ৰবীন্দ্ৰনাথ ঠাকুৰ চমু জীৱনী | Rabindranath Tagore in Assamese

ৰবীন্দ্ৰনাথ ঠাকুৰ (৭ মে’, ১৮৬১ – ৭ আগষ্ট, ১৯৪১) এজন বঙালী সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেবীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ। তেখেত ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰে। তেখেতৰ গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি হিচাপে ন’বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বঙালী ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বঙালীভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ। তেওঁ বিশ্বৰ একমাত্ৰ কবি যি দুখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে। বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা আৰু ভাৰতৰ জাতীয় সংগীত জন গণ মন দুয়োটাৰে ৰচয়িতাই ৰবীন্দ্ৰনাথ। বঙালী ভাষা-সাহিত্য, শিল্প কলা আৰু শিল্প চেতনা ৰবীন্দ্ৰনাথৰ হাতত নতুনকৈ নিৰ্মিত হৈছে বুলি কোৱা যায়।

ৰবীন্দ্ৰনাথে তেওঁৰ জীৱনৰ প্ৰথম কবিতা মাত্ৰ আঠ বছৰ বয়সতে লিখি পৰিচয় হৈছিল। ১৮৭৭ চনত মাত্ৰ ১৬ বছৰ বয়সতে তেওঁ প্ৰথম চুটিগল্প আৰু নাটক লিখে। ইয়াৰ আগেয়েই তেওঁ ভানুসিংহ ছদ্মনামেৰে কিছু কাব্য সৃষ্টি কৰিছিল। পাৰিবাৰিক শিক্ষা, শিলাইদহৰ জীৱন আৰু প্ৰচুৰ ভ্ৰমণ অভিজ্ঞতাই তেওঁক প্ৰথাবিৰুদ্ধ আৰু প্ৰয়োগবাদী হিচাপে গঢ়ি উঠাত সহায় কৰিছিল। তেওঁ ব্ৰিটিছ শাসনৰ প্ৰবল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল। তেওঁৰ সমগ্ৰ পৰিয়ালৰ বিলুপ্তি আৰু বঙ্গ-ভঙ্গৰ নিদৰ্শন তেওঁৰ সন্মুখতেই ঘটিছিল। এইফালৰ পৰা তেওঁৰ জীৱনটো দুখৰ বুলি ক’ব পাৰি। কিন্তু তেওঁৰ কবিতা, অন্যান্য সাহিত্য আৰু বিশ্বভাৰতীৰ প্ৰতিষ্ঠাই তেওঁৰ জীৱনক যি মহিমা প্ৰদান কৰিছে সেয়া আজীৱন স্মৰণীয় হৈ থাকিব।

FQA

১. ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নবেল বঁটা লাভ কৰিছিল?


১৯১৩ চনৰ সাহিত্যৰ নবেল বঁটা ৰবীন্দ্ৰনাথ ঠাকুৰক “তেওঁৰ গভীৰ সংবেদনশীল, সতেজ আৰু সুন্দৰ শ্লোকৰ বাবে প্ৰদান কৰা হৈছিল, যাৰ দ্বাৰা তেওঁ সম্পূৰ্ণ দক্ষতাৰে তেওঁৰ কাব্যিক চিন্তা ধাৰণা কৰিছিল, যি টো পাশ্চাত্যৰ সাহিত্যৰ এটা অংশ আছিল।”


২.ৰবীন্দ্ৰনাথ ঠাকুৰৰ আটাইতকৈ বিখ্যাত কবিতাটো কি?

আন্তৰ্জাতিক ভাৱে গীতাঞ্জলি (বঙালী: গীতাঞ্জলি) হৈছে ঠাকুৰৰ সৰ্বাধিক পৰিচিত কবিতা সংকলন, যাৰ বাবে তেওঁক ১৯১৩ চনত নবেল বঁটা প্ৰদান কৰা হৈছিল।

৩. ৰবীন্দ্ৰনাথ ঠাকুৰ ইমান বিখ্যাত কিয়?

ৰবীন্দ্ৰনাথ ঠাকুৰ এজন কবি হিচাপে সৰ্বাধিক পৰিচিত, আৰু ১৯১৩ চনত সাহিত্যৰ নবেল বঁটা লাভ কৰা প্ৰথম অ-ইউৰোপীয় লেখক আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *