বৰগীত
কবিঃ শ্ৰী শ্ৰীমাধৱদেৱ
অতি চমু প্ৰশ্নোত্তৰ(Class 10 assamese medium question answer chapter 1)
Class 10 assamese borgeet question answer mcq
১. “….. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”
—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে।
২. ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’
—সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে মহাপ্রভু শ্রীকৃষ্ণ ভগৱানক ধ্যান কৰে বুলি কৈছে।
৩. কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰঃ কবি সাংসাৰিক দুখ আৰু বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।
৪. বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ বৰগীতটি ভক্ত কবি শ্রীশ্রীমাধৱদেৱে ৰচনা কৰা।
৬. বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰঃ বৰগীতটি ‘বসন্ত ৰাগত’ বন্ধা আছে।
৭. কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ কবিয়ে শ্ৰীকৃষ্ণ ভগৱানক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।
৮. ‘মোহ-পাহ’ মানে কি?
উত্তৰঃ ‘মোহ-পাশ’ মানে মায়াৰ বন্ধন।
৯. শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কত আৰু কেতিয়া হৈছিল?
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ (1489) চনত জন্ম হয়।
১০. শ্ৰী শ্ৰী মাধৱদেৱ কোন ধৰ্মৰ প্ৰচাৰক আছিল?
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল।
১১. মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি?
উত্তৰঃ মাধৱদেৱৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা।
১২. মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল?
উত্তৰঃ মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল।
১৩. মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি কত কত ধৰ্ম প্ৰচাৰ কৰিছিল?
উত্তৰঃ মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি বাৰাদি, গণককুছি,সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল।
১৪. মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ মাধৱদেৱৰ সাহিত্য জীৱনৰ কিৰ্তস্তম্ভ হ’ল ‘নামঘোষা’।
১৫. ‘নামঘোষা’ৰ অন্য এটা নাম কি?
উত্তৰঃ ‘নামঘোষা’ৰ অন্য এটা নাম হ’ল ‘হেজাৰী ঘোষা’।
১৬. ‘নামঘোষা’ খনক কিয় ‘হেজাৰী ঘোষা’ বোলা হয়?
উত্তৰঃ ‘নামঘোষা’ খনত এহেজাৰটা ঘোষা থকা বাবে এই খনক ‘হেজাৰী ঘোষা বোলা হয়’।
১৭.’নামঘোষা’ খন কাৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ?
উত্তৰঃ ‘নামঘোষা’ খন মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ।
১৮. মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা?
উত্তৰঃ মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ’লー ‘ৰাজসূয় কাব্য’, ‘আদিকাণ্ড ৰামায়ণ’।
১৯. মাধৱদেৱৰ দুখন তত্ত্বমূলক ৰচনাৰ নাম লিখা?
উত্তৰঃ মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ’লー ‘জন্মৰহস্য’, ‘ভক্তি-ৰত্নাৱলী’।
১৮. মাধৱদেৱৰ এখন নাটৰ নাম লিখা?
উত্তৰঃ মাধৱদেৱৰ এখন নাট হ’লー ‘অৰ্জুন-ভঞ্জন বা দধিমথন’।
১৯. মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা?
উত্তৰঃ মাধৱদেৱৰ দুখন ঝুমুৰা হ’লー ‘চোৰধৰা’, ‘ভোজনবিহাৰ’।
২০. মাধৱদেৱে কাৰ টোলত বহি শিক্ষালাভ কৰিছিল?
উত্তৰঃ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত বহি শিক্ষালাভ কৰিছিল।
২১. মাধৱদেৱে ক’ত শংকৰদেৱৰ সৈতে লগ হৈছিল?
উত্তৰঃ মাধৱদেৱে ধুৱাহাট বেলগুৰিত শংকৰদেৱৰ সৈতে লগ হৈছিল।
২২. মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে?
উত্তৰঃ আদিকাণ্ড ৰামায়ণ।
২৩. মাধৱদেৱৰ বৰগীতত কি কি ভাবৰ প্ৰকাশ অধিক?
