মাটি ক্ষয় ৰোধ কৰিবলৈ কি কি উপায় থাকে
গছ-গছনি, ঘাঁহ-বন ৰোপন কৰি মাটিৰ ক্ষয় ৰোধ কৰিব পাৰি। উদ্ভিদৰ শিপাই মাটিৰ উপৰিভাগৰ তৰপটো ধৰি ৰাখে। তদুপৰি উদ্ভিদৰ পাতত ঠাইত মাটিৰ ক্ষয় নহয়। খেতি কৰিবলৈ মোকলাই লোৱা পাহাৰৰ ঢালত খাজ কাটি খেতি কৰিলে ক্ষয়ৰ পৰিমাণ কম হয়। ইয়াৰ বাহিৰেও, নৈ আদি জলাশয়ৰ পাৰত বাঁহৰ গোঁজ পুতি তাত ঘাঁহ-বন দ’মাই দিলে ভূমি ক্ষয় বা খহনীয়া কম হয়।
মাটিৰ ক্ষতি সাধন কৰা পাঁচটা মানৱকৃত কাৰ্যসমূহ
মানুহে নানা প্ৰকাৰে মাটিৰ ক্ষতিসাধন কৰে। মানুহৰ এনে ক্ষতিকাৰক কাৰ্যসমূহ হ’ল-
(১) মাটিৰ বাবে অনিষ্টকৰ প্লাষ্টিকজাতীয় পদাৰ্থৰ দ্বাৰা তৈয়াৰী সামগ্ৰীৰ মাত্ৰাধিক প্ৰয়োগ আৰু য’তে-ততে পেলোৱা কাৰ্য।
(২) খেতিত ৰাসায়নিক সাৰ আৰু সাৰায়নিক কীটনাশক দ্ৰব্যৰ অধিক ব্যৱহাৰ।
(৩) উদ্যোগৰ বৰ্জিত সামগ্ৰী মাটিত মিহলি হ’বলৈ এৰি দিয়া কাৰ্য।
(৪) গছ-বন কাটি বা জ্বলাই মাটিৰ উপৰিভাগ মুকলি কৰা কাৰ্য।
(৫) পাহাৰ আদিত মুক্ত খননৰ দ্বাৰা খনিজ পদাৰ্থ আহৰণ কৰা কাৰ্য।