচনা নিশ্চয় বুলিব পাৰি।
প্রশ্নঃ ৪৭। চমুটোকা লিখাঃ(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা (খ) ৰুদ্ৰসিংহ (গ) মোৱামৰীয়া

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঃ ৰাজকার্য চলোৱাতকৈ লাহ-বিলাসত জীৱন কটাই ভাল পোৱা ৰাজেশ্বৰসিংহৰ ৰাজসভাৰ এজন উচ্চখাপৰ বিষয়া আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা। গতিকে তেওঁ শাসনৰ সমস্ত দায়িত্ব কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ওপৰতে এৰি দিছিল। কীৰ্তিচন্দ্ৰৰ প্ৰতাপ বাঢ়ি অহাৰ লগে লগে ডাঙৰীয়াসকলে তেওঁক দেখিব নোৱৰা হৈ আহিছিল। তদুপৰি তেওঁ আছিল সাধাৰণ কাঁড়ী খেলৰ মানুহ। নুমলী বৰগোহাঁয়ে ‘চকৰিফেটী’ নামৰ এখন বুৰঞ্জী লিখি বৰবৰুৱাক জলমতৈয়াম কৰা মানুহ বুলি বৰ্ণনা কৰি বিদ্রূপ কৰিলে। এই কথাত কীৰ্তিচন্দ্ৰ অপমানিত হ’ল আৰু ক্ষমতাত বলিয়া হৈ যত যিমান বুৰঞ্জী পালে সকলোবোৰ বুৰঞ্জী পুৰি পেলালে। এয়ে কুখ্যাত ‘বুৰঞ্জী দাহ’ কাহিনী। ৰাজেশ্বৰ সিংহৰ পিছত কীৰ্তিচন্দ্ৰৰ চেষ্টাতে ৰুদ্ৰসিংহৰ সৰু পুত্র লক্ষ্মীসিংহ আহোমৰ ৰজা হয়।লক্ষ্মীসিংহ বুঢ়া বয়সত ৰজা হোৱাৰ বাবে তেৱোঁ কীৰ্তিচন্দ্ৰকে ৰাজ্য শাসনৰ ভাৰ দিলে। ৰাজ্য শাসনৰ ভাব পোৱাৰ পাছতে কীৰ্তিচন্দ্ৰ অহংকাৰী হৈ উঠিল আৰু মোৱামৰীয়া মহত্তক অপমান কৰিলে আৰু মোৱামৰীয়াসকলে বিদ্রোহ কৰিলে আৰু সেই বিদ্ৰোহীৰ হাততে কীৰ্তিচন্দ্ৰৰ প্ৰাণ গ’ল।

(খ) ৰুদ্ৰসিংহ : আহোমৰ ৰাজত্বকালৰ শ্ৰেষ্ঠ ৰজাজনৰ নামেই হ’ল ৰুদ্ৰসিংহ। তেওঁ গদাধৰ সিংহৰ জ্যেষ্ঠ পুত্র আছিল। তেওঁ ১৬৯৬ খ্ৰীঃত আহোমৰ ৰাজপাটত উঠে। ৰুদ্ৰসিংহই উত্তৰ-পূব ভাৰতৰ আটাইবোৰ ক্ষুদ্ৰ ৰাজ্য লগ লাগি বর্হিশত্রু মোগলৰ বিৰুদ্ধে থিয় দিয়াৰ আঁচনি কৰিছিল।ৰুদ্ৰসিংহ আছিল সমাজ হিতৈষী ৰজা। তেওঁৰ দিনতে অসমৰ সত্ৰ-প্ৰতিষ্ঠানবোৰৰ প্ৰভূত উন্নতি হয়। তেওঁ সত্ৰবোৰলৈ ভূমি-সম্পত্তি দান দি নতুন নতুন সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এওঁৰ পৃষ্ঠপোষকতাতে বংগদেশৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্যই অসমত নতুনকৈ শাক্তধৰ্ম প্ৰচাৰ কৰিছিলহি। ৰুদ্ৰসিংহ এজন মহান যোদ্ধা আছিল। সাহিত্য-সংগীতৰ প্ৰতিও তেখেতৰ ৰাপ আছিল। এইজনা স্বৰ্গদেৱে মাতৃ জয়মতীৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ জেৰেঙা পথাৰত জয়সাগৰ নামে এটি পুখুৰী খন্দায় আৰু সেই পুখুৰীৰ পাৰতে জয়দলৈ নিৰ্মাণ কৰায়। তেৱেঁই কোচবিহাৰৰ পৰা ঘনশ্যাম খনিকৰক আনি মেটেকাত ৰংপুৰ নামে নগৰ নিৰ্মাণ কৰাইছিল। তেওঁ কাকতী, কটকী, বৈৰাগী, খাওঁন্দ আৰু দলৈ— এই পাঁচোটা নতুন খেলৰ ব্যৱস্থা কৰিছিল।১৭১৪ খ্রীষ্টাব্দত এইজনা মহান ৰজাৰ মৃত্যু হয়।

