Instructions for voters in assamese

ভোটদানৰ দৰে একোৱেই হ’ব নোৱাৰে, মই নিশ্চিতভাৱে ভোটদান কৰিম

পঞ্জীয়নৰ পদ্ধতি

অনলাইঃ voters.eci.gov.in অথবা ভোটাৰ হেল্পলাইন এপ

অফলাইনঃ আপোনাৰ বুথ পৰ্যায়ৰ বিষয়াৰ লগত যোগাযোগ কৰক অথবা ভোটাৰৰ সা-সুবিধা কেন্দ্ৰ

এগৰাকী নতুন ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ আপুনি হ’ব লাগিব—

এগৰাকী ভাৰতীয় নাগৰিক, ভোটগ্ৰহণ এলেকাৰ সাধাৰণ বাসিন্দা, ১৮ বছৰ বা ওপৰৰ।

আপোনাৰ বিৱৰণৰ সত্যাসত্য নিৰূপন কৰক—

প্ৰ-পত্ৰ ৮ ঠিকনাৰ পৰিৱৰ্তন/তথ্যৰ শুধৰণি/ভোটাৰ ফটো পৰিচয় পত্ৰ সলনি/বিশেষভাৱে সক্ষম ব্যক্তি চিনাক্ত।

প্ৰ-পত্ৰ ৭ ভোটাৰ তালিকাত নামৰ প্ৰস্তাৱিত অন্তৰ্ভুক্তিকৰণৰ বিৰুদ্ধে অভিযোগ/নাম কৰ্ত্তনৰ বাবে আবেদন।

ভোটাৰ তালিকাত আপোনাৰ নামটো অনুসন্ধান কৰক-

ক) ভোটাৰ হেপ্ললাইন এপ ব্যৱহাৰ কৰক

খ) voters.eci.gov.in বা [email protected]

গ) ১৯৫০ লৈ SMS কৰক ECI<space><EPIC No>

নিৰ্বাচনৰ দিনা

১. ভোটদানৰ সুবিধাৰ বাবে ভোটদানৰ দিনটোত বন্ধ ঘোষণা কৰা হয়। (এইটো বন্ধ দিন নহয়, এইটো ভোটদানৰ দিন)

২. ভোটগ্ৰহণ কেন্দ্ৰত কোনোধৰণৰ সা-সৰঞ্জাম(Gadgets)ৰ অনুমতি দিয়া নহ’ব।

৩. আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ স্থান বিচাৰি উলিয়াওকঃ voters.eci.gov.in, ১৯৫০-ভোটাৰ হেল্পলাইন নম্বৰত ফোন কৰক, ভোটাৰ হেল্পলাইন এ’প।

ভোটদানৰ বাবে অনুমোদিত পৰিচয় সম্বন্ধীয় নথি/পৰিচয়পত্ৰৰ যিকোনো এখন নৈ আনিব-

  • ভোটাৰ পৰিচয় পত্ৰ(EPIC)
  • আধাৰ কাৰ্ড
  • পান কাৰ্ড
  • একক শাৰীৰিক ভাবে অক্ষম লোকৰ পৰিচয়(UDID)পত্ৰ
  • কৰ্মক্ষেত্ৰৰ পৰিচয় পত্ৰ
  • বেংক/ডাকঘৰৰ ফটোযুক্ত পাছবুক
  • স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড(M/o Labour)
  • গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ
  • পাৰপত্ৰ
  • এ পি আৰৰ অধীনত আৰ জি আই-ৰ দ্বাৰা জাৰি কৰা স্মাৰ্ট কাৰ্ড
  • পেঞ্চনৰ নথি
  • সাংসদ/বিধায়ক/বিধায়িনী পৰিষদৰ সদস্যলৈ জাৰি কৰা চৰকাৰী পৰিচয়পত্ৰ
  • এণ এনৰেগা জব কাৰ্ড

Cvigil এ’পৰ জৰিয়তে অবৈধ কাৰ্যকলাপৰ বিষয়ে জনাওঁক

ভোটগ্ৰহ প্ৰক্ৰিয়া

১. আপুনি ভোটাৰৰ শাৰীত থিয় হব।

২. পোলিং বিষয়াই ভোটাৰ তালিকাত আপোনাৰ নাম আৰু আপোনাৰ আই ডি পৰীক্ষা কৰিব।

৩. পোলিং বিষয়াই আপোনাৰ আঙুলিৰ নখত মচিব নোৱাৰা চিয়াহী দিব, এখন শ্লিপ দিব আৰু আপোনাৰ পৰা চহী ল’ব।

৪. পোলিং বিষয়াই শ্লিপখন ল’ব আৰু আপোনাৰ আঙুলিৰ চিনটো পৰীক্ষা কৰিব।

৫. ভোটাৰে ই ভি এমত ভোট দিবলৈ পছন্দৰ প্ৰাৰ্থী/ন’টাৰ  বিপৰীতে বুটাম টিপিলে- এটা ৰঙা লাইট জ্বলি উঠে।

ই ভি এম মেচিনত শেষ বিকল্প হিচাপে ওপৰৰ কোনো এজনো নহয়(NOTA)উপলব্ধ থাকে।

আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰক

১. ভোট দিবলৈ সাজু হওঁক- আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাৰ লগে লগে তৃতীয় প’লিং বিষয়া গৰাকীয়ে বেলট ইউনিটতো সক্ষম কৰি তুলিব। বেলট ইউনিটৰ ‘ৰেডি’ লাইটটো জ্বলি উঠিব।

