সমগ্ৰ অসমবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে। অসমৰ প্ৰতিটো জাতি-জনগো্ষ্টীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উলহ-মালহেৰে উদযাপন কৰে হেঁপাহৰ ৰঙালী বা ব’হাগ বিহু তথা অসমীয়াৰ নৱব্ৰষ। এইখনতে আপুনিও আপোনজনক তথা বুন্ধু-বান্ধৱীক নিশ্চয় বিহুৰ শুভেচ্ছা জনায়। আপোনাৰ আপোনসকলক বিহুৰ শুভেচ্ছা জনাবলৈ সুবিধা হোৱাকে তলত কেবাটাও বাৰ্তা দাঙি ধৰিবলৈ চেষ্টা কৰিলো।
ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা
আপোনালোক সকলোলৈকে হেঁপাহৰ ৰঙালী বিহু তথা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাঁচিলো । এই বিহুটিয়ে আপোনালোকলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।
আপোনালৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা ও শুভকামনা যাচিলো।
আপোনালৈ অসমীয়া বাপোতিসাহোন ৰঙালী বিহুৰ বহুত বহুত শুভকামনা যাচিলো , ৰঙালীৰ দৰেই ৰঙীন কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ।
আপোনালৈ অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভকামনা যাচিলো , ৰঙালীৰ ৰঙে আপোনাৰ জীৱনলৈ ৰং কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ।
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ হওঁক সকলোৰে জীৱন।
সকলোকে অসমীয়া হেঁপাহৰ ৰঙালী বিহু নৱবৰ্ষৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ আপোনালৈ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ।
অসমীয়াৰ আয়ুসৰেখা ব’হাগ বহুৰ প্ৰীতি আৰু শুভকামনা জনালো।
‘অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি, তাতোকৈ চেনেহৰ বিহু, তাতোকৈ চেনেহৰ ব’হাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো’ সকলোকে চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।’ সকলো অসমবাসীকে গৰু বিহুৰ আন্তৰিক শুভকামনা জনালো।