(গ) মোৱামৰীয়াঃ মহাপুৰুষ শংকৰদেৱৰ অন্যতম শিষ্য গোপাল আতাৰ পৰা ধৰ্ম প্ৰচাৰৰ আজ্ঞা পোৱা অনিৰুদ্ধদেৱৰ ধৰ্মপন্থাক মোৱামৰীয়া বোলা হয়। অনিৰুদ্ধদেৱে উজনি অসমত বালিকুঁচি, কাটনীপাৰ, পুৰণিমাটি আদি সত্ৰ প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী সময়ত এই ধাৰাৰে টিপুক মৰাণ সত্ৰ প্ৰতিষ্ঠা হয়। অনিৰুদ্ধ যথেষ্ট উদাৰ আৰু গণতান্ত্রিক মনোভাৱৰ ধৰ্ম প্ৰচাৰক আছিল। সেয়ে উজনি অসমৰ মৰাণ, কছাৰী, আহোম, চুতীয়া আদি জনগোষ্ঠীৰ লোকৰ মাজত ধৰ্ম প্ৰচাৰ কৰিবলৈ তেওঁ সমৰ্থ হৈছিল। মোৱামৰীয়া সত্ৰৰ শিষ্যসকল মোৱামৰীয়া সম্প্ৰদায়ৰূপে পৰিগণিত হৈ পৰিছিল। এওঁলোকক মটক বুলিও কোৱা হয়। লক্ষ্মীসিংহৰ দিনৰ পৰা গৌৰীনাথ সিংহৰ দিনলৈ এই মোৱামৰীয়াসকলেই আহোম ৰাজতন্ত্ৰৰ শোষণ, অৱদমন আৰু আহোম বিষয়াসকলৰ ক্ষমতাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়ে। এয়ে বিখ্যাত মোৱামৰীয়া বিদ্রোহ। মোৱামৰীয়া বিদ্ৰোহৰ ফলতে আহোম ৰাজত্বৰ শক্তি লোপ পাইছিল। মোৱামৰীয়াসকলে সত্ৰৰ গোসাঁই (গুৰু)ৰ ওপৰত প্ৰবল আস্থা ৰাখিছিল আৰু তেওঁক শ্রদ্ধা-ভক্তি কৰিছিল। ক্ষমতাবলিয়া কীৰ্তিচন্দ্ৰই আগ-পাছ নুগুনি বিনা দোষত মোৱামৰীয়া মহন্তক দুৰ্ঘোৰ অপমান কৰিছিল। ইয়াতে ক্ষুণ্ণ হৈ মোৱামৰীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে আৰু ইয়াকেই ঐতিহাসিক মোৱামৰীয়া বিদ্রোহ বোলা হয়।

প্রশ্নঃ ৪৮। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাবোৰৰ নাম লিখা।

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহ হ’ল-কবিতাপুথি— কদমকলি, কবিতা হয় যদি হওক, নহয় যদি নহওক’ ধাৰণাৰে ৰচিত লক্ষ্মীনাথৰ কবিতাসমূহ একমাত্র সংকলন।

গল্পপুথি— সুৰভি, জোনবিৰি, কেহোকলি আৰু সাধুকথাৰ কুকি।

সাধুকথাৰ কুকি— বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা।

বুৰঞ্জীমূলক নাট— জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।প্রহসন — লিটিকাই, নোমল, পাচনি চিকৰপতি-নিকৰপতি ।

উপন্যাস— পদুমকুঁৱৰী।

কৃপাবৰী ৰচনা— কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।জীৱনী— ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আদি।আত্মজীৱনী— মোৰ জীৱন সোঁৱৰণ।

তত্ত্বমূলক গ্রন্থ— তত্ত্বকথা, শ্রীকৃষ্ণ কথা আদি।

Leave a Comment