মুক্ত বিদ্যালয়ৰ বিষয়ে চমু বর্ণনা


    মুক্ত বিদ্যালয় ব্যৱস্থাটো বৰ্তমান সমাজ ব্যৱস্থাৰ এটা অতি তাৎপর্যপূর্ণ ধাৰণা। সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ ল’ৰা-ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সমভাৱে অগ্ৰসৰ হ’ব নোৱাৰে। বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল যিবোৰ ল’ৰা-ছোৱালী সাধাৰণ শিক্ষাখিনি নোপোৱাকৈয়ে কর্মক্ষেত্ৰত সোমাই পৰে, সেইসকলৰে শিক্ষালাভৰ প্ৰতি আগ্ৰহী সকলক শিক্ষা দিয়াৰ সুবিধার্থে মুক্ত বিদ্যালয় গঢ় লৈ উঠিছে। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ১৯৮৩ চনত দিল্লীত। মুক্ত বিদ্যালয়ত নামভৰ্তি মুকলিভাৱে কৰিব পাৰি। ইয়াত কোনো বাধ্যবাধকতা নাই। শিক্ষার্থীসকলৰ বয়সৰ সীমাৰ লগতে শিক্ষাগত অৰ্হতাৰ কোনো প্রয়োজন নাই। এই বিদ্যালয়ৰ পাঠ্যক্ৰমবোৰো নমনীয় ধৰণৰ৷ শিকাৰসকলে নিজৰ ৰুচি অনুযায়ী শিক্ষণীয় বিষয়বোৰ নিৰ্বাচন কৰি ল’ব পাৰে। এই বিদ্যালয়ত বছৰত দুবাৰ পৰীক্ষা অনুষ্ঠিত হয়। মুক্ত বিদ্যালয়ত ৰেডিঅ’, দূৰদৰ্শন, ভিডিঅ’ কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ-দৰ্শন আহিলাৰ মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা হয়। ১৯৮৯ চনত মুক্ত বিদ্যালয় ব্যৱস্থাই স্বায়ত্ত শাসনৰ ক্ষমতা লাভ কৰে। ইয়াৰ আগতে এই বিদ্যালয় কেন্দ্রীয় বিদ্যালয় সংগঠনৰ লগত যুক্ত হৈ আছিল। মুক্ত বিদ্যালয়ৰ মাধ্যমেৰে আনুষ্ঠানিক শিক্ষাৰ ত্রুটীবোৰ নোহোৱা কৰি আগ্ৰহী ব্যক্তিসকলক পলমকৈ হ’লেও শিক্ষা লাভৰ সুযোগ দিয়া হয়।

মুক্ত শিক্ষা কি?

    আধুনিক শিক্ষাৰ ক্ষেত্ৰখনৰ এটা তাৎপৰ্যপূৰ্ণ ধাৰণা হ’ল মুক্ত শিক্ষা। সাধাৰণতে আনুষ্ঠানিক শিক্ষাৰ সীমাৱদ্ধতাৰ বাবেই মুক্ত শিক্ষাৰ উদ্ভাৱন হোৱা বুলি ক’ব পাৰি। মুক্ত শিক্ষা ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰিব পাৰে।

মুক্ত শিক্ষাৰ লক্ষ্যসমূহ—
১। দেশ এখনৰ সকলো পৰ্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযোগ পায় তাক কাৰ্যকৰী কৰা।
২। শিক্ষা আৰু ব্যক্তিৰ মাজত সমন্বয় সাধন কৰি শিক্ষাক জীৱনজোৰা প্ৰক্ৰিয়া হিচাপে পৰিগণিত কৰাৰ ব্যৱস্থা কৰা।
৩। অবিৰত প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱাসকলক শিক্ষাৰ সুবিধা দিয়া ৷
৪। অর্ধশিক্ষিত অৱস্থাতে কৰ্মত নিয়োগ হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূৰ্ণ কৰাৰ সুযোগ দিয়া।
৫। প্রাথমিক শিক্ষা ব্যৱস্থাক সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত কর্মকর্তাসকলক প্রয়োজনীয় দক্ষতাৰে শিক্ষা দিয়া।
৬। বয়স্ক শিক্ষাৰ প্ৰসাৰতা অনাৰ লগতে সংৰক্ষণ আৰু সফলতা অনাৰ দিহা কৰা।
৭। ৰাষ্ট্ৰৰ কল্যাণৰ অৰ্থে ব্যক্তিসকলক উৎপাদনমুখী হ’বলৈ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণৰ দিহা কৰা।
৮। শিক্ষাৰ সামগ্রিক মান উন্নত কৰাৰ বাবে প্রয়োজনীয় পদক্ষেপ হাতত লোৱা।
৯। জাতীয় জীৱনৰ উন্নতি আৰু সফলতা লাভৰ বাবে শিক্ষাৰ প্ৰয়োগ বাস্তৱমুখী কৰি তোলা।
১০। সমাজৰ চাহিদালৈ লক্ষ্য ৰাখি মাধ্যমিক আৰু উচ্চ শিক্ষাক অধিক ফলপ্রসু কৰি তোলাৰ ব্যৱস্থা কৰা৷
১১। দেশৰ সৰহসংখ্যক ব্যক্তিয়ে যাতে উচ্চ শিক্ষা ঘৰত থাকিয়ে লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰা৷
১২। সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিক ব্যক্তিগত দক্ষতা লাভৰ সুযোগ দিয়াৰ লগতে সামগ্রিক উন্নয়নত সহায় আগবঢ়ায়।

