মোৰ মন দুচকুত lyrics | Mur Mon Lyrics | Zubeen Garg & Sweety Das

মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আছেই একেথৰে
মোৰ মন মোৰ বুকুত
লিখে একেই আখৰে
মোৰ মন মোৰ ছবি
আঁকে একেই সাঁথৰে
মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আঁকেই একেথৰে

মোৰ আঁউসীৰ জোনে
আজি পোহৰ বিচাৰে
মোৰ স্বপ্নভৰা গানে
ওঁঠেৰে নিগৰে
মোৰ ডেউকাৰ ক’লা ৰং
শুভ্র হ’ব খোজে
মোৰ কাজলী ৰাতি
বর্ণিল হ’ব খোজে
মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বলাকাত
বিচাৰা নিজৰ দৰে
মোৰ মন হয় পাথৰ
খুন্দি খুন্দি ভিতৰে
মোৰ তীব্র কোলাহল
ৰচে একেই সাঁথৰে
মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বলাকাত
বিচাৰা নিজৰ দৰে

মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আছেই একেথৰে

Leave a Comment