যিবোৰ বস্তু ব্যৱহাৰ কৰি সুৰ বা শব্দ সৃষ্টি কৰা হয়, তাক বাদ্যযন্ত্ৰ বোলে।
বাদ্যযন্ত্ৰৰ প্ৰকাৰ (Types of Instruments)
সাধাৰণতে বাদ্যযন্ত্ৰ ৪টা প্ৰধান ভাগত বিভক্ত:
১. তন্ত্ৰী বাদ্য (String Instruments)ঃ যিবোৰ বাদ্যত তাৰ (string) কম্পনৰ জৰিয়তে শব্দ সৃষ্টি হয় তাকে তন্ত্ৰী বাদ্য বুলি কোৱা হয়। উদাহৰণ: গীটাৰ(Guitar), ভায়লিন(Violin), চিটাৰ(Sitar) আদি। তাৰ টানি বা ঘঁচি বাজোৱাই মিঠা সুৰ উৎপন্ন সৃষ্টি কৰে।
২. বায়ু বাদ্য (Wind Instruments)ঃ যিবোৰ বাদ্যত বতাহ (air) ফুকি শব্দ সৃষ্টি কৰা হয়। উদাহৰণ: বাঁহী(Flute), ৰণশিঙা(Trumpet), হাৰমনিউম(Harmonium) আদি। ইয়াক ফুকি বাজোৱা হয়, বতাহৰ গতিৰ ওপৰত সুৰ নিৰ্ভৰ কৰে।
৩. তালবাদ্য (Percussion Instruments)ঃ যিবোৰ বাদ্য মাৰি বা ঠুকি শব্দ সৃষ্টি কৰা হয়। উদাহৰণ: ড্ৰাম(Drum), তব্লা(Tabla), ঢোল(Dhol) আদি। ইয়াক আঘাত কৰি বাজোৱাই তাল (rhythm) সৃষ্টি কৰে।
৪. কী-বোর্ড / ইলেক্ট্ৰনিক বাদ্যঃ যিবোৰ বাদ্যত কী বা ইলেক্ট্ৰনিক ব্যৱস্থা ব্যৱহাৰ কৰা হয়। উদাহৰণ: পিয়ানো(Piano), কিবোৰ্ড(Keyboard) আদি। ইয়াক কী টিপি বাজোৱা হয়, আধুনিক সঙ্গীতত ইয়াৰ ব্যৱহাৰ বেছি দেখিবলৈ পোৱা যায়।
গুৰুত্বপূৰ্ণ যে বাদ্যযন্ত্ৰসমূহ ৪ প্ৰকাৰ, প্ৰতিটো প্ৰকাৰৰ শব্দ সৃষ্টি কৰাৰ পদ্ধতি বেলেগ, সঙ্গীতত সুৰ আৰু তাল সৃষ্টি কৰিবলৈ ব্যৱহাৰ হয়।
চুটি প্ৰশ্ন-উত্তৰ (Short Q&A)
Q1: বাদ্যযন্ত্ৰ কি?
👉 সুৰ উৎপন্ন কৰা বস্তু।
Q2: তন্ত্ৰী বাদ্যৰ উদাহৰণ দিয়া।
👉 Guitar, Violin
Q3: তালবাদ্য কেনেকৈ বাজোৱা হয়?
👉 মাৰি বা ঠুকি
Q4: বায়ু বাদ্যত কি ব্যৱহাৰ হয়?
👉 বতাহ (air)