অপশক্তিক নাশ কৰি সমাজত পোহৰ বিলাবলৈ সাজু ‘ৰঘুপতি’ চিনেমাখনে। ২ জুন তাৰিখে মুক্তি পাব ৰবি শৰ্মাৰ ‘ৰঘুপতি’ অসমীয়া ছবিখনে। Title Song/ Movie Trailer ইতিমধ্যই ইউটিবৰ লগতে সকলো অনলাইন প্লেটফৰ্মত উপলব্ধ হৈছে।
মুখ্য ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰবি শৰ্মাই। ‘ৰঘুপতি’ৰ কাহিনী আৰু সংলাপ ৰবি শৰ্মাৰ। প্ৰযোজনা কৰিছে ধৃতিমান শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাৰ। সংগীত পৰিচালনা প্ৰণয় দত্তৰ। চিত্ৰনাট্য, পৰিচালনা কৰিছে সুব্ৰত কাকতিৰ। ‘ৰঘুপতি’ৰ জৰিয়তে ৰূপালী পৰ্দাত ভূমুকি মাৰিব দুই অভিনেত্ৰী লুনা দেৱী আৰু বুবলী কাশ্যপে। অসমৰ জনপ্ৰিয় অভিনেতা ‘কে কে’ সিদ্ধাৰ্থ শৰ্মায়ো ছবিখনত অভিনয় কৰিছে। আৰু লগতে আন আন চৰিত্ৰত ৰীণা বৰা, অৰুণ নাথ হাজৰিকা, প্ৰীতিকংকণা, মনজিৎ শৰ্মাই, সিদ্ধাৰ্থ মুখাৰ্জী, প্ৰিয়ম পল্লৱী অভিনয় কৰিছে। সুদীৰ্ঘ সোতৰ বছৰ নিজৰ পেছাৰ পৰা আঁতৰি থকা অভিনেতা ৰাজ শৰ্মাকো ছবিখনত এক নতুন ৰূপত দৰ্শকে দেখিবলৈ পাব। ছবিখন সন্দৰ্ভত ৰবি শৰ্মাই কয়, ‘ৰঘুপতি’ শ্ৰী ৰামচন্দ্ৰৰ আধুনিক ৰূপ বুলি ক’লেও ভুল কোৱা নহ’ব। ছবিখনক লৈ দৰ্শকে দেখুওৱা উৎসুকতাই বহু উৎসাহ দিছে। এটা কথা নিশ্চিত যে দৰ্শকে ‘ৰঘুপতি’ চিনেমাখনত নতুনত্ব পাব। দৰ্শকক সন্তুষ্ট কৰিবলৈ ছয় বছৰৰ পৰা এই একচনধৰ্মী ছবিখনৰ বাবে ময়ো যথেষ্ট কষ্ট কৰিছো। সেয়ে স্বাভাৱিকতেই ছবিখনক লৈ মই অত্যন্ত আশাবাদী।
hii