উত্তৰঃ বাৎসল্য, দাস্য আৰু সাম্যভাবৰ প্ৰকাশ অধিক।
২৪. বৰগীতটি কাৰ দ্বাৰা ৰচিত?
উত্তৰঃ বৰগীতটি মাধৱদেৱৰ দ্বাৰা ৰচিত।
২৫. মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত কি ভাব প্রকাশ পাইছে?
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে।
২৬. ভক্তৰ বাবে পৰম ধন কি?
উত্তৰঃ ভক্তৰ বাবে পৰম ধন হ’লー হৰিৰ চৰণ।
২৭. মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে বাৰ (12) কুৰি বৰগীত ৰচনা কৰিছিল।
২৮. মাধৱদেৱে মুঠ কিমান বৰগীত ৰচনা কৰা বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছিল?
উত্তৰঃ নকুৰি এঘাৰটা বা ১৯১ (191) টা।
২৯. মাধৱদেৱৰ বৰগীত সমূহত ঘাইকৈ কৃষ্ণৰ কোনটো চৰিত্ৰ পৰিস্ফুট?
উত্তৰঃ মাধৱদেৱৰ বৰগীত সমূহত ঘাইকৈ কৃষ্ণৰ লিলা বিষয়টো পৰিস্ফুট।
চমু প্ৰশ্নোত্তৰ(Class 10 assamese question answer chapter 1 assamese medium part)
১. বৰগীতটিৰ মূলভাৱ লিখা
উত্তৰঃ হে পৰম পিতা ভগৱান মই আপোনাৰ চৰণত শৰণ লৈছোঁ, জীৱনে-মৰণে মোক নেৰিবা প্রভু। সনক সনন্দ আদি যোগী সিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, নিগম শাস্ত্ৰও যাক বিচাৰি নাপায়, হাজাৰ মুখে যাৰ সীমা নাপায়, সেইজনৰ মহিমা এই অধমে কেনেকৈ বুজিম? সংসাৰৰ বিষয়-বাসনাত, দুখ-যন্ত্ৰণাত পীড়িত অনুতপ্ত হৈ পৰিছোঁ; তোমাৰ চৰণ-কমলত ঠাই দি মোক উদ্ধাৰ কৰা প্ৰভু। তোমাৰ দুখানি চৰণেই মোৰ মহা ধন-সম্পদ, ভক্ত সকলৰ তুমিয়েই জীৱন। হে কৰুণা সাগৰ, তোমাৰ চৰণত কাতৰে শৰণ লৈছোঁ, অনুগ্ৰহ কৰি এবাৰ মোক কৃপা কৰা। শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ দাসৰো দাস (ভৃত্যৰো ভৃত্য) মাধৱদেৱে ভক্তসকলক মায়াৰ বান্ধোনৰ পৰা মুক্ত কৰিবলৈ নাৰায়ণ শ্রীকৃষ্ণ মহাপ্ৰভুৱে কৃপা কৰক বুলি কাতৰ অনুৰোধ জনাইছে।
২. বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম মহান প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য হিচাপে মাধৱদেৱে গুৰুজনৰ আদৰ্শ অনুসৰণ কৰি বাৰাদি, গণককুচি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে। ধৰ্মপ্ৰচাৰৰ উপৰিও তেওঁ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো এক উজ্জ্বল স্থান অধিকাৰ কৰিছিল। তেওঁৰ অমৰ কীৰ্তিস্তম্ভ “নামঘোষা”ক অসমীয়া ধৰ্মীয় সাহিত্যৰ এক অমূল্য ৰত্ন বুলি গণ্য কৰা হয়। এই গ্ৰন্থত এহেজাৰ ঘোষা থকাৰ বাবে একে “হেজাৰী ঘোষা” বুলি জনা যায়।
তেখেতৰ আন উল্লেখযোগ্য ৰচনাসমূহ হৈছে—
আখ্যানমূলক ৰচনা: ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তত্ত্বমূলক ৰচনা: জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
নাটক: অৰ্জুন ভঞ্জন (দধিমথন)।
ঝুমুৰা: চোৰধৰা, পিম্পৰা গুচোৱা, ভূমিলেটোৱা, ভোজনবিহাৰ।
৩. বৰগীতৰ চমু টোকা লিখা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত গীতক বৰগীতৰ আখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ-গধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলা বায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপোৰা জুয়ে গীতখিনি পোৰে। বৰ্তমান শংকৰদেৱ বিৰচিত একুৰি চেধ্যটা বৰগীত পোৱা যায়। মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭-টা বৰগীত পোৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১-টা বা ন-কুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে।
৪. ব্ৰজাৱলী ভাষাৰ চমু টোকা লিখা।
উত্তৰঃ ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লালা বিষয়ক গীত-পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নোৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ।
ব্যাখ্যা কৰা:(Class 10 assamese borgeet question answer)
(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুঠিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
পদ দুশাৰীত কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা বা মহত্ত্বৰ কথা বুজাইছে। পৰম পুৰুষ ভগৱানৰ মহিমা হাজাৰ হাজাৰ চকু-মুখেও অৰ্থাৎ হাজাৰ মানুহেও বুজিব নোৱাৰে। তেওঁৰ মহিমা কোনেও বুজিব নোৱাৰে। তেনে ক্ষেত্ৰত কবিৰ দৰে অতিকে জ্ঞানহীন জনে ভগৱানৰ মহিমা বুজিব নোৱাৰে বুলি কবিয়ে অক্ষমতা প্ৰকাশ কৰিছে। ভক্তকবি মাধৱদেৱে ইয়াত নিজকে অতি নিঃকিন জ্ঞানহীন, অবোধ বুলি নিজৰ আত্মলঘিমা গুণৰ প্ৰকাশ কৰিছে। ভক্তি-সাহিত্যত দাস্য ভক্তিৰ সংযোজক মাধৱদেৱৰ এনে নম্রতা প্রায় সকলো গীত-মাততে প্রকাশ পাইছে।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
কবিয়ে সংসাৰৰ বিষয়-বাসনাৰ মাজত থাকি অতিকৈ পীড়িত হৈ জৰ্জৰিত হৈ পৰিছে। সংসাৰৰ বিষয় বাসনাৰ প্ৰতি কবিৰ বিৰাগ জন্মিছে। সংসাৰৰ এই বিষয়-বাসনাই যে সুখ- শান্তি নিদি দুখ-যন্ত্রণাহে মানুহক দিয়ে সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে। সেইবাবে সেই সাংসাৰিক বিষয়-বাসনা সম্ভূত দুখ কষ্ট-পীড়াৰ পৰা কবিয়ে পৰিত্ৰাণ বা মুক্তি বিচাৰিছে। দুখ কষ্টবোৰৰ পৰা যে স্বয়ং ভগৱানেহে মুক্তি দিব পাৰে সেই কথাও কবিয়ে জানে। সেয়ে সংসাৰৰ দুখ-কষ্টৰ পৰা উদ্ধাৰ কৰিবৰ বাবে শ্রীকৃষ্ণ ভগৱানৰ চৰণ-কমলত আশ্ৰয় বিচাৰি কবিয়ে প্ৰাৰ্থনা কৰিছে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।
পদ দুশাৰীৰ দ্বাৰা ভক্ত কবি শ্রীশ্রীমাধৱদেৱে ভকত জীৱনৰ ধন-সম্পদৰ বিষয়ে কৈছে। ভক্ত কবি তথা ভক্ত সকলৰ বাবে সংসাৰৰ ধন-সম্পদ আগ্ৰহৰ বস্তু নহয়। প্রকৃত ভক্তজনৰ বাবে ভগৱানৰ দুখানি চৰণেই পৰম সম্পদ, মহাধন। ভগৱানেই ভক্তজনৰ জীৱন। ভগৱানক পালে ভক্তক কোনো পার্থিৱ ধন-সম্পদৰ প্রয়োজন নাই। সেয়ে ভগৱানৰ কৰুণা লাভ কৰিবৰ বাবে ভক্ত কবিয়ে এইদৰে ভগৱানক কাতৰ প্ৰাৰ্থনা জনাইছে।
