পানী জীৱনৰ আধাৰ। পৃথিৱীৰ প্ৰায় ৭০% পানীৰে ভৰা হলেও, ব্যৱহাৰযোগ্য বিশুদ্ধ পানীৰ পৰিমাণ অতি সীমিত। সেয়েহে পানী সংৰক্ষণ অতি প্ৰয়োজনীয়।
আজিকালি মানুহে অযথা পানী নষ্ট কৰিছে। ফলস্বৰূপে বহু ঠাইত খোৱা পানীৰ অভাৱ দেখা গৈছে। কৃষি, উদ্যোগ আৰু দৈনন্দিন জীৱন সকলোতে পানীৰ প্ৰয়োজন। বৰষুণৰ পানী সংৰক্ষণ, গছ ৰোপণ, পানীৰ অপব্যয় বন্ধ কৰা — এইবোৰে পানী সংকট কমাব পাৰে।
পানী সংৰক্ষণৰ গুৰুত্ব
পানী জীৱনৰ মূল আধাৰ। পানী নাথাকিলে মানুহ, পশু-পক্ষী, উদ্ভিদ — কোনোয়ে জীয়াই থাকিব নোৱাৰে। আজিকালি জনসংখ্যা বৃদ্ধি, বন উজাৰ, দূষণ আৰু জলবায়ু পৰিৱর্তনৰ বাবে বিশুদ্ধ পানীৰ অভাৱ দিনে দিনে বাঢ়ি গৈ আছে। সেয়েহে পানী সংৰক্ষণৰ গুৰুত্ব আজিৰ যুগত অতি বেছি।
পানী সংৰক্ষণ মানে হৈছে পানীৰ অপব্যয় বন্ধ কৰি, উপলব্ধ পানীক সঠিকভাৱে ব্যৱহাৰ কৰা আৰু ভৱিষ্যতৰ বাবে জমা কৰি ৰখা।
পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি
ক) আমি দৈনন্দিন জীৱনত সৰু সৰু অভ্যাস সলনি কৰি বহু পানী সংৰক্ষণ কৰিব পাৰোঁ:
খ) দাঁত মাজোঁতে বা মুখ ধোঁতে নল বন্ধ ৰখা
গ) গা ধোঁৱাৰ সময়ত বাল্টি ব্যৱহাৰ কৰা
ঙ) পানী চুই যোৱা নল তৎক্ষণাৎ ঠিক কৰা
চ) গছত পানী দিবলৈ সন্ধ্যা বা ৰাতিপুৱা বাছনি কৰা
ছ) কাপোৰ ধোৱা পানী গছত ব্যৱহাৰ কৰা
এইবোৰ সৰু পদক্ষেপ যদিও একেলগে কৰিলে ডাঙৰ পৰিবৰ্তন আহিব।
বৰষুণৰ পানী সংৰক্ষণ
বৰষুণৰ পানী সংৰক্ষণ হৈছে আটাইতকৈ সহজ আৰু উপযোগী উপায়। ঘৰ, স্কুল বা অফিচৰ ছাদত পৰা বৰষুণৰ পানী পাইপৰ জৰিয়তে টেংকী বা গাঁতত জমা কৰিব পাৰি।
বৰষুণৰ পানী সংৰক্ষণৰ লাভ:
১. ভূগৰ্ভস্থ পানী বাঢ়ে
২. পানীৰ সংকট কমে
৩. কৃষিত সহায় হয়
৪. পানীৰ বিল হ্ৰাস পায়
আজিৰ যুগত প্ৰতিটো ঘৰত rainwater harvesting ব্যৱস্থা থকাটো অতি প্ৰয়োজনীয়।
পানী সংৰক্ষণৰ ব্যৱস্থা
পানী সংৰক্ষণৰ কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে:
১. বৰষুণৰ পানী জমা কৰা টেংকী
২. পুখুৰী, বিল, নৈ সংৰক্ষণ
৩. চেক ডেম আৰু recharge pit
৪. বন সংৰক্ষণ আৰু গছ ৰোপণ
৫. আধুনিক সেচ ব্যৱস্থা (drip irrigation)
৬. পানী দূষণ ৰোধ
চৰকাৰ, স্কুল, গাঁও পঞ্চায়ত আৰু সাধাৰণ মানুহে একেলগে কাম কৰিলে পানী সংকট বহুখিনি কমিব।
পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা
আজিৰ দিনত পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় বেছি?
ক) জনসংখ্যা বৃদ্ধি
খ) ভূগৰ্ভস্থ পানী কমি যোৱা
গ) খৰাং আৰু অনিয়মিত বৰষুণ
ঙ) দূষিত পানীৰ সংখ্যা বৃদ্ধি
চ) কৃষি আৰু উদ্যোগত অধিক পানীৰ প্ৰয়োজন
যদি আজি আমি সচেতন নহওঁ, ভৱিষ্যতে পানীৰ বাবে ডাঙৰ সংকট আহিব।
পানী সংৰক্ষণৰ শ্লোগান
“পানী বচাও, জীৱন বচাও।”
“আজিৰ সংৰক্ষণেই কালিৰ জীৱন।”
“এটোপ পানী, মূল্যৱান সম্পদ।”
“পানী নষ্ট নহয়, ভৱিষ্যৎ নষ্ট হয়।”
“Save Water, Save Future।”
পানী সংৰক্ষণৰ গুৰুত্ব বুজি পাই যদি আমি আজিৰ পৰা সচেতন হওঁ, তেন্তে পানী সংকট বহু অংশত ৰোধ কৰিব পাৰিম। পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি এই জ্ঞান ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ মানুহ সকলোৰে থাকিব লাগিব। পানী সংৰক্ষণ কেৱল চৰকাৰৰ কাম নহয়, ই আমাৰ সকলোৰে দায়িত্ব। আজি যদি আমি পানী সংৰক্ষণ কৰোঁ, তেন্তে ভৱিষ্যৎ প্ৰজন্ম সুৰক্ষিত হ’ব।
পানী সংৰক্ষণৰ কৰাৰ ছবি




