গীতৰ শিৰোনাম: আইচেং (Aicheng)
এলবাম: ব’হাগৰে জুই V2
কণ্ঠ: লক্ষ্যজিৎ বৰুৱা আৰু বৰষা ৰাণী চয়কীয়া
কথা আৰু সুৰ: লাচুমণি ৰাজকোঁৱৰ
লিপি:
ঐ চেং ঐ ঐ চেং ঐ
তোৰ মৰমে টানিলে
ঐ চেং ঐ তোৰ মৰমে
মোক পগলা কৰিলে
তাঁতৰে শালতে ঐ ভনী
ঐ দেউতাই বাৰু সঁচাই মৰম কৰেনে
কালে ফুল বাছিবা ঐ ভনী
মায়ে বাৰু সঁচাই চেনেহ কৰেনে
তাঁতৰে শালতে ঐ ভনী
ঐ দেউতাই বাৰু সঁচাই মৰম কৰেনে
কালে ফুল বাছিবা ঐ ভনী
মায়ে বাৰু সঁচাই চেনেহ কৰেনে
বিয়াৰ কথা ক’লে
তোমাৰ দেউতাই বাৰু এন্ধাৰত
অকলে কান্দেনে
বিয়াৰ কথা ক’লে তোমাৰ মায়ে বাৰু পাকঘৰত
চকুলো টোকে নে
তাঁতৰে শালতে ঐ ভনী
ঐ চেং ঐ ঐ চেং ঐ
তোৰ মৰমে টানিলে
ঐ চেং ঐ তোৰ মৰমে
মোক পগলা কৰিলে
আইচেং ঐ আইচেং ঐ
তোৰ মৰমে মাৰিলে
আইচেং ঐ তোৰ মৰমে মোক পগলা কৰিলে
অ’.. ভনী অঞ্জনা
তুমি মোৰ জীৱনৰ আধা লিখা ৰচনা
ঐ ৰাতি ৰাতি জানা লিখোঁ মই কবিতা
পূৰাবা নে মোৰ আধা লিখা ৰচনা
বিয়াৰ কথা ক’লে
তোমাৰ দেউতাই বাৰু এন্ধাৰত
অকলে কান্দেনে
বিয়াৰ কথা ক’লে তোমাৰ মায়ে বাৰু পাকঘৰত
চকুলো টোকে নে
এইজনী ছোৱালী হৰিণী নয়নী
তেজে ফুটো ফুটো গাল
তাই মৰম দিব নাজানে চেনেহ দিব নাজানে
পেলাই লৈ মৰমৰ জাল
কলিজা কৰি দুফাল
আইচেং ঐ আইচেং ঐ
তোৰ মৰমে মাৰিলে
আইচেং ঐ তোৰ মৰমে মোক পগলা কৰিলে
ঐ চেং ঐ ঐ চেং ঐ
তোৰ মৰমে টানিলে
ঐ চেং ঐ তোৰ মৰমে
মোক পগলা কৰিলে