(ঘ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।’
—তাৎপৰ্য বিচাৰ কৰা।
উত্তৰঃ ভক্তি সাধন প্ৰসংগত, হৰি, শ্ৰীকৃষ্ণ বা ভগৱানৰ অপাৰ মহিমাৰ বিষয়ে ভক্ত কবি শ্রীশ্রীমাধৱদেৱে ‘বৰগীত’ কবিতাটিত কথাষাৰ উল্লেখ কৰিছে। ভগৱান সহজলভ্য নহয়। সাধনাৰ দ্বাৰাইহে ভগৱানক লাভ কৰিব পাৰি। ভক্ত কবিয়ে ভগৱানৰ চৰণত শৰণ লৈ জীৱনে-মৰণে কবিক নেৰিবলৈ ভগৱানক প্রার্থনা জনাইছে। কিন্তু কবিয়ে জানে সনক সনন্দ আদি মহাযোগী সকলেও ভগৱানক ধ্যান কৰে; কিন্তু কোনো শাস্ত্রতে ভগৱানক বিচাৰি পোৱা নাযায় শত-সহস্ৰজনে সন্ধান কৰিও ভগৱানক বিচাৰি নাপায়, সেইজন ভগৱানক কবিৰ দৰে অধম ভক্তই, কেনেকৈ বিচাৰি পাব বুলি নিজৰ অযোগ্যতা প্ৰকাশ কৰি সংসাৰৰ দুখ-যন্ত্ৰণাৰ পৰা তেওঁক উদ্ধাৰ কৰিবলৈ ভগৱানৰ ওচৰত কবিয়ে কাতৰ প্ৰাৰ্থনা জনাইছে। কবিৰ দৃষ্টিত ভগৱানেই ভক্তৰ মহাধন আৰু ভগৱানেই ভক্তৰ জীৱন। ভগৱানৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাৰ বাবেই কবিয়ে এইদৰে কৈছে।
(ঙ) বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
উত্তৰঃ তলত বৰগীতৰ চাৰিটা লক্ষণ উল্লেখ কৰা হ’ল-
(ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।
(খ) বৰগীতবোৰৰ ভাষা ব্ৰজাৱলী। ব্ৰজাৱলী মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ সৃষ্টি এটা কৃত্রিম সাহিত্যিক ভাষা।
(গ) বৰগীতসমূহ ভক্তিমূলক আৰু পৰমপুৰুষ ভগৱানৰ (ঈশ্বৰৰ) মাহাত্ম্য প্রকাশক।
(ঘ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতবোৰকহে বৰগীত বোলা হয়। নাম-ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।
ভাষা-বিষয়কঃ
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
উত্তৰঃ শব্দ — আধুনিক শব্দ
নপাৱন্ত – নাপায়।
কেনে – কিদৰে, কেনেকৈ।
ভৈলোহো – হলোঁ।
তুমিসে – তুমিয়েই, তুমিহে।
জনেৰ – সকলৰ, জনৰ।
কহয় – কয়।
2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য়সমূহ উল্লখ কৰা।
উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত কৰা হ’ল 一
ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা।
খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
গ) ব্ৰজাৱলী হ’ল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
ঙ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।
বৰগীত পাঠটোৰ প্ৰশ্ন উত্তৰ যদি আপোনালোকৰ ভাল লাগিছে, তেন্তে আপোনাৰ বন্ধু-বান্ধৱীকো Share কৰিব, কাৰণ একেলগে পঢ়িলে সফলতা বেছি হয়।
Class 10 assamese chapter 1 question answer pdf
- Class 10 assamese borgeet question answer
- Class 10 assamese question answer chapter 1 assamese medium part
- Class 10 assamese medium question answer chapter 1
- Class 10 assamese question answer chapter 1 assamese medium english