তুমি যদি হোৱা
এচেৰেঙা ৰঙা
ৰ’দালিৰে আবিৰ সনা
উকা মন আকাশত
ডাৱৰে পোহৰে
শিমলু তুলা হৈ উৰা
তুমি যদি হোৱা
পলাশে ৰঙোৱা
নৈপৰীয়া মন
জুৰোৱা পচোৱা
বুকুতে জিৰণি লোৱানা
তুমি যদি হোৱা
এচেৰেঙা ৰঙা
ৰ’দালিৰে আবিৰ সনা
উকা মন আকাশত
ডাৱৰে পোহৰে
শিমলু তুলা হৈ উৰা
দুটি উঁঠৰে
পৰশতে
জীপাল হোৱা
সুৰৰ দৰে
দুপাৰ ভাঙি
বৈ আহানা
বাৰিষা হৈ
ধাৰাশাৰে
অ’
পাৰা যদি হোৱা তুমি
পাহাৰৰ দৰে গহীন
অ’
সাগৰ বিশাল আদৰেৰে
পাৰা যদি হোৱা গভীৰ
আচুতীয়া মৰমৰে ঢৌ তুলি
চিৰদিন
তুমি যদি হোৱা
এচেৰেঙা ৰঙা
ৰ’দালিৰে আবিৰ সনা
উকা মন আকাশত
ডাৱৰে পোহৰে
শিমলু তুলা হৈ উৰা
তুমি যদি হোৱা
পলাশে ৰঙোৱা
নৈপৰীয়া মন
জুৰোৱা পচোৱা
বুকুতে জিৰণি লোৱানা