Gen Z আন্দোলন মানে কি? Gen g মানে কি | gen-z mani ki

জেন জি আন্দোলন বুলিলে সাধাৰণতে Generation Z(Gen Z) প্ৰজন্মৰ লোকসকলে সমাজ, ৰাজনীতি, সংস্কৃতি বা ডিজিটেল জগতত কৰা সচেতনতা, প্ৰতিবাদ বা পৰিৱৰ্তনৰ চেষ্টাক বুজায়।

Gen Z আন্দোলন মানে কি?

Gen Z আন্দোলন হৈছে সেইসমূহ আন্দোলন বা কেম্পেইন বুজায়, য’ত নতুন প্ৰজন্মে নিজৰ মতামত প্ৰকাশ কৰি সমাজত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰে। এইবোৰ অধিকাংশ সময় অনলাইন (social media)ৰ জৰিয়তে আৰম্ভ হয়। আন্দোলনসমূহ বিভিন্ন কাৰণত, বিশেষ বিষয়ত লৈও হব পাৰে। যেনে- পৰিৱেশ সুৰক্ষা, সামাজিক ন্যায় আৰু সমতা, মানসিক স্বাস্থ্য সচেতনতা। উল্লেখযোগ্য যে আমাৰ চুবুৰীয়া নেপাল দেশৰ দূৰ্নীতি হোৱাৰ বাবে জেন জিয়ে ৰাজপথত ওলায় আহি গোটেই চৰকাৰৰ চিষ্টিমমে সলনি কৰি পেলাইছিল। জেন জি প্ৰজন্মে পৰিৱেশৰ বিষয়ে অত্যন্ত সচেতন। জলবায়ু পৰিৱৰ্তন, বন তহিলং কৰাৰ, প্ৰদূষণৰ বিৰুদ্ধে সিহঁতে আন্দোলন কৰি তোলে। জাতি, লিংগ, ধৰ্ম আদি ক্ষেত্ৰত সমতাৰ বাবে জেন জিয়ে বহুত আন্দোলন কৰিছে। জেন জিএ Instagram, YouTube, Twitter(X) আদি ব্যৱহাৰ কৰি নিজৰ মতামত প্ৰকাশ কৰে।

Gen Z আন্দোলনে অনলাইন ভিত্তিক আৰু টেকন’লজি নিৰ্ভৰ কৰে, দ্ৰুত বিস্তাৰ (ভাইৰেল হোৱাৰ সম্ভাৱনা) কৰে, যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ কৰাত সহায় কৰে, ইয়াত স্পষ্ট লক্ষ্য আৰু দাবী প্ৰতিফলন দেখিবলৈ পোৱা যায় আৰু নতুন আৰু ক্ৰিয়েটিভ পদ্ধতিৰে প্ৰতিবাদ কৰা দেখা যায়।

Gen Z আন্দোলনে সমাজত ডাঙৰ পৰিৱৰ্তন আনিবলৈ আৰম্ভ কৰিছে। চৰকাৰ আৰু সংস্থাসমূহে নতুন নীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে, পৰিৱেশ আৰু মানৱ অধিকাৰ বিষয়ত সচেতনতা বৃদ্ধি পাইছে, জেন জি এ যুৱ সমাজ অধিক সক্ৰিয় হৈছে। Gen Z আন্দোলন হৈছে নতুন যুগৰ এক শক্তিশালী ধ্বনি। এই প্ৰজন্মে টেকন’লজী ব্যৱহাৰ কৰি বিশ্বত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে। আগন্তুক দিনত এই ধৰণৰ আন্দোলনে সমাজত ডাঙৰ প্ৰভাৱ পেলাব বুলি আশা কৰা হয়।

Leave a Comment