বনভোজ(Picnic) বা বালিভাত হ’ল বহু মানুহ এক গোট হৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত গৈ আনন্দ উৎসৱ, খেলাধূলা আৰু একেলগে খোৱা লোৱা কৰা অনুষ্ঠান। পিকনিক শব্দৰ উৎপত্তি ফৰাচী ভাষাৰপৰা আহিছে picque-nique, কিন্তু পিনকনিকৰ শব্দটো বিভিন্নজনৰ মত বেলেগ, বিভিন্ন অভিধান বেলেগ আছে।
মানুহে বাহিৰত ভ্ৰমণ কৰি খাদ্য গ্ৰহণ কৰে, বিশেষভাৱে প্ৰাকৃতিক পৰিৱেশ দৃশ্য উপভোগ কৰা, যেনে- উদ্যান, হ্ৰদৰ পৰাত বা প্ৰকৃতিৰ আকৰ্ষণীয় দৃশ্য উপভোগ কৰা বা ৰাজহুৱা অনুষ্ঠান, গাওঁৰ মানুহে ১০ বা ১৫ জন মানুহে লগ লাগি নদীৰ কিনাৰত বা পথাৰত ভোজ খোৱা আদি। সাধাৰণতে গ্ৰীষ্ম বা বসন্তকালত(ডিচেম্বৰৰ শেষ সপ্তহৰ পৰা জানুৱাৰী শেষলৈ) বনভোজ মানুহে খায়। মানুহে বছৰৰ দুখঃ কষ্ট নেওচি, কামৰ মাজতে নিজৰ পৰিয়াল, আত্মীয় কুটুম্ব, বন্ধু-বান্ধৱী, সহপাঠী, সন্থা, গোট আদি লগ লাগি বনভোজ বা পিকনিক পাৰ্টিলৈ যায়।