২. আপুনি ভোটদান কৰক- বেলট ইউনিটত আপোনাৰ পচন্দৰ প্ৰাৰ্থীগৰাকীৰ নাম/প্ৰতীকৰ বিপৰীতে থকা/NOTA ৰ বিপৰীতে থকা নীলা বুটামটো টিপি দিয়ক।

৩. লাইটটো লক্ষ্য কৰক- প্ৰাৰ্থীৰ নাম/প্ৰতীকৰ বিপৰীতে থকা/NOTA বাছনি কৰাৰ বিপৰীতে থকা ৰঙা লাইটটো জ্বলি উঠিব।

৪. আপোনাৰ ভোটটো পৰীক্ষা কৰক- VVPAT-টোৱে আপুনি বাছনি কৰা প্ৰাৰ্থীৰ ক্ৰমিক নং, নাম আৰু প্ৰতীক থকা বেলট শ্লিপ ছপা কৰিব আৰু প্ৰদৰ্শন কৰিব।

৫. বীপ(BEEP) শব্দ শুনক- কণ্ট্ৰ’ল ইউনিটনত হোৱা বীপ(BEEP) শব্দই আপোনাৰ ভোটদান সফলতাৰে সম্পন্ন হোৱাটোকে সূচায়।

  • যদি আপুনি VVPAT- ত বেলট শ্লিপ নেদেখে বা ডাঙৰ বীপ শব্দ নুশুনে, তেন্তে প্ৰিজাইডিং বিষয়াৰ লগত যোগাযোগ কৰক।
  • এই শ্লিপখন গ্লাচৰ মাজেৰে ৭ ছেকেণ্ডৰ বাবে দৃশ্যমান হব। ছপা শ্লিপখন VVPAT-ত সুৰক্ষিত হৈ থাকিব।

ভাৰতৰ নিৰ্বাচন আয়োগে আগবঢ়োৱা সহায়ক এ’পসমূহ

সক্ষম-ভাৰত নিৰ্বাচন আয়োগ(Saksham-ECI)

  • সন্নিৱিষ্ট হৈ থকা সুগমতা ব্যৱস্থাপনা।
  • এগৰাকী দিব্যাংগ হিচাপে আপুনি নিজকে চিহ্নিত কৰক।
  • এগৰাকী নতুন দিব্যাংগ ভোটাৰ হিচাপে আপুনি আবেদন কৰক।
  • হুইল চেয়াৰৰ বাবে আবেদন কৰক।

ভোটাৰ হেল্পলাইন এ’প(Voter Helpline App)

  • পঞ্জীয়ন আৰু নিৰ্বাচন সম্পৰ্কীয় সেৱা এক নিৰ্দ্দিষ্ট এ’পতে কৰাৰ ব্যৱস্থা।
  • প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সবিশেষ পৰীক্ষা কৰক।
  • আপোনাৰ ভোটাৰ তথ্য সম্বলিত শ্লিপ উলিয়াই লওক।

আপোনাৰ প্ৰাৰ্থীগৰাকীৰ বিষয়ে জানিব পৰা এ’প(Know Your Candidate App)

  • প্ৰাৰ্থীসকলে তেওঁলোকৰ শপতনামত উল্লেখ কৰাৰ দৰে আপোনাৰ সমষ্টিৰ প্ৰতিগৰাকী প্ৰাৰ্থীৰ সবিশেষ পৰীক্ষা কৰক- শিক্ষাগত অৰ্হতা, পূৰ্বৰ অপৰাধ সম্পৰ্কীয় তথ্য, সা-সম্পত্তি আৰু ঋণ(যদি আছে)।

চি ভিজিল এ’প

  • নিৰ্বাচন ঘোষণা কৰাৰ দিনা এ’প সক্ৰিয় হয়।
  • অবৈধ কাম-কাজ/নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় তথ্য জনাওঁক।
  • এটা মোবাইল ফোনৰ জৰিয়তে যোগাযোগ।

দিব্যাংগজন আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ন্যূনতম সুনিশ্চিত সুবিধাৰাজি

  • ৰেম্প আৰু হুইল চেয়াৰ
  • ব্ৰেইলীৰ সুবিধাযুক্ত ইভিএম
  • বিশেষ স্বেচ্ছাসেৱক
  • প্ৰৱেশৰ ক্ষেত্ৰত দিব্যাংগজন আৰু জ্যেষ্ঠ নাগৰিকৰ অগ্ৰাধিকাৰ
  • সাংকেতিক ভাষা
  • দিব্যাংগজনৰ বাবে পৰিবহনৰ সুবিধা

ঘৰতে ভোটদানৰ সুবিধা/ডাকযোগে বেলটৰ সুবিধা

ভোটদাতা(৮৫ বছৰ বয়সৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু বেঞ্চমাৰ্ক প্ৰমাণপত্ৰ থকা দিব্যাংগ ব্যক্তি) সকলে প্ৰ-পত্ৰ- ’১২ ডি’ পূৰণেৰে ঘৰতে ভোটদানৰ সুবিধা লাভ কৰিব পাৰিব।

ভোটদাতাৰ পণ

“আমি, ভাৰতৰ নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি শপত লওঁ যে আমি দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যাদা ৰক্ষা কৰিম তথা মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ গৰিমা অক্ষুণ্ণ ৰাখি, নিৰ্ভীকভাৱে আৰু ধৰ্ম, বৰ্গ, জাতি, সম্প্ৰদায়, ভাষা অথবা অন্য কোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ প্ৰতিটো নিৰ্বাচনত নিজ ভোটাধিকাৰ সাব্যস্ত কৰিম।”

Leave a Comment