অ অসমীয়া ডেকা দল শীৰ্ষক গীতটোৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভা

অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
আজি তোৰে তেজাল বদন
মলিন কিয় হ’ল
মলিন কিয় হ’ল
মলিন কিয় হ’ল
অ’ অসমীয়া ডেকা দল

দূৰ্গম নদ পাহাৰ গিৰী
লম্ভিছিলে ডেকাগিৰী
সুন্দৰ শংকৰে লুৰি কৰিছলে তল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল
অ’ অসীম বাহুৰ বল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল
অ’ অসীম বাহুৰ বল
সিয়ো যে তোৰ নাইকিয়া হ’ল
অ’ অসমীয়া ডেকা দল

কীৰ্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য্য
হওঁক আমাৰ শৌৰ্য্য
কীৰ্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য্য
হওঁক আমাৰ শৌৰ্য্য
নাটগীত নাম বৰগীত
হওঁক ৰণৰ তুৰ্য
আৰ্হিটি তেওঁক এই অসমৰ
হওঁক অসীম বীৰ্য
হওঁক অসীম বীৰ্য
হওঁক অসীম বীৰ্য
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল
অসমীয়া সমনীয়া
আগবাঢ়ি যাওঁ ব’ল অ’
আগবাঢ়ি যাওঁ ব’ল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল
অ’ অসমীয়া ডেকা দল

Leave a Comment