জনসংখ্যা বৃদ্ধিৰ ৰোধ কৰাৰ উপায়

জনসংখ্যা বৃদ্ধিৰ হাৰ কমাবলৈ কিছুমান নীতি গ্ৰহণ কৰিলে জনসংখ্যা ৰোধ কৰিব পাৰি-

১. জনশিক্ষাঃ– জনসংখ্যা বৃদ্ধিৰ কুফল তথ্য ইয়াৰ পৰা হ’ব পৰা সমস্যাসমূহৰ বিষয়ে সাধাৰণক শিক্ষিত কৰি জনসংখ্যা ৰোধক ব্যৱস্থাসমূহ ল’ব পাৰিয

২. জন্ম নিয়ন্ত্ৰণ ব্যৱস্থাঃ– জনসংখ্যা বৃদ্ধিৰ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা অতি দৰকাৰী। বিভিন্ন উপায়ে জন্ম নিয়ন্ত্ৰণ কৰিব পাৰি। উদাহৰণ- ক) অস্ত্ৰোপচাৰৰ দ্বাৰা, খ) যান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা যেনে- কন্দম আদি ব্যৱহাৰ কৰি।, গ) ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা যেনে- ঔষধ সেৱন কৰি স্ত্ৰী আৰু পুৰুষ উভয়ে জন্ম নিয়ন্ত্ৰণ কৰিব পাৰে।

৩. পৰিয়াল পৰিকল্পনাঃ– পৰিয়াল পৰিকল্পনা কাৰ্যক্ৰমে জনসংখ্যা নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। এই পৰিকল্পনাৰ যোগেদি এটা বা দুটাতকৈ অধিক সন্তান জন্ম নিদিয়াৰ বাবে জনসচেতনতা গঢ়ি তুলি জনসংখ্যাৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা হয়।

৪. সংবাদ মাধ্যমৰ দ্বাৰাঃ– টিভি, ৰেডিঅ’, বাতৰিকাকত আদিৰ যোগেদি চৰকাৰে জনসংখ্যা কমোৱাৰ বিভিন্ন উপকাৰীতাবিলাক বুজাব পাৰে। ইয়াৰ দ্বাৰা অশিক্ষিত তথা হোজা মানুবিলাক কিছু উপকৃত হ’ব।

৫. চৰকাৰে চৰকাৰী  চাকৰিয়ালবিলাকক সৰু পৰিয়াল কৰিলে পুৰস্কৃত কৰাৰ ব্যৱস্থা থাকিব লাগিব। চীন, চিংগাপুৰ আদি দেশত এইটো কাৰ্যকৰী হৈছে।

Leave a Comment