বিৰুৱালা ৰাভা | Birubala Rabha in Assamese

বিৰুবালা ৰাভা অসমৰ এগৰাকী সমাজকৰ্মী, সংগ্ৰামী নাৰী। তেওঁক সকলোৱে কুসংস্কাৰ আৰু মানৱ অধিকাৰৰ হকে আজীৱন সংগ্ৰাম কৰি অহা পদ্মশ্ৰী বিৰুবালা ৰাভা (Birubala Rabha)ক জনা যায়। যোৱা কেইটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ ওপৰত জনসাধাৰণৰ সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত প্ৰচলিত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰি আহিছে। তেওঁৰ এই কুসংস্কাৰ আৰু মানৱ অধিকাৰ কাৰণে কাম কৰি অহাৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে তেওঁৰ নাম প্ৰেৰণ কৰিছিল। বিৰুবালা ৰাভাক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

প্ৰাৰম্ভিক জীৱন গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। তেওঁৰ শিক্ষা মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। বিৰুবালা ৰাভাৰ বিবাহ হৈছিল এগৰাকী কৃষকৰ সৈতে৷

তেওঁ সৰুৰে পৰা বিভিন্ন সামাজিক কামত জড়িত থাকি ভাল পাইছিল। ২০০০ চনৰ পৰাই সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত জনসচেতনতা আনিবলৈ চেষ্টা কৰে, যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। বৰ্তমানলৈকে বিৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। তেওঁ সমাজকৰ্মী হিচাপে সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা (২০১১) – SI Foundation for Media & Social Welfare, Assam, ২০০৮ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মুম্বাইত সম্বৰ্ধনা, ২০১৯ বৰ্ষৰ “আনন্দৰাম ঢেকিয়াল ফুকন বঁটা” (প্ৰদান কৰিছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে), 12th Upendra Nath Brahma Soldier of Humanity Award, 2015 পদ্মশ্ৰী (সমাজসেৱা, ২০২১) আদি সন্মান আৰু বঁটা পায়। ২০২৪ চনৰ ১৩ মে’ তাৰিখে কৰ্কট ৰোগত গুৱাহাটীত ইহলিলা ত্যাগ কৰে।

Leave a Comment