শিশু শ্ৰমিক ভাৰতৰ এটি প্ৰধান সমস্যা

শিশু শ্ৰমিক আৰু শিক্ষা 

যি সময়ত শিশুসকলে হাঁহি-মাতি ৰং-ধেমালি কৰি পৰিয়াল তথা সমাজৰ লোকসকলৰ আদৰ যত্নৰ মাজত থাকি স্বাস্থ্য গঢ়াৰ অনুশীলন কৰিব লাগে, তেনে সময়তে ভাৰতবৰ্ষৰ একাংশ শিশুৱে সোণালী শৈশৱ বিপন্ন কৰি নিজৰ জীৱনলৈ আউসীৰ অন্ধকাৰ নমাই আনিব লগা হয়। বৰ্তমান সময়তো অৰ্থাৎ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সাফল্যৰ চৰম অৱস্থাতো ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ কমি যোৱা নাই। বৰং উদ্যোগ বৃদ্ধি হোৱাৰ লগে লগে এনে শ্ৰমিকৰ সংখ্যাও বৃদ্ধিহে হৈছে। গতিকে ভাৰতবৰ্ষৰ নিচিনা দেশৰ

ভৱিষ্যত নাগৰিকসকলৰ কেনে হ’ব সেই সম্পৰ্কে শিশু শ্ৰমিকৰ সংখ্যালৈ মন কৰিলেই অনুমান কৰিব পাৰি। এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এই শ্ৰমিকসকলে নিজকে এৰি দি দিনে দিনে যেন মৃত্যুৰ বিদাৰক ঘটনা। কিয়নো ভাৰতবৰ্ষৰ নিচিনা দেশৰ বাবে এয়া এক অতি হৃদয়বিদাৰক ঘটনা। কিয়নো ভাৰতবৰ্ষৰ এচাম লোকে এতি বলাসী জীৱন-যাপন কৰাৰ বিপৰীতে এচাম শিশুৱে নিজৰ শৈশৱ জলাঞ্জলি দি সেৱা আগবঢ়াই আছে। দেশ একনৰ ভৱিষ্যত উন্নতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিষয়টিয়েই হৈছে শিশুসকলৰ স্বাস্থ্য তথা সুৰক্ষাত গুৰুত্ব দিয়াটো উচিত। অথচ এনে সময়তে ভাৰতবৰ্ষৰ এনে এবিধ গুৰুত্ব সম্পদ অপচয় হৈছে আৰু তেওলোকৰ জীৱন বিপৰ্যস্ত হৈছে। ‘ভাৰতবৰ্ষত এটা সময় শিশু শ্ৰমিক নোহোৱা হ’ব’— এয়া যেন ভাৰতৰ বাবে এক একধৰণৰ সপোনহে।

শিশু শ্ৰমিকৰ উদ্ভৱ হোৱাৰ কাৰণ

(১) ভাৰতবৰ্ষ এখন উন্নয়নশীল ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰখনত অধিকাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। বাসস্থানৰ অভাৱ, খাদ্যৰ অভাৱ, এডুখৰি বস্ত্ৰৰ অভাৱে ভাৰতৰ অধিকাংশ লোককে জুৰুলা কৰি আহিছে। গতিকে প্ৰধানকৈ দাৰিদ্ৰৰ ফলতে ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ সৃষ্টি হৈছে। তিনি চাৰিটাকৈ সন্তান জন্ম দিয়া দৰিদ্ৰ পৰিয়ালবোৰে নিজৰ সন্তানবোৰক বোজা হিচাপেহে গণ্য কৰে, তেওঁলোকক থকা খোৱাৰ উপযুক্ত সুবিধা প্ৰধান কৰিব নোৱাৰে, ফলস্বৰূপে ‘ওঁঠ চেপিলেই গাখীৰ ওলোৱা’ অৱস্থাৰ পৰাই শিশুসকলে নিজৰ দায়িত্ব নিজে বহন কৰিব লগা হয়।  পেটৰ পোৰণিত এই শিশুসকলে নিজৰ বয়স তথা স্বাস্থ্যৰ কথা ভাবিবলৈ আহৰি নাপায়। গতিকে জীয়াই থকাৰ হেঁপাহতে কণমানি শিশুবোৰে যিকোনো কাম কৰিবলৈ আগবাঢ়ি আহে।

(২) জনসংখ্যা বৃদ্ধি শিশু শ্ৰমিক সৃষ্টি হোৱাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ। ভাৰতবৰ্ষত এতিয়াও বহুতো লোক পৰিয়াল পৰিকল্পনা আঁচনিৰ বিষয়ে অৱগত নহয়। শিক্ষাৰ অভাৱত এনে লোকসকলে পৰিয়াল পৰিকল্পনাৰ সুবিধা উপলব্ধি কৰিব নোৱাৰে। গতিকে এনে লোকৰ মাজত জনসংখ্যা বৃদ্ধি হৈ থাকে। সীমিত উপাৰ্জনৰ এনে লোকসকলৰ সন্তানসকলে শিশুশ্ৰমিক হিচাপে আত্মনিয়োগ কৰিবলগা হয়।

(৩) জন চেতনতাৰ অভাৱ শিশু শ্ৰমিক সৃষ্টি হোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ। ভাৰতৰ শিক্ষিত লোকসকলো শিশু শ্ৰমিকৰ সমস্যাটোলৈ সচেতন নহয়। বৰং বেছিভাগ শিক্ষিত লোকেই নিজৰ বিভিন্ন কামৰ বাবে শিশুসকলক নিয়োগ কৰে। তদুপৰি শিশু শ্ৰমিক নিবাৰণ কৰাৰ সপক্ষে ভাৰতত কোনোধৰণৰ জন জাগৰণ সৃষ্টি হোৱা দেখা নাযায়।