মুক্ত শিক্ষাৰ সুবিধা আৰু অসুবিধাসমূহ
    মুক্ত শিক্ষা ব্যৱস্থাৰ বহুতো সুবিধা দেখিবলৈ পোৱা যায়। সেইবোৰ চমুকৈ তলত উল্লেখ কৰা হ’ল—
(১) এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হয়। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তি, চাকৰি কৰি থকা ব্যক্তি, ৰক্ষণশীলতা বা ঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষাৰ সুবিধা নোপোৱা মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিক লাভৱান হয়।
(২) এই শিক্ষাৰ মাধ্যমেৰে একেবাৰে ভিতৰুৱা অঞ্চলত বাস কৰা লোক, পাহাৰীয়া অঞ্চলত বাস কৰা লোক, গ্রামাঞ্চলত বাস কৰা লোকৰ উপৰি নিয়মীয়া শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকল, আগতীয়াকৈ বাদ পৰাসকল আৰু বয়সীয়া লোকসকলে পঢ়াৰ সুবিধা পাব পাৰে।
(৩) এই শিক্ষা ব্যৱস্থাৰ খৰচ কম হোৱা বাবে ব্যক্তিসকল ইয়াৰ প্ৰতি আগ্ৰহী হৈ পৰা দেখা যায়। নিয়মীয়া শিক্ষাত যিমান খৰচ হয়, তাৰ তিনিভাগৰ এভাগ এই শিক্ষা ব্যৱস্থাত খৰচ হয়।
(৪) ইয়াত নামভৰ্তিৰ সময়ত নিৰ্দিষ্ট যোগ্যতাৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ নিয়মীয়া শিক্ষাৰ অৰ্হতা নাথাকিলেও উচ্চখাপৰ শিক্ষাত ব্যক্তিসকলে নামভৰ্তি কৰিব পাৰে।
(৫) এই শিক্ষা ব্যৱস্থাত যিকোনো পাঠ্যক্ৰমত সময়ৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা থকা দেখা যায়৷ এবছৰীয়া পাঠ্যক্রম শেষ কৰাৰ বাবে চাৰি বছৰলৈ সময় পায়।
(৬) পাঠ্যক্ৰমবোৰ অধিক অৰ্থপূৰ্ণ আৰু সংগঠিত। পাঠ্যক্ৰমবোৰ অধিক ব্যৱহাৰোপযোগী আৰু প্ৰয়োগশীল ধৰণৰ ৷
(৭) পাঠ্যক্ৰমবোৰ সংগঠিত কৰোঁতে আন্তঃবিষয়ক দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰা হয়।
(৮) এই শিক্ষা ব্যৱস্থাৰ অধিক সংখ্যক পাঠ্যক্রম চাকৰিৰ লগত জড়িত আৰু বৃত্তিমুখী ধৰণৰ।
(৯) এই শিক্ষা ব্যৱস্থাৰ মাধ্যমত পোৱা আত্মশিক্ষণ আহিলাবোৰে শিকাৰুসকলক শিক্ষকৰ টোকা আৰু বক্তৃতাৰ ওপৰত ভিত্তি নকৰি আত্মঅধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াত উদ্‌গনি যোগায়।
(১০) এই শিক্ষা ব্যৱস্থাৰ শিকাৰুসকললৈ পঠোৱা পাঠ্যক্ৰমৰ আহিলাৰ লগতে শিক্ষণ সামগ্ৰীবোৰ দক্ষ তথা অভিজ্ঞ অধ্যাপকৰ দ্বাৰা প্ৰস্তুত কৰা।
(১১) এই ব্যৱস্থাৰ মূল্যায়ন প্ৰক্ৰিয়াটো অবিৰত প্ৰকৃতিৰ। মূল্যায়ন কৰোঁতে শিকাৰুৰ নিজস্ব কৰ্মৰাজিৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।
(১২) এই ব্যৱস্থাত শিকাৰুসকলৰ বাবে ব্যক্তিগত সান্নিধ্যৰ কাৰ্যসূচীৰ ব্যৱস্থা থাকে আৰু প্ৰয়োজনসাপেক্ষে নিৰ্দেশনা দিয়াৰ ব্যৱস্থাও থাকে।


Leave a Comment