গৰু বিহুৰ শুভেচ্ছা

ৰঙালী বা ব’হাগ বিহু উদযাপনৰ লগতে গৰু বিহুও তাৰ পূৰ্বদিনৰ পৰা পালন কৰা হয়। গৰু বিহু উপলক্ষে বন্ধু-বান্ধৱী তথা আপোনজনলৈ আপুনিও নিশ্চয় শুভেচ্ছা জনাব বিচাৰে। আপোনসকলক শুভেচ্ছা জনাবলৈ আপোনাৰ সুবিধাৰ্থে তলত কিছুমান শুভেচ্ছা বাৰ্তা উল্লেখ কৰা হৈছে।

গৰু বিহুৰ শুভেচ্ছা

গৰু বিহুৰ লগতে ৰঙালীৰ শুভকামনা। এই বিহু সমাজৰ প্ৰতিজন লোকৰ বাবেই হৈ পৰক আনন্দৰ উৎস।

সমগ্ৰ ৰাজ্যবাসীক গৰু বিহুৰ লগতে সাত বিহুৰ প্ৰীতি আৰু শুভকামনা।

‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু।’ সদৌ অসমবাসীকে গৰু বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছো

আজি উৰুকা, কাইলৈ গৰু বিহু। সকলো অসমবাসী ৰাইজক গৰু বিহুৰ প্ৰীতি আৰু শুভকামনা জনালো।

সমূহ অসমবাসী ৰাইজক গৰু বিহুৰ শুভেচ্ছা জনালো। এই বিহুৱে প্ৰতিটো পৰিয়ালৰ বাবে কঢিয়াই আনক সুখ আৰু শান্তিৰ বতৰা।

আজি গৰু বিহু। সকলো ৰাইজলৈ গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।

সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা থাকিল। এই বিহুত ৰঙীন হৈ পৰক সকলোৰে জীৱন। তাৰেই কামনা কৰিছো।

‘দীঘলতি দীঘল পাত মাখি মাৰো জাক-জাক।’ সদৌ অসমবাসীক গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।

সমূহ অসমবাসীক আজি গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। অসমীয়া কৃষকৰ খেতি নদন-বদন হওঁক, ভৰি পৰক সকলোৰে ভঁড়াল।

গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। শস্যৰে ভৰি পৰক সকলোৰে পথাৰ। সকলোৰে ঘৰবোৰ ধান-ধনৰে ভৰি পৰক।

গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি থাকক।
গৰু বিহুৰ শুভেচ্ছাৰে আপোনালোক সকলোকে জনালোঁ। গৰু আশীৰ্বাদে আপোনাৰ খেতি-বাতি আৰু জীৱন ভৰি তুলক।

Leave a Comment