(৪) শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহীৰ কৰা লোক বা উদ্যোগৰ বিৰুদ্ধে ভাৰতত কঠোৰ আইনী ব্যৱস্থা নাই। গতিকে য’ত শিশুসকলৰ দ্বাৰাই কাম চলি যায়, তেনে ক্ষেত্ৰত ভাৰতত শিশুকে শ্ৰমিক হিচাবে ব্যৱহাৰ কৰে। গতিকে কঠোৰ আইনী ব্যৱস্থাৰ অভাৱ ভাৰতত শিশু শ্ৰমিক সৃষ্টি হোৱাৰ এটি গুৰুত্বপূৰ্ণ কাৰণ।

(৫) বৰ্তমান ভাৰতবৰ্ষত শিশুসকলক ১৪ বছৰ বয়সলৈ কিতাপ-পত্ৰ তথা দুপৰীয়াৰ আহাৰ বিনামূলীয়াকৈ দিয়াৰ আঁচনি গ্ৰহণ কৰিছে যদিও এচাম মধ্যভোগীৰ বাবে দেশখনৰ সকলো ঠাইতে এনে আঁচনি সম্পূৰ্ণৰূপে ফলপ্ৰসু হৈ উঠা নাই। গতিকে বিনামূলীয়াকৈ পঢ়া-শুনাৰ সুবিধা নাপাই এচাম শিশুৱে শাৰীৰিক শ্ৰম দানকে জীৱিকাৰ মূল হিচাপে গ্ৰহণ কৰিছে।

প্ৰধানকৈ এনেবোৰ কাৰণতে ভাৰতবৰ্ষত শিশু শ্ৰমিক সৃষ্টি হৈছে।

শিশু শ্ৰমিক নিয়োজনৰ স্থান

শিশু শ্ৰমিকসকলক বিভিন্ন স্থানত নিয়োগ কৰা হয়। যেনে— হোটেল-ৰেষ্টুৰেণ্ট, কয়লা বোটলা, প্লাষ্টিক বোটলা, ঘৰ নিৰ্মাণ কাৰ্যত, বস্ত্ৰ উদ্যোগ, কাৰ্পেট উদ্যোগ, ইলেকট্টনিক উদ্যোগ, দিয়াশলাই আৰু আতচবাজী উদ্যোগ, বিভিন্ন ৰাগিয়াল দ্ৰব্য পেকিং কৰা কাৰ্য ইত্যাদি ক্ষেত্ৰত এনে শিশুসকলক ব্যৱহাৰ কৰা হয়। অতি কম বেতনতে শিশুসকলে এনেদৰে কাম কৰিবলগীয়া হয়। তদুপৰি কিছুমান শিশুক ঘৰৰ লগুৱা হিচাপেও ব্যৱহাৰ কৰা হয়। এনে শিশুসকলৰ শাৰীৰিক বা মানসিক দিশৰ উন্নতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহয়। অতি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এনে শিশুসকলে জীৱন নিৰ্বাহ কৰিবলগা হয়। আকৌ কামৰ ক্ষেত্ৰ অলপ হেৰ-ফেৰ হ’লেই সিহঁতে শাৰীৰিক অত্যাচাৰৰ বলি হ’বলগা হয়।

শিশু শ্ৰমিক সমস্যাৰ সমাধানৰ উপায়

শিশুসকলেই দেশৰ ভৱিষ্যত নাগৰিক। গতিকে শিশুসকলৰ জীৱন গঢ় দিয়া কথাটিৰ লগত দেশৰ সৰ্বাংগীন উন্নতিৰ কথা জড়িত হৈ থাকে। এনে এবিধ মূল্যৱান সম্পদক অথলত পেলাই মৰহি যাবলৈ দিয়াটো অতি দুৰ্ভাগ্যজনক। শিশু শ্ৰমিক দেশৰ পৰা নোহোৱা কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। যেনে—

(১) জনসংখ্যা বৃদ্ধি-হ্ৰাস কৰাটো।

(২) শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা লোক বা উদ্যোগৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ লাগিব।

(৩) অভিভাৱকসকলে সচেতন নহ’লে কোনো চৰকাৰী ব্যৱস্থাই শিশু শ্ৰমিক নোহোৱা কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত অভিভাৱকসকলৰ এক গুৰু দায়িত্ব আছে। অভিভাৱকসকলে ল’ৰা-ছোৱালীক সৰুতে দুপইচা উপাৰ্জন কৰিব দিয়াতকৈ পঢ়া-শুনাৰ বাটহে মোকোলাই দিব লাগে।

(৪) শিশু শ্ৰমিক নোহোৱা কৰাৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণে সচেতন হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গণ সচেতনতাইহে যিকোনো সমস্যা সমাধানত প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰে।

(৫) বৰ্তমান চৰকাৰে শিশুসকলৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও, সেইবোৰ সকলোতে ফলপ্ৰসু হৈছে নে নাই সেই কথটোত গুৰুত্ব দিয়াটোহে প্ৰয়োজনীয় কথা।

এনেদৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলে শিশু শ্ৰমিকৰ সমস্যা সম্পূৰ্ণভাৱে নহ’লেও কিছু পৰিমাণে অন্তঃত লাঘৱ হ’ব। গতিকে চৰকাৰ, জনসাধাৰণ তথা অভিভাৱকসকলে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।

Leave a Comment