ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ বিষয়ে চমুকৈ | About Dr. Birinchikumar Baruah briefly

       অসমৰ এগৰাকী সুপণ্ডিত তথা প্ৰাচ্যতত্ত্ববিদ ড৹ বিৰিঞ্চিকুমাৰ বৰুৱাৰ জন্ম হয় নগাঁৱৰ বিখ্যাত খৰঙী বৰুৱা পৰিয়ালত ১৯১০ চনত। নগাঁৱতে স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ পৰা তেওঁ সুখ্যাতিৰে বি এ পাছ কৰে। ইয়াৰ পিছত কিছুদিন শিক্ষকতা কৰি পুনৰ কলিকতালৈ যায় আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পালি ভাষাত এম এ আৰু লগতে আইন পৰীক্ষাও পাছ কৰে। তেওঁ কলিকতা বিশ্ববিদ্যালয় আৰু কটন কলেজত অধ্যাপনা কৰাৰ পাছত পুনৰ উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায় আৰু তাৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি উভতি আহে। বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হোৱাত এই বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰে। তেওঁ অসমীয়া আৰু বঙালী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাম কৰাৰ উপৰি শ্ৰেণীসমূহপ ছেক্ৰেটাৰী আৰু কলাগুৰু আসনতো অধিষ্ঠিত হৈছিল। এইজনা পণ্ডিতৰ অকাল বিয়োগ ঘটে ১৯৬৪ চনত।

       পণ্ডিতপ্ৰৱৰ ড৹ বিৰিঞ্চি কুমাৰ বৰুৱাই ছাত্ৰাৱস্থাৰে পৰা সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। তেওঁ এজন গৱেষক পণ্ডিত হোৱাৰ উপৰি অসমীয়া সাহিত্য জগতত অনবদ্য সাহিত্য সৃষ্টিৰে বহুমূলীয়া অৱদান আগবঢ়াই গৈছে। তেওঁ বীণা বৰুৱা ছদ্মনামত ‘জীৱনৰ বাটত’(১৯৪৫) আৰু ৰাস্না বৰুৱা ছদ্মনামত ‘সেউজীয়া পাতৰ কাহিনী’(১৯৫৮) নামৰ দুখন উল্লেখযোগ্য উপন্যাস ৰচনা কৰে। তেওঁৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল— ‘অসমীয়া ভাষা আৰু সংস্কৃতি’(১৯৫৭), ‘অসমৰ লোক সংস্কৃতি’(১৯৬১), ‘অসমীয়া কথা-সাহিত্য’(১৯৫০), ‘চুইজাৰলেণ্ড ভ্ৰমণ’(১৯৪৫), ‘প্ৰফেচাৰ বৰুৱাৰ চিঠি’, ‘কাব্য আৰু অভিব্যঞ্জনা’, ‘পুৰণি অসমীয়া কথা-সাহিত্য’, ‘জাতকমালা’, ‘Studies in the Early Assamese Literature’, ‘A History of Assamese Literature’, ‘Modern Assamese Literature’, ‘Sankardeva, Vaishnava Saint of Assam’ ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *