ভাষণ দিয়াৰ নিয়ম | অসমীয়া ভাষণ

ভাষণ কেনেকৈ দিব লাগে

যিকোনো সভাত ভাষণ কেনেকৈ আৰম্ভণি কৰিব, সেই বিষয়ে আজি ভাষণ আৰম্ভ কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়ে আলোকপাত কৰিব বিচাৰোঁ। মিটিং বা সভাত গৈ আমি দুই এষাৰ ক’ব লগা হ’লে বিপাঙ্গত পৰি যাওঁ। তথা সেই সময়ত আৰম্ভণি কেনেকৈ কৰিব লাগে সেই বিষয়ে বহুতো অসুবিধা সন্মুখিন হৈ পৰি যাওঁ, আজিৰ এই আৰ্টিকেলত যিসকল ব্যক্তিয়ে একেবাৰে নাজানে বা ভাষণ আৰম্ভণি কেনেকৈ কৰিব লাগে; সেইসকল ব্যক্তিৰ কাৰণে এই আৰ্টিকেলখন লিখা হ’ল। ভাষণ কেনেকৈ দিব বা আৰম্ভণি কেনেকৈ কৰিব, যিসকলে একবাৰে প্ৰাথমিক পৰ্যায়কে নাজানে, তেখেত সকলৰ বাবে বা যিসকল ছাত্ৰ-ছাত্ৰীসকল আছে তথা  নতুন প্ৰজন্ম যিসকলে একেবাৰে ভাষণ দি পোৱা নাই। তোমালোকক যদি শিক্ষক-শিক্ষকয়িত্ৰীয়ে ভাষণ দিবলৈ দিলে বা  আপোনালোকে ক’ৰবাত মিটিংত ভাষণ দিবলৈ ক’লে, বা প্ৰথমবাৰ ভাষণ দিবলৈ ইচ্ছা হ’লে। তোমালোকে সভাখন কিহৰ ওপৰত ৰখা হৈছে।

তোমালোকৰ ৰাজহুৱা সভা তাৰ ভাষণ অলপ বেলেগ ধৰণেৰে হয়, আপোনালোকৰ পঞ্চায়ত এলেকাৰ কোনো গাঁৱ সভাৰ তাৰ ভাষণ আৰম্ভণি অলপ বেলেগ হয়।

কিন্তু প্ৰথমতে তোমালোকে চাই ল’ব যে মিটিং/সভাখনত কিহৰ ওপৰত ৰখা হৈছে, সেই পৰিস্থিতি পৰিবেশৰ ওপৰত চাই ল’ব আৰু মিটিংত কোন কোন ব্যক্তি উপস্থিত আছে। আৰু মঞ্চত ওপৰত কোন কোন ব্যক্তি বহি আছে তাক চাই ল’ব।

প্ৰথমতে, মই ছাত্ৰ-ছাত্ৰীসকলক ক’ব বিছাৰো, যদি তোমালোকৰ বিদ্যালয় বা মহাবিদ্যালয়ত সভা বা মিটিং হয়। সেই সভা বা মিটিং তোমালোকৰ শিক্ষাগুৰুসকল থাকিব আৰু তোমালোকৰ প্ৰধান শিক্ষক/অধ্যক্ষ নিশ্চয় থাকিব, তোমালোকে আৰম্ভণি এনেদৰে কৰিব- শ্ৰদ্ধাৰ আজি (বিদ্যালয়ৰ নাম কব লাগিব)_____ বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক মহোদয়। আৰু মঞ্চত প্ৰবিষ্ট পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু দাদা বাইদেউসকল(তোমাৰ জেষ্ঠসকল থাকে যদি) আৰু মোৰ মৰমৰ কনিষ্ঠসকল(ছাত্ৰ-ছাত্ৰীসকল) বা সন্মানীয় ৰাইজ(যদি তাত ৰাইজ থাকে) মই সকলোকে মোৰ শ্ৰদ্ধাৰ আৰু সেৱা /প্ৰণাজনাইছোঁ। এনেদৰে ভাষণ আৰম্ভ কৰিবা।

তোমাৰ গাঁৱত বা পঞ্চায়ত, সংগঠনৰ সভা, ৰাজনীতিৰ সভা আদি যিকোনো সভা বা মিটিংত হোৱাত তোমালোকক দুই এষাৰ কব বিচাৰিলে। তোমালোকে আৰম্ভণি এনেদৰে কৰিব। যদি তোমালোকে বেছি টানকে কব নোৱাৰে। সেই কাৰণে অতি সহজ সৰল ভাষাৰে তোমালোকক লিখিলোঁ।

আজিৰ এই সভাত সন্মানীয় সভাপতি মহোদয়, মঞ্চত প্ৰবিষ্ট পৰম শ্ৰদ্ধাৰ অতিথি বৃন্দ আৰু বিশিষ্ট সমাজ কৰ্মীসকলক(সেই মঞ্চত যিসকল উপস্থিত থকা সকলো মানুহক সম্বধন কৰিব) মোৰ শ্ৰদ্ধাৰ আৰু সেৱা/প্ৰণাম আগবঢ়াইছোঁ। এনেদৰে কৈ আপোনাৰ যি কথা আছে তাৰ পৰা আৰম্ভ কৰি শেষ কৰিব পাৰে। আৰু শেষত তোমালোকে মই মোৰ চমু বক্তব্য ইমানতে শেষ কৰিলো।

মন কৰিবলগীয়া কথা

 ভাষণ নিৰ্ভৰ কৰে ৫০ শতাংশ শাৰীৰিক ভঙ্গিমা। তোমাৰ যদি শৰীৰ লৰি থাকে, স্থিৰ হৈ কথা নাপাতে, তেনেহলে সন্মুখত থকা মানুহখিনিয়ে অনুভৱ কৰিব যে ভাষণ দিয়াত ইমান পাকৈত নহয়; আৰু ৩৮ শতাংশ তোমাৰ মাত সুৰৰ ওপৰত নিৰ্ভৰশীল আৰু ৭ শতাংশ নিৰ্ভৰ কৰে যিবোৰ শব্দৰ ওপৰত।

1 thought on “ভাষণ দিয়াৰ নিয়ম | অসমীয়া ভাষণ”

Leave a Comment