পাৰিবাৰিক সুখ-শান্তি ৰক্ষাৰ কাৰণে পৰিয়ালৰ সদস্যসকলৰ কি কি থাকিব লাগে

পাৰিয়ালৰ সুখ-শান্তি ৰক্ষাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ কিছুমান ভাল গুণ থকা দৰকাৰ; যেনে- ক) পৰিয়াল এটাৰ সদস্যসকলৰ পৰস্পৰে পৰস্পৰক সহায় কৰা উচিত। খ) সদস্যসকল মিতব্যয়ী হ’ব লাগে। অমিতব্যয়ী হ’লে অভাৱৰ সৃষ্টি হয় আৰু অভাৱে পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰে। গ) পৰিয়ালৰ সদস্যসকলৰ শিক্ষাৰ প্ৰতি ধাউতি থাকিব লাগে। ঘ) পৰিয়ালত প্ৰত্যেকৰে মিলাপ্ৰীতি থকা উচিত। হাই-কাজিয়াই পৰিয়ালৰ শান্তি নষ্ট কৰে। ঙ) জ্যেষ্ঠজনক সন্মান আৰু কনিষ্ঠজনক মৰম-চেনেহ কৰিব লাগে। চ) সৰুৱে ডাঙৰৰ কথা মানি চলিব লাগিব আৰু ডাঙৰসকলেও সৰুসকলৰ প্ৰয়োজনৰ প্ৰতি গুৰুত্ব দিব লাগে। ছ) পৰিয়ালৰ কোনো সদস্য নিচাৰ প্ৰতি আসক্ত হ’ব নালাগে। নিচাযুক্ত দ্ৰব্যই পৰিয়ালৰ সুখ-শান্তি ধ্বংসৰ মুখলৈ ঠেলি দিয়ে।

আমাৰ ওচৰ-চুবুৰীয়াক নানা ধৰণে সহায় কেনেকৈ কৰিবঃ

ক) আমি চুবুৰীয়াৰ খবৰ  সৰবৰাহ কৰোঁ। অৰ্থাৎ কোনোবাই কাৰোবাক কিবা ক’বলৈ ক’লে আমি বচন নেপেলাওঁ। খ) কোনো চুবুৰীয়াই দোকানৰ পৰা কিবা আনি দিবলৈ ক’লে আনি দিব লাগে। গ) কাৰোবাৰ বিয়া-বাৰু হ’লে আমি পাৰ্যমানে কাম কৰিব লাগে। ঘ) ওচৰ-চুবুৰীয়াৰ কিবা অসুবিধা বা বিপদ হ’লে আমি নিজৰ শক্তি-সামৰ্থ্য অনুসৰি বিপদমুক্ত কৰিবলৈ যত্ন কৰিব লাগে। ঙ) চুবুৰীৰ প্ৰত্যেকৰে মাজত মিলাপ্ৰীতি আৰু সুখ-শান্তি ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে।

Leave a Comment