গ্ৰীষ্ম কালৰ এই ইংৰাজী জুলাই মাহতো এক বিস্ময়কৰ সময়। এই গ্ৰীষ্ম বন্ধ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুতো স্বস্তি আৰু আনন্দ অনুভৱ কৰে। আৰু তেওঁলোকে এই গৰমত ভ্ৰমণ কৰিব পাৰিলে তেওঁলোকে অতিকৈ উৎফুল্লিত হয়। প্ৰখৰ গৰম, উৎকট গৰমত বন্ধ কঠাত থাকি বাহিৰত প্ৰকৃতিৰ কিছুমান শীতল বতাহ খাবলৈ মন যায়। যাৰফলত এই সময়ত নিজৰ পৰিয়াল, বন্ধ-বান্ধৱী, আত্মীয়-স্বজনৰ সৈতে কৰোবাত নহয় কৰোবাত ফুৰিবলৈ যাব লাগে। বিদেশ যাত্ৰা বা কোনো দূৰৰ ঠাইলৈ ফুৰিবলৈ যাব লাগিব বুলি কথা নাই। বৰ্তমান সময়ত গুগোল কৰিলে বহু ঠাই দেখিবলৈ পোৱা যায়। কোনোবা ওচৰত জলপ্ৰপাত থাকিলে তাতে গৈ আহিব পাৰে। এইটো মাত্ৰ গ্ৰীষ্মকালীন ছুটীত আনন্দ উপভোগ কৰাহে। নিজৰ অফিচৰ কাম ছুটী লৈ এদিন দুদিন ওচৰৰ ছিলংত গৈ আহিব পাৰে। তাত ভ্ৰমণ কৰি কিছু কথা শিকি দেখি আহিব পাৰে। এনেকুৱা একেলগে ফুৰিবলৈ গ’লে দূৰত্ব সমূহ আঁতৰি মৰমৰ এনাজৰী ডাল দৃঢ় হয়। আৰু যিসকলৰ ছাত্ৰ-ছাত্ৰীসকলে এই গ্ৰীষ্মকালীন বন্ধ পোৱা সময়ত নিজৰ পিতৃ মাতৃক খেতিয়কৰ কামত সহায় কৰি দিব লাগে। চৰকাৰে উৎকট গৰমৰ কাৰণে এই সময়ত বন্ধ দিয়ে। বাহিৰত বন্ধত্বৰ হৈতে বেছি গুৰা-ফুৰা কৰিব নালাগে। গৰমত কুল ড্ৰিং, ঠাডা পানী আদিৰ পৰা দূৰত থাকিব লাগে। এনে সাধাৰণ পানীহে বেছি ব্যৱহাৰ কৰিব লাগে। কাৰণে বেছি ঠাডা পানী, কুল ড্ৰিং, মাজা, স্পিৰত আদি খালে অতি সোনকালে বেমাৰ সবাত বেছিকৈ সম্ভাৱনা থাকে। আৰু লগতে প্ৰখৰ গৰমত কাম কৰি থাকিব নালাগে। বেমাৰি মানুহে উৎকট গৰমৰ পৰা নিজৰ শৰীৰক বচাব লাগে।