ব’হাগ বিহু বা ৰঙালী বিহু হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য অঞ্চলত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে পালন কৰা এক পৰম্পৰাগত জনগোষ্ঠীয় উৎসৱ, আৰু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি। অসমত ৭ দিনত অতি উৎসাহেৰে পালন কৰা হয়। এইবাৰ ১৪-২০ এপ্ৰিললৈ উদযাপন কৰা হ’ব।
এই ৰঙালী বিহু বা বহাগ বিহুৰ সময়তে নিজৰ বন্ধু-বান্ধৱী, পৰিয়ালবৰ্গ, বা আন মানুহৰ সৈতে শুভকামনা, শুভেচ্ছা দি নতুন বছৰৰ আকাংক্ষাবোৰ বজাই ৰাখিবলৈ মনত পেলাই দিব।
ৰঙালী বিহু উপলক্ষে অসম বাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ।
ৰঙালীৰ ৰঙেৰে উপচি পৰক সকলোৰে দেহ মন সেই কামনাৰে প্ৰতিজন অসমীয়ালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ যাছিলোঁ।
চেনেহৰ অসমবাসী ৰাইজলৈ বহাগ বিহু আৰু অসমীয়া নববৰ্ষৰ হিয়া ভৰা উলগ জনালো !
সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহোন বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈকে যাছিলো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন আৰু অফুৰন্ত শুভকামনা ৷
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙে যেন সকলোৰে জীৱনলৈ সুখ, সমবৃদ্ধি, শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিলোঁ।
ৰঙালীৰ ৰঙেৰে আগন্তুক দিনবোৰ ৰঙীন হৈ পৰক তাৰেই কামনাৰে সকলোকে বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ..!
“বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক”
বিহু বিহু লাগিছে গাত, হেঁপাহৰ ৰঙালী বিহু টি আহি পালেহি, মাজত মাথোঁ দুটা দিন, আমাৰ নাচনী ৰো গাত তৎ নাইকিয়া হৈছে, গা সাতখন আঠখন হৈ উঠিছে, হেঁপাহৰ ৰঙালী ক আদৰিবলৈ উথলি পৰিছে,উত্ৰাৱল মন প্ৰাণ আমাৰ নাচনী ৰ,
অসমীয়া জাতিৰ স্বাভিমান, গৰিমা, ঐতিহ্য,ৰ প্ৰকট নিদৰ্শন, জাতীয় পৰিচয়, অসমীয়া জনজীৱনৰ কলা, কৃষ্টিৰ, পৰম্পৰাৰ জ্বলন্ত স্বাক্ষৰ স্বৰূপ, হেঁপাহৰ ৰঙালী বিহু আহি পালেহি, আমাৰ নাচনীৰো চকুত অযুত স্বপ্ন, এক আশাশুধীয়া ভাৱেৰে ৰঙালীক আদৰিবলৈ আমাৰ নাচনী সাজু হৈছে হাতত ফুলাম গামোচা লৈ।
নতুন সূর্য, নতুন প্রান। নতুন সুৰ নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত। নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, শুভ হওক নৱবর্ষ। সকলোকে নববর্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব।
আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ।