ৰামকৃষ্ণ মিছন (Ramakrishna Mission)

    ১৮৯৬ চনত স্বামী বিবেকানন্দই তেওঁৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ মূৰ্তিত ৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰিছিল। ৰামকৃষ্ণ মিছন শিক্ষা পশ্চিমীয়া আৰু আধুনিকতাৰ মাজত প্ৰাচীন আৰু পৰম্পৰাগত ধাৰণাৰ ভেটিত প্ৰতিষ্ঠিত আছিল। ৰামকৃষ্ণ পৰমহংস (১৮৩৬-৮৬) কলিকতাৰ ওচৰৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰৰ এজন দুখীয়া পুৰোহিত আছিল৷ তেওঁৰ কোনো শিক্ষা-দীক্ষা নাছিল, কিন্তু তেওঁ অসাধাৰণ অলৌকিক শক্তি, মধুৰ আৰু দয়াৰ গৰাকী আছিল আৰু মানৱতাবাদ তেওঁৰ ব্যক্তিত্বৰ ভূষণ আছিল৷ ৰামকৃষ্ণ মিছনৰ এটা প্ৰধান উদ্দেশ্য আছিল সমগ্ৰ বিশ্বত ভাৰতীয় সংস্কৃতি প্ৰচাৰ কৰা। আৰ্য্য সমাজৰ দৰে ৰামকৃষ্ণ মিছনৰ অনুগামীসকলে মানুহৰ মাজত এটা আধ্যাত্মিক ধাৰণা বৃদ্ধিত মূর্তি পূজাৰ গুৰুত্ব আৰু উপযোগিতাত বিশ্বাস কৰিছিল৷ তেওঁলোকে মূর্তি পূজাৰ ক্ৰিয়া কলাপতকৈ ইয়াৰ প্ৰকৃত ভাব বা অৰ্থৰ (Spirit) ওপৰতহে গুৰুত্ব দিছিল৷ পূজাৰ প্রধান উদ্দেশ্য আছিল ঈশ্বৰৰ সৈতে একাত্ম হোৱাৰ বাবে ঈশ্বৰৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা। স্বামী বিবেকানন্দই ধৰ্মক সামাজিক উদ্দেশ্যত জড়িত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ ঘোষণা কৰিছিল যে যি ধৰ্মই বিধবাৰ চকুপানী মচিব নোৱাৰে বা ঘাট মাউৰাৰ মুখত এখন ৰুটি দিব নোৱাৰে, তেনে ধৰ্মক তেওঁ বিশ্বাস নকৰে৷ তেওঁ দৃঢ়তাৰে কৈছিলযিয়ে দুখীয়াৰ দুখত দুখী হব পাৰে তেওঁক মই মহাত্মা বুলি ক, নহলে তেওঁক মই দুৰাত্মা বুলি কম।


    স্বামী বিবেকানন্দ নেতৃত্বাধীন ৰামকৃষ্ণ মিছনৰ মহান বৰঙণি আছিল পশ্চিমীয়া বিশ্বত বেদান্ত দর্শন জনপ্ৰিয় কৰা। বিবেকানন্দই ১৮৯৩ চনত চিকাগোত, ১৯০০ চনত পেৰিচত অনুষ্ঠিত বিশ্ব ধর্মীয় মহাসভাত অংশগ্রহণ কৰিছিল। এই মহাসভাৰ জৰিয়তে তেওঁ শান্তি, বিশ্ব ভাতৃত্ব আৰু ধৰ্মীয় সহিষ্ণুতাৰ বাণী প্ৰচাৰ কৰিছিল৷ তেওঁ বহুবাৰ আমেৰিকা, ইংলেণ্ড আৰু আন আন পশ্চিমীয়া ৰাজ্য ভ্ৰমণ কৰিছিল আৰু এলানি বক্তৃতা প্ৰদান কৰিছিল। তেওঁ এই বক্তৃতাৰ যোগেদি হিন্দু ধৰ্মৰ সজীৱ ব্যাখ্যা প্ৰদান কৰিছিল আৰু পশ্চিমীয়া বিশ্বৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰামকৃষ্ণ মিছনৰ অনুগামী সমগ্ৰ বিশ্বতে পোৱা যায়৷ তেওঁৰ অনুগামীসকলক দুটা বহল ভাগত ভাগ কৰা হৈছে। প্ৰথমটো ভাগত আছিল সন্যাসীসকল। তেওঁলোকে বিবাহ কৰোৱা নাছিল আৰু তেওঁলোকে জীৱনটো ঈশ্বৰ আৰু মানৱৰ সেৱাত উচৰ্গা কৰিছিল। দ্বিতীয় ভাগটো আছিল সাধাৰণ মানুহৰ দৰে, কিন্তু তেওঁলোকে ৰামকৃষ্ণৰ শিক্ষা অনুসৰি জীৱন নিয়ন্ত্ৰণ কৰিব লাগে ৷ ৰামকৃষ্ণ মিছনে সমাজসেৱা আৰু সংস্কাৰৰ ক্ষেত্ৰত মূল্যবান সেৱা আগবঢ়াইছিল। ই বহুতো দাতব্য অনুষ্ঠান পৰিচালিত কৰিছিল, যেনে ঔষধালয়, হাস্পতাল, অনাথ আশ্রম আদি। ৰাষ্ট্ৰীয় দুর্যোগ যেনে ভূমিকম্প, দুর্ভিক্ষ, বানপানী, মহামাৰী আদিৰ সময়ত ই সেৱা আগবঢ়াইছিল। ই বহুতো শিক্ষানুষ্ঠানো পৰিচালনা কৰিছিল। সংক্ষেপে কবলৈ গলে মিছনে অতীত হিন্দু সংস্কৃতিৰ প্ৰাচীন ঐতিহ্য আৰু জাতীয় চেতনা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷


Leave a Comment

Your email address will not be published. Required fields are marked *